প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ এফ-৪৬ শাখাৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ পদক অৰ্জন কৰা ৰিংকু হুডাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 19 OCT 2026 10:13PM by PIB Guwahati

এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ এফ-৪৬ শাখাৰ জেভেলিন থ্ৰ’ত ৬৫.১১ মিটাৰ দূৰত্বলৈ সৰ্বশ্ৰেষ্ঠ নিক্ষেপেৰে স্বৰ্ণ পদক অৰ্জন কৰা ৰিংকু হুডাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনালে।

শ্ৰী মোদীয়ে কয় যে ৰিংকু হুডাৰ অসাধাৰণ প্ৰদৰ্শনে তেওঁৰ নিয়মানুৱৰ্তিতা আৰু নিষ্ঠাৰ পৰিচয় দাঙি ধৰিছে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ধাৰাবাহিক সফলতা কামনা কৰাৰ লগতে তেওঁ যাতে ভৱিষ্যতেও সাফল্যৰ নতুন শিখৰত উপনীত হ’ব পাৰে তাৰ বাবে আশা ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা বাৰ্তাত কয়—

“ৰিংকু হুডাৰ এক উল্লেখযোগ্য সাফল্য!

৬৫.১১ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰি এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱাৰ জৰিয়তে ৰিংকুৱে এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ এফ-৪৬ শাখাৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ পদক অৰ্জন কৰিছে! এনে অসাধাৰণ প্ৰদৰ্শনে তেওঁৰ নিয়মানুৱৰ্তিতা আৰু নিষ্ঠাৰ পৰিচয় দাঙি ধৰিছে। তেওঁ যাতে ভৱিষ্যতেও সাফল্যৰ নতুন  শিখৰত উপনীত হ’ব পাৰে তাৰেই  কামনা কৰিলোঁ।”

@narendramodi”

 

****

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2325647) অতিথি কক্ষ : 12