যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
নিচামুক্ত যুৱ অভিযানৰ পঞ্চম সপ্তাহত ‘মাই ভাৰত’ৰ উদ্যোগত ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১,১৭৪টা কাৰ্যসূচী অনুষ্ঠিত
যোগ, ধ্যান আৰু নিচামুক্ত ভাৰত সম্পৰ্কীয় সজাগতা কাৰ্যসূচীত ৩.৪৩ লাখ যুৱক-যুৱতী আৰু নাগৰিকৰ অংশগ্ৰহণ
পোষ্ট কৰা হৈছে:
19 OCT 2026 4:41PM by PIB Guwahati
বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযানৰ অংশ হিচাপে মেৰা যুৱ ভাৰত (মাই ভাৰত)-এ ১৭ অক্টোবৰ, ২০২৬ তাৰিখে ১০০ সপ্তাহজোৰা অভিযানৰ পঞ্চম সপ্তাহত “নিচামুক্ত যুৱৰ বাবে যোগ আৰু ধ্যান” আৰু “বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সন্দৰ্ভত আলোচনা” (প্ৰতিৱেশী যুৱ সংসদ) শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰে। আধ্যাত্মিক সংগঠন, বিশ্ববিদ্যালয়ৰ সংস্থা আৰু ঔদ্যোগিক সংগঠনসমূহৰ সহযোগত আয়োজিত এই পদক্ষেপৰ অধীনত ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লোৱা হয়। ইয়াৰ অধীনত অনুষ্ঠিত ১,১৭৪টা কাৰ্যসূচীত মুঠ ৩,৪৩,২৮৮গৰাকী যুৱক-যুৱতী আৰু নাগৰিকে অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীসমূহৰ ভিতৰত নিচামুক্ত যুৱৰ শপত গ্ৰহণ, যোগ আৰু ধ্যানৰ অধিৱেশন, সজাগতামূলক আলোচনা আৰু যুৱক-যুৱতীসকলৰ অংশগ্ৰহণমূলক কাৰ্যকলাপ আদি অন্তৰ্ভুক্ত আছিল। এই পদক্ষেপসমূহৰ লক্ষ্য আছিল সুস্থ জীৱনশৈলীক উৎসাহিত কৰা, শাৰীৰিক আৰু মানসিক সুস্থতাৰ প্ৰসাৰ ঘটোৱা আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। চুবুৰীয়া যুৱ সংসদৰ আলোচনাসমূহেও নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মত-বিনিময় আৰু যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰ বাবে এখন মঞ্চ প্ৰদান কৰে।

এই অভিযান ‘হাৰ্টফুলনেছ’, ‘প্ৰজেক্ট পইণ্ট’, চি আই পি ইউ, এছ’চেম, ফিকি (এফ আই চি চি আই), চি আই আই আৰু আদি অংশীদাৰ সংস্থাৰ সহযোগিতাত এই অভিযানটো আয়োজন কৰা হৈছিল। তেওঁলোকৰ অংশগ্ৰহণে সচেতনতা শক্তিশালী কৰিবলৈ আৰু যুৱক-যুৱতী তথা নাগৰিকসকলক অধিক স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিবলৈ আধ্যাত্মিক অনুষ্ঠান, উদ্যোগ সংস্থা আৰু অন্যান্য অংশীদাৰসকলৰ এক যৌথ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছিল।"
সমগ্ৰ অভিযানটোত ৩,৩৮০টা কাৰ্যকলাপ অনুষ্ঠিত কৰা হয় আৰু ৩,৪৩,২৮৮টা শপত গ্ৰহণ কৰা হয়। ইয়াৰ জৰিয়তে নিচামুক্ত ভাৰতৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰাৰ ক্ষেত্ৰত যুৱক-যুৱতী আৰু নাগৰিকসকলৰ ব্যাপক অংশগ্ৰহণ প্ৰতিফলিত হয়। এই কাৰ্যসূচীসমূহে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধ আৰু সমাজৰ তৃণমূল পৰ্যায়ত সজাগতা বৃদ্ধিৰ বাবে সামূহিক দায়বদ্ধতা গঢ়ি তোলাৰ উদ্দেশ্যে বিভিন্ন ক্ষেত্ৰৰ অংশীদাৰসকলক একত্ৰিত কৰে।
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত জনপ্ৰতিনিধি আৰু সহযোগী সংগঠনসমূহৰ সমৰ্থনত হোৱা ব্যাপক অংশগ্ৰহণে এখন সুস্থ আৰু নিচামুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত নিৰন্তৰ সামূহিক অংশগ্ৰহণৰ গুৰুত্ব পুনৰ প্ৰতিষ্ঠা কৰিছে। ১০০ সপ্তাহজোৰা অভিযানৰ জৰিয়তে ‘মাই ভাৰত’-এ “বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ”ৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ দিশত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ আৰু সামূহিক পদক্ষেপক উৎসাহিত কৰি আহিছে।
Pawan Singh Faujdar/UD
(ৰিলিজ আই ডি : 2325333)
অতিথি কক্ষ : 4