বিত্ত মন্ত্ৰালয়
আই ডি বি আই বেংক লিমিটেডৰ কৌশলগত পুনৰ্গঠন সন্দৰ্ভত সঘনাই সোধা প্ৰশ্ন (এফ এ কিউ)
পোষ্ট কৰা হৈছে:
14 OCT 2026 4:51PM by PIB Guwahati
প্ৰশ্ন ১। আই ডি বি আই বেংক লিমিটেডৰ কৌশলগত ক্ৰেতা কোন?
উত্তৰঃ আই ডি বি আই বেংক লিমিটেডৰ কৌশলগত ক্ৰেতা হিচাপে অনুমোদিত হৈছে মেচাৰ্ছ ১০৯৫৫২৩০ কানাডা ইনক’ৰ্পোৰেটেড (মূল সংস্থা মেচাৰ্ছ ফেয়াৰফেক্স ফাইনেন্সিয়েল হ’ল্ডিংছ লিমিটেড)।
প্ৰশ্ন ২। এই লেনদেনৰ পৰিমাণ কিমান?
উত্তৰঃ এই লেনদেনৰ পৰিমাণ হৈছে ৫২,৮৭৮.০৮০৬১৮১ কোটি টকা (বাৱন্ন হাজাৰ আঠশ আঠসত্তৰ কোটি আঠ লাখ ছহাজাৰ এশ একাশী কোটি টকা)।
প্ৰশ্ন ৩। ইয়াক ভাৰত চৰকাৰ (জি অ’ আই) আৰু ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) ৰ মাজত কেনেদৰে ভাগ কৰা হ'ব?
উত্তৰঃ এই লেনদেনৰ জৰিয়তে আই ডি বি আই বেংক লিমিটেডৰ মুঠ শ্বেয়াৰহ’ল্ডিঙৰ ৬০.৭২% অংশ বিক্ৰী কৰা হৈছে। ইয়াত আছে ভাৰত চৰকাৰৰ ৩০.৪৮% আৰু এল আই চিৰ ৩০.২৪% অংশ। আয়বোৰ একে অনুপাতত ভাগ কৰা হ’ব।
প্ৰশ্ন ৪। নিলাম প্ৰক্ৰিয়াত কিমানটা সংস্থা জড়িত আছিল?
উত্তৰঃ এই প্ৰক্ৰিয়াত পাঁচটা প্ৰতিষ্ঠানে প্ৰাথমিক যোগ্যতা প্ৰ-পত্ৰ অনুসৰি যোগ দিছিল। ইযাৰে চাৰিটা প্ৰতিষ্ঠানক নিৰ্বাচন কৰা হৈছিল যদিও ইয়াৰে দুটাই অৱশেষত তেওঁলোকৰ প্ৰযুক্তিগত-বিত্তীয় নিলাম দাখিল কৰিছিল আৰু এই লেনদেনৰ বাবে যোগ্য নিলামকাৰী (কিউ বি) হৈ পৰিছিল।
প্ৰশ্ন ৫। আই ডি বি আই বেংক লিমিটেডৰ মূল্যায়নৰ বাবে কি পদ্ধতি ব্যৱহাৰ কৰা হৈছিল?
উত্তৰঃ দুটা বিকল্প পদ্ধতি ব্যৱহাৰ কৰি প্ৰতিষ্ঠানটোৰ ন্যায্য মূল্য নিৰ্ধাৰণ কৰা হৈছিল। সেই দুটা হ’ল বহুমুখী বজাৰ পদ্ধতি আৰু সম্পত্তি মূল্যায়ন পদ্ধতি।
প্ৰশ্ন ৬। মূল্যায়ন সম্পৰ্কীয় কামবোৰ কোনে সম্পন্ন কৰিছিল?
উত্তৰঃ প্ৰতিষ্ঠানটোৰ মূল্যায়ন দুটা স্বতন্ত্ৰ, পেছাদাৰী মূল্যায়ন সংস্থাৰ দ্বাৰা কৰোৱা হৈছিল। এই প্ৰক্ৰিয়াত নিহিত গোপনীয় নিশ্চয়তাৰ বাবে তেওঁলোকৰ নাম প্ৰকাশ কৰিব নোৱাৰি।
প্ৰশ্ন ৭। আই ডি বি আই বেংকৰ মূল্যায়নত ষ্টক বজাৰৰ মূল্যই কি ভূমিকা পালন কৰিছিল?
উত্তৰঃ সীমিতভাৱে ব্যৱসায় কৰা আই ডি বি আই অস্থিৰ ষ্টক বজাৰ মূল্য নিলামৰ অফাৰ মূল্যৰ ওপৰ আৰু তল দুয়োটাতে হ্ৰাস-বৃদ্ধি হৈছিল (মূল্যায়নৰ সময়ছোৱাত ন্যুনতম উচ্চ পৰিসৰ ৬১.০১ টকাৰ পৰা ১১৮.৩৮ টকা)। প্ৰতিষ্ঠানটোৰ অন্তৰ্নিহিত মূল্যৰ সৈতে এই মূল্যায়ন ভুলকৈ নিৰ্ধাৰিত কৰাৰ প্ৰৱণতাৰ বাবে ইয়াক উপেক্ষা কৰা হৈছিল। ইয়াৰ পৰিৱৰ্তে এই সমস্যাটোৰ সমাধান কৰিব পৰা বহুমুখী বজাৰ পদ্ধতিৰ দ্বাৰা আপেক্ষিক মূল্যায়ন কৰি ২০২৬ চনৰ ৩১ মাৰ্চত সকলো ৰাজহুৱা খণ্ডৰ বেংকৰ একাউণ্ট বন্ধ কৰাৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠানটোৰ ন্যায্য বজাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল।
প্ৰশ্ন ৮। মাটি আৰু আন বস্তুকে ধৰি আই ডি বি আই বেংকৰ সম্পদৰ মূল্য কেনেদৰে নিৰ্ধাৰণ কৰা হৈছে?
উত্তৰঃ আই ডি বি আই বেংকৰ ২০২৬ চনৰ ৩১ মাৰ্চৰ অডিট কৰা একাউণ্ট অনুসৰি প্ৰতিষ্ঠানটোৰ ন্যায্য মুঠ সম্পত্তিৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ সম্পত্তি মূল্যায়ন পদ্ধতি ব্যৱহাৰ কৰা হৈছিল, য’ত ঋণৰ সৈতে স্থাৱৰ আৰু অস্থাৱৰ দুয়োবিধৰ সম্পত্তিকে বিবেচনালৈ অনা হৈছিল।
প্ৰশ্ন ৯। এই লেনদেনৰ বাবে আধাৰ মূল্য কিমান নিৰ্ধাৰণ কৰা হৈছিল?
উত্তৰঃ নিলামৰ মূল্যায়নৰ বাবে দুটা স্বতন্ত্ৰ মূল্যায়নৰ গড় (প্ৰতি শ্বেয়াৰত ৭৫.৯৯ টকা) আধাৰ মূল্য হিচাপে লোৱা হৈছিল। নিৰ্বাচিত প্ৰস্তাৱটো আধাৰ মূল্যতকৈ অধিক হোৱাৰ লগতে দুয়োটা স্বতন্ত্ৰ মূল্যায়ন সংস্থাই কৰা ন্যায্য মূল্যৰ অনুমানতকৈ অধিক পোৱা গৈছিল।
প্ৰশ্ন ১০। আধাৰ মূল্য কেনেকৈ নিৰ্ধাৰণ কৰা হৈছিল?
উত্তৰঃ আধাৰ মূল্য আছিল বহুমুখী বজাৰ পদ্ধতিৰ দ্বাৰা নিৰ্ধাৰিত ন্যায্য বজাৰ মূল্য আৰু সম্পত্তি মূল্যায়ন পদ্ধতিৰ দ্বাৰা নিৰ্ধাৰিত ন্যায্য মুঠ সম্পত্তিৰ মূল্যৰ গড়।
প্ৰশ্ন ১১। পৰৱৰ্তী পদক্ষেপ কি হ'ব?
উত্তৰঃ সফল নিলামকাৰীয়ে এতিয়া ই অ’ আই পৰ্যায়ত কৰা 'উপযুক্ত আৰু সঠিক' মূল্যায়ন অনুসৰি আৰ বি আইৰ আগত নিজৰ প্ৰমাণপত্ৰ দাখিল কৰিব আৰু তাত নিৰ্ধাৰিত নিয়ামক চৰ্তসমূহ মানি চলাৰ বাবে ৰূপৰেখা দাখিল কৰিব।
প্ৰশ্ন ১২। ভাৰত চৰকাৰ আৰু এল আই চিৰ ওচৰত বাকী থকা ইকুইটি অংশ কিমান?
উত্তৰঃ ভাৰত চৰকাৰে ১৫ শতাংশ আৰু এল আই চিয়ে ১৯ শতাংশ ইকুইটি অংশীদাৰিত্ব পাব। দুয়োটা অংশীদাৰে ব’ৰ্ডৰ পৰা উভয়ৰে মনোনয়ন প্ৰত্যাহাৰ কৰিব আৰু ৰাজহুৱা অংশীদাৰ হ’ব।
প্ৰশ্ন ১৩। ভাৰত চৰকাৰ আৰু এল আই চিয়ে আই ডি বি আই বেংকত থকা তেওঁলোকৰ অৱশিষ্ট অংশীদাৰিত্ব কেনেকৈ ভগাই ল’ব?
উত্তৰঃ অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়া অনুসৰি মুকলি বজাৰৰ জৰিয়তে ভাৰত চৰকাৰৰ অৱশিষ্ট শ্বেয়াৰহ’ল্ডিঙৰ নিজৰ অংশ বিক্ৰী কৰাৰ বাবে বিকল্প ব্যৱস্থা হাতত লৈছে। এল আই চিয়ে ইয়াৰ নিয়ন্ত্ৰকসকলৰ নিৰ্দেশনা পালন কৰাটো নিশ্চিত কৰিব আৰু লগতে ইয়াৰ আভ্যন্তৰীণ প্ৰক্ৰিয়া অনুসৰি অৱশিষ্ট শ্বেয়াৰহ’ল্ডিং পৰিচালনা কৰিবলৈ মুক্ত হ’ব।
প্ৰশ্ন ১৪। বেংকিং খণ্ড আৰু অৰ্থনীতিত এই লেনদেনৰ কি প্ৰভাৱ পৰিব?
উত্তৰঃ ই আমাৰ অৰ্থনীতিৰ বেংকিং আৰু বিত্তীয় খণ্ডত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব। অতীতৰ অভিজ্ঞতাৰ পৰা ক’ব পাৰি যে ব্যক্তিগতকৰণৰ পিছত আই ডি বি আই বেংকে চৰকাৰী সহায় অবিহনে পুঁজি গঠন কৰিবলৈ সক্ষম হ’ব। এইটো আশা কৰা হৈছে যে কৌশলগত ক্ৰেতাই ব্যক্তিগত পুঁজি বিনিয়োগ তথা নতুন প্ৰযুক্তি আৰু উন্নত ব্যৱস্থাপনাৰ প্ৰয়োগ কৰিব, যি ইয়াৰ ব্যৱসায়িক সম্ভাৱনা বৃদ্ধি কৰাৰ উপৰি ইয়াক ঋণ আৰু জমা বৃদ্ধি দুয়োটাৰ বাবে অধিক প্ৰতিযোগিতামূলক কৰি তুলিব।
প্ৰশ্ন ১৫। ভূ-ৰাজনৈতিক চাপৰ সময়ত ভাৰতৰ বৈদেশিক খণ্ডত ইয়াৰ কি প্ৰভাৱ পৰিব?
উত্তৰঃ ই আমাৰ অৰ্থনীতিৰ বিত্তীয় খণ্ডত এতিয়ালৈকে সৰ্ববৃহৎ এফ ডি আই হ’ব আৰু দেশত বিনিয়োগৰ পৰিৱেশ উন্নত কৰাৰ লগতে অৰ্থনৈতিক সংস্কাৰৰ বাবে ইতিবাচক পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিব।
****
KT/AD/PK
(ৰিলিজ আই ডি : 2323803)
অতিথি কক্ষ : 25