প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা কৰমজ্যোতিক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 21 OCT 2026 8:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ মহিলাৰ ডিস্কাছ থ্ৰ’ৰ এফ-৫৫ শাখাত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰা কৰমজ্যোতিক অভিনন্দন জনায়।

শ্ৰী মোদীয়ে কয় যে কৰমজ্যোতিৰ ক্ৰীড়া-যাত্ৰা অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ জৰিয়তে কেনেদৰে উল্লেখনীয় অগ্ৰগতি লাভ কৰিব পাৰি, তাৰ এক সুন্দৰ নিদৰ্শন।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত কৰা এটা পোষ্টত এইদৰে উল্লেখ কৰে—

“২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ মহিলাৰ ডিস্কাছ থ্ৰ’ৰ এফ-৫৫ শাখাত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি কৰমজ্যোতিয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। তেওঁক অভিনন্দন জনাইছোঁ। তেওঁৰ ক্ৰীড়া-যাত্ৰা অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ জৰিয়তে কেনেদৰে উল্লেখনীয় অগ্ৰগতি লাভ কৰিব পাৰি, তাৰ এক সুন্দৰ নিদৰ্শন।”

@narendramodi"

 

****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2326289) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Kannada