প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক জয় কৰা হিমাংশু নন্দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
20 OCT 2026 7:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ ২০২৬ -ত পুৰুষৰ ৪০০ মিটাৰ ফ্ৰীষ্টাইল S11 ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে হিমাংশু নন্দলক অভিনন্দন জনাইছে।
তেওঁৰ সুন্দৰ সাঁতোৰক প্ৰশংসা কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ প্ৰদৰ্শনে তেওঁৰ প্ৰচেষ্টা, সহনশীলতা আৰু অনুশাসন প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আনাগত ক্ৰীড়া যাত্ৰাৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ
‘হিমাংশু নন্দলৰ সুন্দৰ প্ৰদৰ্শন!
তেওঁ এছিয়ান পেৰা গেমছ ২০২৬ -ত পুৰুষৰ ৪০০ মিটাৰ ফ্ৰীষ্টাইল S11 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে।
তেওঁৰ প্ৰদৰ্শনে তেওঁৰ প্ৰচেষ্টা, সহনশীলতা আৰু অনুশাসন প্ৰতিফলিত কৰে। তেওঁক অভিনন্দন জনাইছো। তেওঁৰ অনাগত ক্ৰীড়া যাত্ৰাৰ বাবে তেওঁক শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi’
*****
MJPS/SS/VJ/PRK/MK
(ৰিলিজ আই ডি : 2325704)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
Urdu
,
English
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam