বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
ৰপ্তানিৰ সুযোগ শক্তিশালী কৰিবলৈ জয়পুৰত “"এফটিএৰ সুবিধা গ্ৰহণ" শীৰ্ষক সজাগতামূলক কাৰ্যসূচী আয়োজন বাণিজ্য বিভাগৰ
এফটিএ সজাগতামূলক কাৰ্যসূচীৰ লক্ষ্য হৈছে ৰপ্তানিকাৰকসকলৰ সজাগতা বৃদ্ধি কৰা আৰু বাণিজ্য চুক্তিসমূহৰ কাৰ্যকৰী ব্যৱহাৰক উদগনি যোগোৱা
পোষ্ট কৰা হৈছে:
17 OCT 2026 6:27PM by PIB Guwahati
ৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহ (এফটিএ)-ৰ অধীনত উপলব্ধ সুবিধাসমূহ সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু ৰপ্তানিকাৰকসকলৰ দ্বাৰা সেইবোৰৰ ফলপ্ৰসূ ব্যৱহাৰ সহজসাধ্য কৰি তোলাৰ উদ্দেশ্যে বাণিজ্য বিভাগে ৰাজস্থানৰ জয়পুৰত "এফটিএৰ সুবিধা গ্ৰহণ – সজাগতামূলক কাৰ্যসূচী" শীৰ্ষক এক সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰী মোহিত যাদৱে ভাষণ প্ৰদান কৰে আৰু ইয়াত বিভিন্ন খণ্ডৰ ৰপ্তানিকাৰকসকলৰ লগতে ৰাজস্থান চৰকাৰ, বৈদেশিক বাণিজ্য সঞ্চালক প্ৰধান (ডিজিএফটি), জয়পুৰ বিশেষ অৰ্থনৈতিক অঞ্চল আৰু ৰত্ন তথা অলংকাৰ ৰপ্তানি প্ৰসাৰ পৰিষদ (জিজেইপিচি)-ৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীয়ে বাণিজ্য বিভাগ, ৰাজ্য চৰকাৰসমূহ, উদ্যোগ সন্থাসমূহ আৰু ৰপ্তানিকৰ্তাৰ মাজত লক্ষ্যভিত্তিক তথ্য, ক্ষমতা নিৰ্মাণ, ব্যৱহাৰিক পথনিৰ্দেশনা আৰু সমন্বয়ৰ জৰিয়তে মুক্ত বাণিজ্য চুক্তি সমূহৰ অধীনত অগ্ৰাধিকাৰমূলক বজাৰ প্ৰৱেশক ভাৰতীয় উদ্যোগসমূহৰ বাবে ৰপ্তানিৰ সুযোগলৈ ৰূপান্তৰ কৰাত সহায় কৰাৰ লক্ষ্য লৈছিল।
গোলকীয় অৰ্থনীতিৰ সৈতে ভাৰতৰ ক্ৰমবৰ্ধমান সম্পৰ্কৰ প্ৰেক্ষাপটত এই কাৰ্যসূচীটো যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। নতুন দিল্লীৰ ব্লুমবাৰ্গ নিউ ইক’নমি ফ’ৰামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "আমাৰ নিৰন্তৰ প্ৰচেষ্টা হৈছে ভাৰতৰ সামৰ্থ্যই যাতে আন দেশসমূহৰ বাবেও সুযোগৰ নতুন দুৱাৰ মুকলি কৰে সেয়া নিশ্চিত কৰা।" ১৫ আগষ্ট ২০২৬ তাৰিখে স্বাধীনতা দিৱসৰ ভাষণত আৰু অন্যান্য অনুষ্ঠানতো প্ৰধানমন্ত্ৰীয়ে গোলকীয় বজাৰত প্ৰৱেশৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড পূৰণৰ গুৰুত্বৰ ওপৰত জোৰ দিয়াৰ সমান্তৰালভাৱে ভাৰতীয় উৎপাদক, কৃষক আৰু সূক্ষ্ম, ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগসমূহৰ বাবে মুক্ত বাণিজ্য চুক্তি সমূহে সৃষ্টি কৰা সুযোগসমূহৰ কথা আলোকপাত কৰিছিল।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলেও ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহে আগবঢ়োৱা বাণিজ্যিক সুযোগসমূহৰ ওপৰতো আলোকপাত কৰে, আৰু উল্লেখ কৰে যে পছন্দৰ বজাৰৰ প্ৰৱেশাধিকাৰে কৃষক, মহিলা উদ্যোগী, যুৱ প্ৰজন্ম, এমএছএমই ( সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ) , শিল্পী আৰু উদ্যোগসমূহৰ বাবে সুযোগ সৃষ্টি কৰিব পাৰে । তেওঁ গুণগত মান আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ ওপৰত গুৰুত্ব দি হ্ৰাস কৰা বা শূন্য শুল্কৰ প্ৰৱেশ সুবিধা ব্যৱহাৰ কৰিবলৈ ব্যৱসায়ীসকলক আহ্বান জনায়।
সামগ্ৰী আৰু সেৱা উভয়তে ভাৰতৰ ৰপ্তানিয়ে বিকাশৰ ধাৰা অব্যাহত ৰাখিছে। ২০২৬–২৭ বৰ্ষৰ এপ্ৰিল–ছেপ্টেম্বৰ মাহৰ ভিতৰত সামূহিক ৰপ্তানি ৪৭৬.২০ বিলিয়ন মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছে, যাৰ তুলনাত ২০২৫–২৬ বৰ্ষৰ একে সময়ছোৱাত ই আছিল ৪১৮.৩১ বিলিয়ন মাৰ্কিন ডলাৰ; অৰ্থাৎ এইক্ষেত্ৰত আনুমানিক ১৩.৮৪% বৃদ্ধি নথিভুক্ত হৈছে। ছেপ্টেম্বৰ ২০২৬-ত বাণিজ্যিক সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ মুখ্য কাৰকসমূহৰ ভিতৰত আছিল ইলেক্ট্ৰনিক সামগ্ৰী, পেট্ৰ’লিয়ামজাত সামগ্ৰী, জৈৱিক আৰু অজৈৱিক ৰাসায়নিক পদাৰ্থ, অভিযান্ত্ৰিক সামগ্ৰী, আৰু কপাহী সূতা, কাপোৰ, প্ৰস্তুত সামগ্ৰী তথা হস্ততাঁতৰ বস্ত্ৰ।
এই কাৰ্যসূচীয়ে ৰাজস্থানৰ ৰপ্তানিকাৰকসকলক ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহৰ অধীনত থকা সুযোগসমূহ আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত বজাৰ প্ৰৱেশাধিকাৰ লাভ কৰাৰ ব্যৱহাৰিক প্ৰত্যাহ্বানসমূহ সম্পৰ্কে আলোচনা কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰে। সংযুক্ত আমিৰ শ্ৱাহী, অষ্ট্ৰেলিয়া, ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (ইএফটিএ) অন্তৰ্ভুক্ত দেশসমূহ আৰু যুক্তৰাজ্যকে ধৰি সহযোগী দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্য চুক্তি আৰু ব্যৱস্থাসমূহে ভাৰতীয় সামগ্ৰী আৰু সেৱাসমূহক বিদেশী গ্ৰাহক, ক্ৰেতা, বিনিয়োগকাৰী আৰু মূল্য শৃংখলত প্ৰৱেশ কৰাৰ সুযোগ আগবঢ়ায়, যিটো সংশ্লিষ্ট চুক্তিসমূহৰ ব্যৱস্থা আৰু কাৰ্যকৰীকৰণৰ স্থিতিৰ সাপেক্ষে নিৰ্ধাৰণ হয়।
আলোচনাত ৰপ্তানিৰ বাবে সাজু সামগ্ৰী চিনাক্ত কৰা, শুল্ক অগ্ৰাধিকাৰ আৰু মূল দেশৰ নিয়ম বুজি পোৱা, গুণগত মান আৰু প্ৰমাণীকৰণৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা, আৰু বিদেশী ক্ৰেতাসকলৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। ব্যৱসায়ীসকলে ভাৰতৰ বাণিজ্য চুক্তিসমূহৰ অধীনত উপলব্ধ বজাৰ প্ৰৱেশাধিকাৰৰ ফলপ্ৰসূ ব্যৱহাৰ কৰিবলৈ এই ক্ষেত্ৰসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ।
জয়পুৰৰ বৈদেশিক বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক প্ৰধান শ্ৰী মহম্মদ মইন আফাকে ভাৰতৰ শেহতীয়া মুক্ত বাণিজ্য চুক্তিসমূহৰ অধীনত ৰত্ন আৰু অলংকাৰ খণ্ডৰ বাবে ৰপ্তানিৰ সুযোগ সম্পৰ্কে এক খণ্ড-ভিত্তিক উপস্থাপন দাঙি ধৰে। উপস্থাপনটোত উল্লেখ কৰা হয় যে গোলকীয় ৰত্ন আৰু অলংকাৰ ৰপ্তানিকাৰকসকলৰ মাজত ভাৰতে অষ্টম স্থান দখল কৰিছে আৰু ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ গোলকীয় বজাৰত দেশখনৰ অংশীদাৰিত্ব ২.৯%। ইয়াত ভাৰতৰ নতুন এফটিএসমূহৰ অধীনত উপলব্ধ আমদানি বজাৰৰ সুযোগসমূহৰ ৰূপৰেখাও তুলি ধৰা হয়, যাৰ ভিতৰত প্ৰতিখন চুক্তিতে শুল্ক শাখাসমূহৰ অধীনত তাৎক্ষণিক শুল্কমুক্ত প্ৰৱেশৰ ব্যৱস্থাও অন্তৰ্ভুক্ত আছে বুলি উপস্থাপনাত উল্লেখ কৰা হয়।
উপস্থাপনত প্ৰধান যোগানকাৰী দেশসমূহৰ তুলনাত ভাৰতৰ প্ৰতিযোগিতামূলক স্থিতি পৰীক্ষা কৰা হয় আৰু এনে কিছুমান সামগ্ৰীৰ শ্ৰেণী তথা মুক্ত বাণিজ্য চুক্তিসমূহৰ বজাৰ চিনাক্ত কৰা হয় য’ত ভাৰতীয় ৰপ্তানিকাৰকসকলে শুল্কৰ সুবিধা লাভ কৰিব পাৰে। পৰীক্ষাগাৰত উৎপাদিত হীৰাৰ অলংকাৰ, ৰঙীন মণি-মুকুতা, কুন্দন-মিনাকাৰী ঐতিহ্যমণ্ডিত আভূষণ, স্মাৰ্ট আৰু পিন্ধনযোগ্য গহনা, পুনৰ্ব্যৱহাৰযোগ্য তথা নৈতিকভাৱে সংগ্ৰহ কৰা সোণৰ অলংকাৰ, আৰু মুক্তা তথা কৃটিমভাৱে উৎপাদিত মুক্তাৰ অলংকাৰৰ ক্ষেত্ৰত নব্য সুযোগসমূহ তুলি ধৰা হয়। ৰত্ন আৰু অলংকাৰ খণ্ডত ৰাজ্যখনৰ সুপ্ৰতিষ্ঠিত স্থিতিলৈ চাই এই সুযোগসমূহ বিশেষভাৱে ৰাজস্থানৰ বাবে অত্যন্ত প্ৰাসংগিক।
বস্ত্ৰ আৰু সাজ-পোছাক, হস্তশিল্প, ৰত্ন আৰু অলংকাৰ, অভিযান্ত্ৰিক সামগ্ৰী, শিল আৰু খনিজ পদাৰ্থ, আৰু কৃষি তথা প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰীৰ জৰিয়তে ভাৰতৰ ৰপ্তানি বৃদ্ধিত অৰিহণা যোগোৱাৰ বাবে ৰাজস্থানৰ যথেষ্ট সম্ভাৱনা আছে। ৰাজস্থান অৰ্থনৈতিক সমীক্ষা ২০২৪–২৫-ত ৰাজস্থান ৰপ্তানি প্ৰসাৰ নীতি (আৰইপিপি) ২০২৪-ৰ অধীনত পৰিকল্পনা কৰা অনুসৰি ২০২৯ চনৰ ভিতৰত ৰাজ্যখনক ৩৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিলৈ উন্নীত কৰা আৰু ২০২৯ চনৰ ভিতৰত ১.৫ লাখ কোটি টকাৰ ৰপ্তানি অৰ্জন কৰাৰ লক্ষ্যৰ ৰূপৰেখা দাঙি ধৰা হৈছে। ৰাজস্থান বাজেট ২০২৬–২৭-তো ২০৪৭ চনৰ ভিতৰত ৪.৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি গঢ়াৰ লক্ষ্যৰে 'বিকশিত ৰাজস্থান @ ২০৪৭'-ৰ দৃষ্টিভংগী নিৰ্ধাৰণ কৰা হৈছে। এই উদ্দেশ্যসমূহে ২০৪৭ চনৰ ভিতৰত 'বিকশিত ভাৰত' গঢ়াৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখিছে।
খাদ্য সুৰক্ষা, সন্ধানযোগ্যতা আৰু অন্যান্য আমদানিকাৰক দেশৰ প্ৰয়োজনীয়তাসমূহ পালন কৰাৰ সাপেক্ষে ৰাজস্থানৰ কৃষক আৰু কৃষক উৎপাদক সংগঠনসমূহক (এফপিঅ’) যোগ্য কৃষি সামগ্ৰী, মিলেট, মছলা আৰু প্ৰক্ৰিয়াকৃত খাদ্যৰ বাবে নতুন বজাৰ লাভ কৰাৰ সুযোগ এফটিএসমূহে প্ৰদান কৰিব পাৰে। বস্ত্ৰ, হস্তশিল্প, অলংকাৰ আৰু অভিযান্ত্ৰিক খণ্ডত নিয়োজিত এমএছএমই আৰু শিল্পীসকলৰ বাবে শুল্ক অগ্ৰাধিকাৰে মূল্যৰ প্ৰতিযোগিতামূলক ক্ষমতা উন্নত কৰিব পাৰে আৰু আন্তঃৰাষ্ট্ৰীয় যোগান শৃংখলত অংশগ্ৰহণক সমৰ্থন জনাব পাৰে। মহিলাৰ দ্বাৰা পৰিচালিত উদ্যোগ আৰু আত্মসহায়ক গোটসমূহে ৰপ্তানি প্ৰশিক্ষণ, ই-কমাৰ্চ আৰু ক্ৰেতাৰ সৈতে সংযোগৰ পৰা লাভৱান হ’ব পাৰে, আনহাতে তুলনামূলকভাৱে ডাঙৰ ব্যৱসায়ীসকলে বিনিয়োগ, প্ৰযুক্তি অংশীদাৰিত্ব আৰু বজাৰ বহুমুখীকৰণৰ সুযোগ অন্বেষণ কৰিব পাৰে। উপলব্ধ সুবিধাসমূহ সামগ্ৰী, অংশীদাৰ দেশ আৰু প্ৰযোজ্য মুক্ত বাণিজ্য চুক্তিসমূহৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব।
জয়পুৰ, যোধপুৰ, উদয়পুৰ, ভিলৱাৰা আৰু অন্যান্য জিলাসমূহৰ উদ্যোগবোৰক আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আৰু যোগান শৃংখলৰ সৈতে সংযুক্ত কৰি এই সজাগতামূলক কাৰ্যসূচীয়ে গোলকীয় বাণিজ্যত ৰাজস্থানৰ অংশগ্ৰহণ শক্তিশালী কৰিব বিচাৰে। বাণিজ্য অগ্ৰাধিকাৰ, ৰপ্তানি নথি-পত্ৰ, সামগ্ৰীৰ মানদণ্ড, লজিষ্টিকছ আৰু বজাৰ সংক্ৰান্ত তথ্য সম্পৰ্কে অধিক সজাগতাই প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰা ব্যৱসায়ীসকলক ঘৰুৱা বজাৰৰ পৰিধি ভাঙি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ সম্প্ৰসাৰিত হোৱাত সহায় কৰিব পাৰে।
ঔদ্যোগিক এলেকা আৰু পাৰ্কসমূহৰ উন্নয়নৰ পদক্ষেপ, ৰপ্তানিকেন্দ্ৰিক খণ্ড-ভিত্তিক টাস্ক ফ’ৰ্চ, আৰু ঋণ সুবিধা, আৰ্থিক প্ৰৰোচনা, বজাৰ সংযোগ, দক্ষতা বিকাশ, গুণগত মানৰ প্ৰমাণীকৰণ, প্ৰযুক্তিগত উন্নীতকৰণ তথা ই-কমাৰ্চক উৎসাহিত কৰা নীতি আৰু আঁচনিসমূহৰ সৈতে ৰাজ্য চৰকাৰৰ সমৰ্থনে উদ্যোগশীলতা, কৰ্মসংস্থাপন আৰু জীৱিকাৰ দিশটোক অধিক সহায় কৰিব পাৰে। এই প্ৰচেষ্টাসমূহে 'বিকশিত ৰাজস্থান ২০৪৭'-ৰ অধীনত ৰাজ্যখনৰ উন্নয়নমূলক আকাংক্ষাসমূহ আৰু 'বিকশিত ভাৰত ২০৪৭'-ৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীত বৰঙণি আগবঢ়াব পাৰে।
***
Abhishek Dayal/Garima Singh/Anushka Pandey/MM
(ৰিলিজ আই ডি : 2324815)
অতিথি কক্ষ : 4