প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

স্বাৱলম্বন ২০২৬ — প্ৰাক্‌-উদ্বোধনী সংবাদমেল

পোষ্ট কৰা হৈছে: 19 OCT 2026 5:31PM by PIB Guwahati

ভাৰতীয় নৌসেনাৰ অন্যতম গুৰুত্বপূৰ্ণ নৌ-উদ্ভাৱন আৰু স্বদেশীকৰণ সম্পৰ্কীয় আলোচনাচক্ৰ ‘স্বাৱলম্বন ২০২৬’ৰ পঞ্চম সংস্কৰণৰ প্ৰাক্‌-উদ্বোধনী সংবাদমেলখন ২০২৬ চনৰ ১৯ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হয়। ভাৰতীয় নৌসেনাৰ উপ-প্ৰধান ভাইচ এডমিৰেল অজয় কোচাৰৰ অধ্যক্ষতাত এই সংবাদমেল অনুষ্ঠিত হয়।

 

নৌসেনাৰ উদ্ভাৱন আৰু স্বদেশীকৰণ সংস্থা (এন আই আই অ’)ৰ উদ্যোগত আয়োজিত বাৰ্ষিক আলোচনাচক্ৰ ‘স্বাৱলম্বন ২০২৬’ অহা ২৬ আৰু ২৭ অক্টোবৰত নতুন দিল্লীৰ মানেকশ্ব কেন্দ্ৰত অনুষ্ঠিত হ’ব। স্বাৱলম্বন ২০২৬-এ থলুৱা প্ৰযুক্তিগত উদ্ভাৱনক কাৰ্যকৰী সামৰ্থ্যলৈ ৰূপান্তৰ কৰাৰ লগতে আত্মনিৰ্ভৰতাৰ ভেটি অধিক শক্তিশালী কৰাৰ দিশত ভাৰতীয় নৌসেনাই অব্যাহত ৰখা প্ৰচেষ্টাক আগবঢ়াই নিব। এই আলোচনাচক্ৰত উদ্ভাৱক, ঔদ্যোগিক অংশীদাৰ, ষ্টাৰ্ট-আপ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম এছ এম ই), শিক্ষাজগতৰ প্ৰতিনিধি, বিনিয়োগকাৰী আৰু প্ৰতিৰক্ষা বাহিনীৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰি নতুনকৈ মূৰ দাঙি উঠা সামুদ্ৰিক নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'বৰ বাবে সহযোগিতামূলক সমাধানৰ সন্ধান কৰিব।

 

 

সংবাদ মাধ্যমক সম্বোধন কৰি নৌসেনাৰ উপ-প্ৰধানগৰাকীয়ে মন্তব্য কৰে যে ২০২২ চনৰ পৰা 'স্বাৱলম্বন'ৰ উত্তৰণে ভাৰতীয় নৌসেনাৰ কাৰ্যক্ষমতাৰ প্ৰয়োজনীয়তাসমূহক ভাৰতীয় উদ্যোগ আৰু শিক্ষাজগতৰ প্ৰযুক্তিগত ক্ষমতাৰ সৈতে সংযোগ কৰিছে। আধুনিক যুদ্ধৰ পৰিৱৰ্তনশীল স্বৰূপৰ ওপৰত গুৰুত্ব আৰোপ কৰি, নৌসেনাৰ উপাধ্যক্ষই নিৰ্দিষ্ট আৰু বিশেষ প্ৰযুক্তিসমূহক সাগৰত নিয়োজিত কৰিব পৰা ব্যৱস্থালৈ ৰূপান্তৰ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। দীৰ্ঘ দূৰত্বত কাৰ্যক্ৰম চলাই থকা আৰু দীৰ্ঘকাল ধৰি কৰ্তব্যত নিয়োজিত হৈ থকা নৌসেনাৰ বাবে, তেওঁ যুদ্ধৰ প্ৰস্তুতি, কাৰ্যক্ষমতাৰ নমনীয়তা আৰু ধাৰাবাহিক সক্ষমতা বৃদ্ধিৰ বাবে দীৰ্ঘস্থায়ী থলুৱা প্ৰযুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ আলোকপাত কৰে ।

 

স্বাৱলম্বন ২০২৬-ৰ প্ৰদৰ্শনীত বিভিন্ন বিষয়ভিত্তিক ক্ষেত্ৰ অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াত সফলতাৰ নিদৰ্শন হিচাপে পৰিগণিত হোৱা থলুৱা উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা হ’ব। এইসমূহৰ ভিতৰত সামুদ্ৰিক নিৰীক্ষণ, মানৱবিহীন আকাশী যান প্ৰতিহতকৰণ (কাউণ্টাৰ- ইউ এছ এছ), কৃত্ৰিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম প্ৰযুক্তি, পাৰমাণৱিক-জৈৱিক-ৰাসায়নিক প্ৰতিৰক্ষা (এন বি চি ডি), সুৰক্ষা আৰু কাৰ্যদক্ষতা বৃদ্ধিকাৰী প্ৰযুক্তি আদি বিশেষ প্ৰযুক্তিৰ ক্ষেত্ৰসমূহ অন্তৰ্ভুক্ত কৰা হ’ব। উদ্যোগসমূহৰ বাবে পুঁজিৰ সুযোগ, সম্ভাৱনাপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ সম্প্ৰসাৰণ আৰু থলুৱা প্ৰযুক্তিৰ বাণিজ্যিকীকৰণৰ বিষয়ে আলোচনাৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে ন-ন সম্ভাৱনাসম্পন্ন স্থানত পুঁজি বিনিয়োগৰ বাবে আগ্ৰহী ধনবান ব্যক্তি আৰু বিনিয়োগকাৰীসকলৰ সৈতে মত-বিনিময়ো এই আলোচনাচক্ৰৰ গুৰুত্বপূৰ্ণ অংশ হ’ব।

 

 

এইবাৰৰ আলোচনাচক্ৰই নৌ-অভিযানৰ সক্ষমতা বৃদ্ধি আৰু ভাৰতৰ সামুদ্ৰিক সামৰ্থ্যক সংস্কাৰমূলকভাৱে অধিক শক্তিশালী কৰাৰ সম্ভাৱনা থকা অনাগত দিনৰ আসন্ন প্ৰযুক্তিসমূহৰ বিষয়ে আলোচনাৰ বাবে এখন গতিশীল মঞ্চ প্ৰদান কৰিব। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সৈতে জড়িত আলোচনাচক্ৰত আত্মনিৰ্ভৰশীলতা, শক্তিশালী যোগান শৃংখল গঢ়ি তোলা, শৈক্ষিক উদ্যমশীলতাক উৎসাহিত কৰা আৰু ষ্টাৰ্ট-আপসমূহৰ সফলতাৰ যাত্ৰা দাঙি ধৰাৰ লগতে প্ৰতিৰক্ষা খণ্ডত উদ্ভাৱন আৰু প্ৰযুক্তিৰ বিকাশৰ বাবে প্ৰস্তুত কৰা পৰিৱেশতন্ত্ৰ ‘আইডেক্স’ ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন অধিৱেশন অনুষ্ঠিত হ’ব।

 

 

স্বাৱলম্বন ২০২৬-ৰ সময়ছোৱাতেই ‘স্বাৱলম্বন ৫.০’ নথি, ‘প্ৰযুক্তিগত অপৰিহাৰ্যতা’ বিষয়ক সংকলন আৰু ‘নেভেল ইউনিফাইড ছিষ্টেমছ, ইথাৰনেট এণ্ড টেকটিকেল ইউটিলাইজেচন (”নউসেতু”) ইণ্টাৰফেচ মানদণ্ড’ উন্মোচন কৰা হ’ব।

 

 

আধুনিক যুদ্ধৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তাৰ সৈতে প্ৰযুক্তিগত লক্ষ্যসমূহৰ সামঞ্জস্য স্থাপন কৰি ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুত এটা নৌবাহিনী গঢ়ি তোলাৰ উদ্দেশ্যে ভাৰতীয় নৌসেনা আৰু উদ্ভাৱনী পৰিৱেশতন্ত্ৰৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰাই এই অনুষ্ঠানৰ লক্ষ্য।

 

 

***

VM/SPS/UD


(ৰিলিজ আই ডি : 2325326) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil