প্ৰতিৰক্ষা মন্ত্ৰালয়
তিৰুৱনন্তপুৰমত ভাৰত-অষ্ট্ৰেলিয়াৰ যৌথ সামৰিক কুচকাৱাজ 'অষ্ট্ৰাহিন্দ'ৰ পঞ্চম সংস্কৰণ আৰম্ভ
পোষ্ট কৰা হৈছে:
19 OCT 2026 7:35PM by PIB Guwahati
কেৰালাৰ তিৰুৱনন্তপুৰমস্থিত ফৰেইন ট্ৰেইনিং ন’ডত আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত যৌথ সামৰিক অনুশীলন ‘অষ্ট্ৰাহিন্দ-২০২৬’ৰ পঞ্চম সংস্কৰণ আৰম্ভ হৈছে।
১৯ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ আয়োজিত এই অনুশীলনত ভাৰতীয় সেনা আৰু অষ্ট্ৰেলিয়াৰ সেনাৰ প্ৰায় ১২০ জনকৈ জোৱানে অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে চতুৰ্থ সংস্কৰণৰ অনুশীলন ২০২৫ চনৰ ১৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ অষ্ট্ৰেলিয়াৰ পাৰ্থস্থিত আৰউইন বেৰেকছত অনুষ্ঠিত হৈছিল।
ভাৰতীয় সেনাৰ দলটোত গড়ৱাল ৰাইফলছৰ জোৱানৰ লগতে অন্যান্য শাখা আৰু সেৱাৰ কৰ্মীসকলো অন্তৰ্ভুক্ত হৈছে। আনহাতে, অষ্ট্ৰেলিয়াৰ সেনাৰ দলটোত দেশখনৰ ১৩ ব্ৰিগেডৰ জোৱানসকলে অংশগ্ৰহণ কৰিছে।
ৰাষ্ট্ৰসংঘৰ চনদৰ সপ্তম অধ্যায়ৰ অধীনত দ্বীপ আৰু উপকূলীয় পৰিৱেশত যৌথ উপ-পৰম্পৰাগত অভিযান পৰিচালনা কৰাক এই অনুশীলনৰ মূল বিষয়বস্তু হিচাপে গ্ৰহণ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে দ্বীপ আৰু উপকূলীয় ভূখণ্ডত অভিযান চলোৱাৰ বাবে ৰণনীতি, কৌশল আৰু প্ৰক্ৰিয়াসমূহৰ এক উমৈহতীয়া বুজাবুজি গঢ়ি তোলাৰ লগতে দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত পাৰস্পৰিক কাৰ্যক্ষমতা, যৌথ মনোভাৱ আৰু কাৰ্যক্ষম সমন্বয় বৃদ্ধি কৰা।
অনুশীলনৰ সময়ছোৱাত দুয়োখন দেশৰ সেনাৰ জোৱানসকলে বাস্তৱসন্মত অভিযানৰ পৰিস্থিতিত যৌথ পৰিকল্পনা, কৌশলগত অনুশীলন আৰু যুদ্ধভিত্তিক প্ৰশিক্ষত অংশগ্ৰহণ কৰিব। ইয়াত আকাশী আৰু সামুদ্ৰিক দিশসমূহো অন্তৰ্ভুক্ত থাকিব। প্ৰশিক্ষণত উপকূলীয় আৰু দ্বীপাঞ্চলত সমন্বিত অভিযান, নিৰীক্ষণ আৰু অনুসন্ধান, গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা আৰু মানৱীয় সাহায্য তথা দুৰ্যোগ সাহায্য সম্পৰ্কীয় জৰুৰী পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বিষয়ত গুৰুত্ব দিয়া হ’ব। ইয়াৰ উপৰি দুয়োখন দেশৰ সেনাৰ মাজত পেছাদাৰী অভিজ্ঞতা আৰু উত্তম কাৰ্যপদ্ধতি আদান-প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ এটা পৰ্যবেক্ষক প্ৰতিনিধি দলেও এই অনুশীলনত অংশগ্ৰহণ কৰিব।
‘অষ্ট্ৰাহিন্দ-২০২৬’ অনুশীলনে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সামৰিক সহযোগিতা, পাৰস্পৰিক কাৰ্যক্ষমতা আৰু বিশ্বাস অধিক সুদৃঢ় কৰিব। তদুপৰি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সুস্থিৰতা আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ ক্ষেত্ৰত দুয়োখন দেশৰ উমৈহতীয়া অংগীকাৰকো এই অনুশীলনে পুনৰ দৃঢ় কৰিব।

***
Nishant/ Rinku/UD
(ৰিলিজ আই ডি : 2325324)
অতিথি কক্ষ : 4