ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
ভাষিণী ৰাজ্যম কৰ্মশালাত বহুভাষিক কৃত্রিম বুদ্ধিমত্তা আৰু ভাষা প্ৰযুক্তিৰ অগ্ৰগতিৰ বাবে ডিজিটেল ইণ্ডিয়া ভাছিনী বিভাগ আৰু মণিপুৰ চৰকাৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে
ভাষিণী ৰাজ্যম কৰ্মশালা-মণিপুৰ চেপ্টাৰে ভাষা প্ৰযুক্তি, স্থানীয় ভাষাৰ তথ্য আৰু নাগৰিক-কেন্দ্ৰিক ডিজিটেল সেৱাৰ অন্বেষণ কৰে।
পোষ্ট কৰা হৈছে:
15 OCT 2026 10:47AM by PIB Guwahati
ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (এম ই আই টি ৱাই)ৰ ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচন (ডি আই চি)ৰ অধীনত ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগ (ডি আই বি ডি)-এ মণিপুৰ চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সহযোগিতাত ১৪ অক্টোবৰ ২০২৬ তাৰিখে ইম্ফলত মণিপুৰ শাখাৰ ভাষিণী ৰাজ্যম কৰ্মশালা আয়োজন কৰিছিল। কৰ্মশালাত বহুভাষিক কৃত্ৰিম বুদ্ধিমত্তাৰ অগ্ৰগতি, ভাষা প্ৰযুক্তি শক্তিশালী কৰা আৰু ভাৰতীয় ভাষাৰ সমাধানসমূহক চৰকাৰী আৰু নাগৰিকমুখী ডিজিটেল সেৱাসমূহৰ সৈতে একত্ৰিত কৰাৰ সুযোগৰ অন্বেষণ কৰা হৈছিল।

এই কাৰ্যসূচীত মণিপুৰৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী য়ুমনাম খেমচান্দ সিঙে অংশগ্ৰহণ কৰিছিল। কৰ্মশালাখনে ডিজিটেল সেৱাসমূহ অধিক সুলভ আৰু সামগ্ৰিক কৰি তোলাত ভাষা প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিবলৈ চৰকাৰী প্ৰতিনিধি আৰু অন্যান্য অংশীদাৰসকলক একত্ৰিত কৰিছিল।

কৰ্মশালাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল ডি আই বি ডি আৰু মণিপুৰ চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা। ইয়াৰ প্ৰতিনিধিত্ব কৰিছিল ডি আই বি ডিৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ নাগ আৰু মণিপুৰ চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব শ্ৰী সমৰজিৎ ছালামে। এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে ভাষা প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা, ভাষাৰ সম্পদ উন্নত কৰা আৰু সমগ্ৰ ৰাজ্যখনত বহুভাষিক ডিজিটেল সেৱাৰ বাবে সমাধান অন্বেষণ কৰা।
সমাৱেশত মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী য়ুমনাম খেমচান্দ সিঙে ভাৰতৰ ভাষিক বৈচিত্ৰ্যৰ প্ৰচাৰ আৰু ৰাজ্যখনৰ সম্প্ৰদায়সমূহৰ বাবে সুযোগ সম্প্ৰসাৰণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাষা প্ৰযুক্তিৰ সম্ভাৱনাত আলোকপাত কৰে। "কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাষা প্ৰযুক্তিৰ জৰিয়তে, আমি ভাৰতৰ বিভিন্ন ভাষাৰ প্ৰচাৰ আৰু মণিপুৰৰ ভাষাবিলাক বেছিকৈ ডিজিটেল মঞ্চলৈ অনাৰ সুযোগৰ সন্ধান কৰি আছো। আমাৰ ভাষিক বৈচিত্ৰ্য আমাৰ অগ্ৰগতিৰ বাবে এবিধ মূল্যৱান শক্তি।"- তেওঁ কয়।
মণিপুৰ চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব শ্ৰী সমৰজিৎ ছালামে ডিজিটেল সেৱা আগবঢ়াব খোজা লোকসকলৰ বাবে এই সেৱা সুলভ আৰু অৰ্থপূৰ্ণ হ’ব লাগিব বুলি মন্তব্য কৰে। "ডিজিটেল সেৱাসমূহ তেতিয়াহে ফলপ্ৰসূ হয় যেতিয়া মানুহে সেইবোৰ সম্পূৰ্ণকৈ বুজিব আৰু ব্যৱহাৰ কৰিব পাৰে। ভাষিণীৰ জৰিয়তে আমি সাৱধানে পৰীক্ষা কৰা সমাধানৰ জৰিয়তে ভাষাৰ বাধাবোৰ আঁতৰাব পাৰোঁ যি মণিপুৰৰ প্ৰয়োজনৰ প্ৰতি সঁহাৰি দিয়ে আৰু স্থায়ী ৰাজহুৱা লাভ প্ৰদান কৰে।"- তেওঁ কয়।
কৰ্মশালাখনত ভাষিণীৰ লেংগুৱেজ-ফাৰ্ষ্ট ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচা (ডি পি আই)ৰ আৰু ইয়াৰ বহুভাষিক এ আই ব্যৱস্থাৰ চমু বিৱৰণ দাঙি ধৰা হয়। এই কৰ্মশালাত ভাষাৰ ডে’টাছেট, এআই মডেল, এপিআই আৰু বিভিন্ন ভাষাত ডিজিটেল সেৱা সক্ষম কৰাৰ ক্ষেত্ৰত এপ্লিকেচনৰ ভূমিকাত আলোকপাত কৰা হয়। এই ব্যৱস্থাক অধিক সুলভ আৰু সহজ কৰিবলৈ এই ক্ষমতাসমূহ কেনেদৰে চৰকাৰী মঞ্চ আৰু নাগৰিকমুখী এপ্লিকেচনসমূহত একত্ৰিত কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয়।
ইংৰাজীৰ পৰা মণিপুৰীলৈ অনুবাদৰ এটা অংশগ্ৰহণমূলক প্ৰত্যক্ষ প্ৰদৰ্শনেৰে যোগাযোগৰ ব্যৱধান দূৰ কৰিবলৈ ভাষা প্ৰযুক্তিৰ সম্ভাৱনা এই কৰ্মশালাত প্ৰদৰ্শন কৰা হৈছিল। এই কৰ্মশালাত বাস্তৱ-জগতৰ পৰিৱেশত সেইবোৰৰ উপযোগিতা উন্নত কৰিব পৰাকৈ ডিজিটেল ভাষাৰ উপাদান নিৰ্মাণ আৰু ভাষা বিশেষজ্ঞ তথা স্থানীয় সম্প্ৰদায়ৰ তথ্যৰ সৈতে প্ৰাসংগিক তথ্য ব্যৱহাৰ কৰি ভাষাৰ আৰ্হিবোৰ ব্যৱহাৰযোগ্য কৰি তোলাতো গুৰুত্ব আৰোপ কৰা হয়।
ভাৰতৰ বৈচিত্ৰ্য প্ৰতিফলিত কৰা ভাষা প্ৰযুক্তি নিৰ্মাণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ডিআইবিডিৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ নাগে কয়, "এআইয়ে ভাৰতৰ সকলো ভাষিক বৈচিত্ৰ্য বুজি পাব লাগিব। মণিপুৰৰ সৈতে আমাৰ অংশীদাৰিত্বৰ জৰিয়তে, আমি ভাষা প্ৰযুক্তি শক্তিশালী কৰা, ব্যৱহাৰিক প্ৰয়োগ সম্প্ৰসাৰণ কৰা আৰু ডিজিটেল সেৱাসমূহ লাভ কৰা বা সুযোগ অনুসৰণ কৰাত ভাষা যাতে বাধা নহয় সেয়া নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে।"
কৰ্মশালাত মণিপুৰী, টাংখুল, থাডৌ, পাইটে, মাৰ, লিয়াংমাই ভাষাৰ লগতে ৰাজ্যখনত কোৱা অন্যান্য ভাষাকো সামৰি মণিপুৰৰ ভাষিক বৈচিত্ৰ্যত আলোকপাত কৰা হয়। ৰাজ্যখনৰ ভাষিক জ্ঞান, স্থানীয় দক্ষতা আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণে আঞ্চলিক প্ৰয়োজনীয়তা আৰু যোগাযোগ পদ্ধতিসমূহক ভালদৰে প্ৰতিফলিত কৰা ভাষা প্ৰযুক্তিৰ বিকাশত অৰিহণা যোগাব পাৰে।
কৰ্মশালাখনে শিক্ষা, স্বাস্থ্যসেৱা, আইনী সেৱা আৰু অভিযোগ নিষ্পত্তিৰ দৰে প্ৰশাসন আৰু নাগৰিক সেৱাত বহুভাষিক এআইৰ প্ৰয়োগসমূহ অন্বেষণ কৰিছিল। ছাত্ৰ-ছাত্ৰী, ডেভেলপাৰ তথা উদ্ভাৱকসকলৰ উমৈহতীয়া মঞ্চ ভাষিণী শিল্পীয়ে এ আইৰ সৈতে ভাষা শিকিবলৈ, পৰীক্ষা-নিৰীক্ষা কৰিবলৈ, সমস্যা সমাধান কৰিবলৈ আৰু শব্দ গঢ়ি তুলিবলৈ কৰ্মশালাখনে সুযোগ প্ৰদান কৰিছিল। পৰম্পৰাগত প্ৰযুক্তি কৰ্মশালাৰ বিপৰীতে গৈ ই অংশগ্ৰহণকাৰীসকলক বাস্তৱ-জগতৰ প্ৰত্যাহ্বানসমূহ অন্বেষণ কৰিবলৈ, ধাৰণা বিনিময় কৰিবলৈ আৰু ভাষিণীৰ ভাষা প্ৰযুক্তি, সেৱা আৰু এ পি আইৰ সৈতে বিকাশ, সম্প্ৰসাৰণ আৰু উদ্ভাৱনৰ সম্ভাৱনা আৱিষ্কাৰ কৰিবলৈ উৎসাহিত কৰিছিল। প্ৰশ্নোত্তৰৰ ব্যৱস্থাটোৱে কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক সম্ভাৱ্য এপ্লিকেচনসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আৰু ৰূপায়ণৰ ক্ষেত্ৰত স্পষ্টতা বিচাৰিবলৈ সক্ষম কৰিছিল। ভাষিণী মিত্ৰ ব্যৱস্থাটোৱে ৰাজ্যিক প্ৰতিষ্ঠান আৰু ভাষা সম্প্ৰদায়ৰ বাবে ভাষাৰ তথ্য আহৰণত অৰিহণা যোগোৱা আৰু বহুভাষিক এ আই সম্পদ শক্তিশালী কৰাৰ পথ হিচাপে ভূমিকা পালন কৰিছিল।
পৰৱৰ্তী পদক্ষেপ হিচাপে, ডি আই বি ডি আৰু মণিপুৰ চৰকাৰে অগ্ৰাধিকাৰমূলক ব্যৱহাৰৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰিব, ভাষা-তথ্যৰ প্ৰয়োজনীয়তাৰ মূল্যায়ন কৰিব আৰু প্ৰাসংগিক চৰকাৰী মঞ্চসমূহত ভাষিণীৰ ভাষা প্ৰযুক্তিৰ একত্ৰীকৰণ অন্বেষণ কৰিব। এই সহযোগিতাই ভাষা সম্পদক শক্তিশালী কৰা আৰু ভাষা বিশেষজ্ঞ আৰু স্থানীয় সম্প্ৰদায়ৰ সৈতে কাম কৰি ৰাজ্যখনৰ ভাষিক বৈচিত্ৰ্য আৰু ৰাজহুৱা সেৱাৰ প্ৰয়োজনীয়তা প্ৰতিফলিত কৰা সমাধানসমূহৰ বিকাশ আৰু বৈধতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব।
ভাষিণী ৰাজ্যম উদ্যোগৰ লক্ষ্য হৈছে ভাষিণী আৰু ৰাজ্য চৰকাৰৰ মাজত সহযোগিতা শক্তিশালী কৰা, ভাষা প্ৰযুক্তিৰ ক্ষমতাক ব্যৱহাৰিক সমাধানলৈ ৰূপান্তৰিত কৰাত সহায় কৰা যি ডিজিটেল সেৱা প্ৰাপ্তিৰ সুবিধা উন্নত কৰে আৰু ভাৰতৰ ডিজিটেল পৰিৱেশতন্ত্ৰত ব্যাপক অংশগ্ৰহণ সক্ষম কৰে।
ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগ (ডি আই বি ডি)ৰ বিষয়ে
ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (এম ই আই টি ৱাই)ৰ ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচন (ডি আই চি)ৰ অধীনত ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগ (ডি আই বি ডি)এ ডিজিটেল সেৱাসমূহলৈ বহুভাষিক প্ৰৱেশাধিকাৰ সক্ষম কৰিবলৈ ভাৰতৰ ভাষা-প্ৰথম ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ অগ্ৰগতি সাধন কৰিছে। বহুভাষিক এআই সমাধান নিৰ্মাণত চৰকাৰী বিভাগ, ডেভেলপাৰ, গৱেষক আৰু অন্যান্য অংশীদাৰসকলক সমৰ্থন কৰিবলৈ ভাষিণীয়ে ভাষাৰ তথ্য সংহতি, এআই মডেল, এপিআই আৰু এপ্লিকেচনসমূহক একত্ৰিত কৰে। ই ৮০০ৰো অধিক চৰকাৰী ৱেবছাইটক ক্ষমতা প্ৰদান কৰে, ৯ বিলিয়নৰো অধিক সঞ্চিত এ আই অনুমান সক্ষম কৰিছে আৰু দৈনিক ২৪ নিযুতৰো অধিক এ আই অনুমান প্ৰক্ৰিয়া সম্পন্ন কৰিছে। ভাষিণীয়ে পাঠৰ বাবে ৩৬টা ভাৰতীয় ভাষা, কণ্ঠস্বৰৰ বাবে ২৩টা ভাৰতীয় ভাষা আৰু ৩৫টা আন্তঃৰাষ্ট্ৰীয় ভাষাক সমৰ্থন কৰে, যিয়ে সমগ্ৰ ভাৰতৰ ডিজিটেল পৰিস্থিতিতন্ত্ৰত ভাষা প্ৰযুক্তি গ্ৰহণক আগুৱাই লৈ গৈছে।

****
Vinod Kumar / Kanishk Sharma/PK
(ৰিলিজ আই ডি : 2323742)
অতিথি কক্ষ : 9