মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশেষ অভিযান ৬ৰ অংশ হিচাপে প্ৰশাসনিক দক্ষতা, বিদ্যালয় চৌহদৰ স্বচ্ছতা আৰু দায়িত্বশীল ই-আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ

২০২৬ চনৰ ২৮ অক্টোবৰত দেশজুৰি ই-আৱৰ্জনা সজাগতা আৰু সংগ্ৰহ অভিযানৰ আয়োজন কৰা হ’ব

পোষ্ট কৰা হৈছে: 18 OCT 2026 8:37PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে প্ৰশাসনিক দক্ষতা বৃদ্ধি, বিদ্যালয় চৌহদসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধি কৰা আৰু দায়িত্বশীল ইলেক্ট্ৰনিক আৱৰ্জনা (ই-আৱৰ্জনা) ব্যৱস্থাপনা সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ, ২০২৬ লৈ সক্ৰিয়ভাৱে " বিশেষ অভিযান ৬“ ৰূপায়ণ কৰি আছে। এই অভিযানৰ আন এটা লক্ষ্য হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সমাজক বহনক্ষম পদ্ধতিসমূহ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা।

বিশেষ অভিযান ৬ৰ মূল গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতমসমূহ হ’ল:

১. কাৰ্যালয়ৰ কাম-কাজত বাকী থকা কামৰ পৰিমাণ হ্ৰাস কৰা আৰু কৰ্মদক্ষতা বৃদ্ধি কৰা

কাৰ্যালয়ৰ বাকী থকা কামৰ বোজা হ্ৰাস কৰা, বিভিন্ন শ্ৰেণীৰ ফাইলসমূহ পুনৰীক্ষণ কৰা, নথিপত্ৰ ডিজিটাইজ কৰা, অপ্ৰয়োজনীয় আৰু পুৰণি ফাইলসমূহ আঁতৰোৱা তথা নথি ব্যৱস্থাপনা অধিক সুদৃঢ় কৰাৰ বাবে বিভাগটো আৰু ইয়াৰ অধীনস্থ সংস্থাসমূহৰ মাজত প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে প্ৰশাসনিক প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰা, কাৰ্যালয়ৰ স্থানৰ সৰ্বোত্তম ব্যৱহাৰ সুনিশ্চিত কৰা আৰু কাৰ্যকলাপ অধিক ফলপ্ৰসূ কৰি তোলা।

২. বিদ্যালয় চৌহদসমূহৰ স্বচ্ছতা প্ৰসাৰ

মিছন লাইফ (Mission LiFE)-ৰ বাবে গঠন কৰা ইক’ ক্লাবসমূহৰ নেতৃত্বত, সমগ্ৰ দেশৰ বিদ্যালয়সমূহে চৌহদ চাফ-চিকুণ আৰু স্বাস্থ্যকৰ কৰি ৰাখিবলৈ অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলাই আছে। এই প্ৰচেষ্টাসমূহৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থী আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলৰ মাজত স্বচ্ছতা আৰু সামূহিক দায়িত্ববোধৰ মনোভাৱ দৃঢ় কৰা, যাতে এক স্বাস্থ্যকৰ শিক্ষণ পৰিৱেশ গঢ়ি তুলিব পৰা যায়।

৩. বিদ্যালয়সমূহত ই-আৱৰ্জনা সজাগতা আৰু সংগ্ৰহ প্ৰক্ৰিয়া সুদৃঢ়কৰণ

বিশেষ অভিযান ৬ৰ অংশ হিচাপে আৰু মিছন লাইফৰ ইক’ ক্লাবসমূহৰ উদ্যোগত দেশজুৰি বিদ্যালয়সমূহত ই-আৱৰ্জনা সজাগতা আৰু সংগ্ৰহ অভিযান চলোৱা হৈছে, যাতে ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলক দায়িত্বশীল ই-আৱৰ্জনা ব্যৱস্থাপনাৰ গুৰুত্ব সম্পৰ্কে সচেতন কৰি তুলিব পৰা যায়।

এই কাৰ্যসূচীসমূহত ইলেক্ট্ৰনিক আৱৰ্জনাবোৰে পৰিৱেশৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ই-আৱৰ্জনা হ্ৰাস কৰি আৰু বাতিল হোৱা সামগ্ৰীসমূহ অনুমোদিত ব্যৱস্থাৰ জৰিয়তে নিষ্কাষণ কৰাটো সুনিশ্চিত কৰি ই-আৱৰ্জনা ব্যৱস্থাপনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

এই প্ৰয়াসসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ মনত পৰিৱেশ-সচেতন আচৰণ গঢ়ি তোলাৰ লগতে বহনক্ষম কাৰ্যপদ্ধতিৰ প্ৰসাৰত বিদ্যালয়সমূহৰ ভূমিকাক আৰু অধিক শক্তিশালী কৰিব বিচাৰিছে।

৪. কৰ্তব্য ভৱন ২ত ই-আৱৰ্জনাৰ বাকচ আৰু দেৱাল শিল্প স্থাপন

২০২৬ চনৰ ১৪ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় ই-আৱৰ্জনা দিৱস উপলক্ষে ডিঅ’এছইএলে কৰ্তব্য ভৱন ২ত এটা সৃষ্টিশীল ই-আৱৰ্জনাৰ দেৱাল শিল্প আৰু ই-আৱৰ্জনা পেলোৱা বাকচ স্থাপন কৰে। এই দেৱাল শিল্পটো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সংগ্ৰহ কৰা ৫০ কিলোগ্ৰাম ই-আৱৰ্জনাৰে নিৰ্মাণ কৰা হৈছে।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু মিছন লাইফৰ ইক’ ক্লাবসমূহৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই দেৱাল শিল্পটোৱে “হ্ৰাস কৰক, পুনৰ ব্যৱহাৰ কৰক আৰু পুনৰাবৰ্তন কৰক” বাৰ্তা প্ৰচাৰ কৰিছে। এই বাকচসমূহে পেলাই দিয়া ইলেক্ট্ৰনিক সামগ্ৰীসমূহ সংগ্ৰহৰ বাবে এক নিৰ্দিষ্ট সুবিধা প্ৰদান কৰে আৰু প্ৰতিষ্ঠানিক পৰিৱেশত সঠিক ই-আৱৰ্জনা ব্যৱস্থাপনাৰ গুৰুত্বক পুনৰ সুদৃঢ় কৰে।

৫. পৰিৱেশ অনুকূলতাৰ প্ৰতি অংগীকাৰ

২০২৬ চনৰ ২৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া দেশজোৰা ই-আৱৰ্জনা সজাগতা আৰু সংগ্ৰহ অভিযানৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ ডিঅ’এছইএলৰ সচিব শ্ৰী টি কে অনিল কুমাৰে ২০২৬ চনৰ ১৬ অক্টোবৰত ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল আৰু স্বায়ত্তশাসিত সংস্থাসমূহৰ সৈতে এখন ভিডিঅ’ কনফাৰেন্সত সভাপতিত্ব কৰে। সচিবগৰাকীয়ে অংশগ্ৰহণকাৰীসকলক আইইচি অভিযানসহ সম্পাদন কৰিবলগীয়া কাৰ্যসূচীসমূহৰ বিষয়ে অৱগত কৰে আৰু বিদ্যালয়সমূহত সংগ্ৰহ কৰা ই-আৱৰ্জনা অনুমোদিত বিক্ৰেতাসকলক হস্তান্তৰ কৰাৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মিছন লাইফৰ ইক’ ক্লাবসমূহৰ উদ্যোগত বিদ্যালয় পৰ্যায়ৰ স্বচ্ছতা অভিযানৰ সৈতে ই-আৱৰ্জনা সজাগতা আৰু সংগ্ৰহৰ প্ৰচেষ্টাক একত্ৰিত কৰি বিশেষ অভিযান ৬য়ে এক পৰিষ্কাৰ তথা পৰিৱেশ-দায়িত্বশীল শিক্ষানুষ্ঠান গঢ়ি তোলাৰ ক্ষেত্ৰত সামূহিক পদক্ষেপৰ গুৰুত্বক অধিক সুদৃঢ় কৰি তুলিছে।

 

 

*****

RRTN/MM


(ৰিলিজ আই ডি : 2324993) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: Urdu , English , हिन्दी