বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি এফটিএ-ৰ অধীনত দ্বিপাক্ষিক বাণিজ্য সুচল কৰাৰ উদ্দেশ্যে ইলেক্ট্ৰনিক উৎপত্তি তথ্য আদান-প্ৰদান সম্পৰ্কীয় সহযোগিতা স্মাৰকপত্ৰ (এমঅ’চি)ত ভাৰত আৰু নিউজিলেণ্ডৰ স্বাক্ষৰ

ভাৰত-নিউজিলেণ্ড এমঅ’চি-য়ে শুল্ক সহযোগিতা অধিক সুদৃঢ় কৰিব আৰু বাণিজ্য সুচলকৰণ ব্যৱস্থাসমূহৰ ফলপ্ৰসূ ৰূপায়ণত সহায় কৰিব

পোষ্ট কৰা হৈছে: 21 OCT 2026 5:02PM by PIB Guwahati

ভাৰতৰ কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদ চিবিআইচি আৰু নিউজিলেণ্ড কাষ্টমছ ছাৰ্ভিচ এনজেডচিএছ-ৰ মাজত সামগ্ৰী বাণিজ্যৰ ইলেক্ট্ৰনিক উৎপত্তি তথ্য আদান-প্ৰদান সম্পৰ্কীয় সহযোগিতা স্মাৰকপত্ৰ (এমঅ’চি) স্বাক্ষৰিত হৈছে।

এই এমঅ’চি-য়ে দুয়োখন দেশৰ মাজত শুল্ক সহযোগিতা বৃদ্ধি আৰু দ্বিপাক্ষিক বাণিজ্য সুচল কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে। ২০২৬ চনৰ ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা ভাৰত-নিউজিলেণ্ড এফটিএ-ৰ অধীনত এই এমঅ’চি স্বাক্ষৰ কৰা হয়।

২০২৬ চনৰ ১৯ অক্টোবৰত চিবিআইচি-ৰ অধ্যক্ষ শ্ৰী বিবেক চতুৰ্বেদী আৰু নিউজিলেণ্ড কাষ্টমছ চাৰ্ভিচৰ কণ্ট্ৰ’লাৰ তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমতী ক্ৰিষ্টিন ষ্টিভেনছনে এই এমঅ’চি-ত স্বাক্ষৰ কৰে।

অধিক দক্ষ, সুৰক্ষিত আৰু ভৱিষ্যদ্বাণী কৰিব পৰা সীমান্তপাৰ বাণিজ্যৰ বাবে ডিজিটেলকৰণ তথা তথ্যৰ উন্নত আদান-প্ৰদানৰ সুবিধা গ্ৰহণৰ ক্ষেত্ৰত ভাৰত আৰু নিউজিলেণ্ডৰ উমৈহতীয়া প্ৰতিশ্ৰুতি এই এমঅ’চি-ত প্ৰতিফলিত হৈছে। সামগ্ৰী বাণিজ্যৰ উৎপত্তি সংক্ৰান্ত তথ্যৰ অগ্ৰিম ইলেক্ট্ৰনিক আদান-প্ৰদান সম্ভৱ কৰি তুলি এই ব্যৱস্থাই শুল্ক সহযোগিতা অধিক সুদৃঢ় কৰিব আৰু বাণিজ্য সুচলকৰণ পদক্ষেপসমূহৰ ফলপ্ৰসূ ৰূপায়ণত সহায় কৰিব।

ডিজিটেলকৰণ, তথ্যৰ আদান-প্ৰদান আৰু বাণিজ্য সুচলকৰণৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় পদ্ধতিসমূহৰ সৈতে দ্বিপাক্ষিক শুল্ক সহযোগিতাক সংগতিপূৰ্ণ কৰি তুলিবলৈ এই পদক্ষেপে এক দূৰদৰ্শী দৃষ্টিভংগীকো প্ৰতিফলিত কৰিছে। উৎপত্তি তথ্যৰ ইলেক্ট্ৰনিক আদান-প্ৰদানে কাৰ্যকৰী দক্ষতা বৃদ্ধি কৰিব, তথ্যৰ ব্যৱধান হ্ৰাস কৰিব আৰু দ্বিপাক্ষিক বাণিজ্যত জড়িত ব্যৱসায়ীসকলক অধিক নিশ্চিতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে, এই ব্যৱস্থাই ভাৰত–নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি এফটিএ-ৰ অধীনত বাণিজ্যিক অগ্ৰাধিকাৰসমূহৰ ফলপ্ৰসূ ব্যৱহাৰত সমৰ্থন জনাব আৰু চুক্তিৰ অধীনত নিৰ্ধাৰিত সুফলসমূহ যাতে দুয়োখন দেশৰ যোগ্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে অধিক কাৰ্যক্ষম তথা নিশ্চিতভাৱে লাভ কৰিব পাৰে, সেয়া সুনিশ্চিত কৰাত সহায় কৰিব।

 

***

KT/KMN/MM


(ৰিলিজ আই ডি : 2326386) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Malayalam