কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

ই এছ টি আই চি-২০২৬ৰ পূৰ্বে আই চি এ আৰৰ প্ৰাৰম্ভিক অনুষ্ঠান আৰু সংবাদ মাধ্যমৰ সৈতে মত বিনিময়


হাৰিয়ানাৰ কৰ্ণালত আয়োজিত প্ৰাৰম্ভিক অনুষ্ঠানত ড° এম এল জাটে ই এছ টি আই চি-২০২৬ত আই চি এ আৰৰ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়াব

পোষ্ট কৰা হৈছে: 14 OCT 2026 1:01PM by PIB Guwahati

ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আই চি এ আৰ)-এ নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত ২৭ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (ই এছ টি আই চি)-২০২৬ৰ পূৰ্বে ১৫ অক্টোবৰত হাৰিয়ানাৰ কৰ্ণালৰ আই চি এ আৰ-কেন্দ্ৰীয় ভূমি লৱণতা গৱেষণা প্ৰতিষ্ঠান (চি এছ এছ আৰ আই)ত এটা প্ৰাৰম্ভিক অনুষ্ঠান আৰু সংবাদ মাধ্যমৰ সৈতে মত বিনিময়ৰ আয়োজন কৰিছে ৷

কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ সচিব তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ড° এম এল জাটে ই এছ টি আই চি-২০২৬ৰ প্ৰাৰম্ভিক অনুষ্ঠানত ভাষণ দিব আৰু ই এছ টি আই চি-২০২৬ত আই চি এ আৰৰ ভূমিকা  সন্দৰ্ভত বক্তব্য আগবঢ়াব।

এই কাৰ্যসূচীত কৃষি-প্ৰযুক্তি, খাদ্য প্ৰণালী আৰু পুষ্টিৰ বিষয়ত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰা হ’ব, যিয়ে কৃষি প্ৰযুক্তি, খাদ্য প্ৰণালী আৰু পুষ্টিৰ উন্নয়নৰ সন্দৰ্ভত আলোচনাৰ বাবে এক মঞ্চ প্ৰদান কৰিব।

ই এছ টি আই চি ২০২৬ত আই চি এ আৰ

ভাৰত চৰকাৰৰ কেইবাটাও মুখ্য বৈজ্ঞানিক আৰু প্ৰযুক্তি বিভাগৰ মুৰব্বীসকলৰ লগতে কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ সচিব আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ই এছ টি আই চি-২০২৬ৰ পৰিচালনা সমিতিৰ সদস্য। ২৯ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ই এছ টি আই চি-২০২৬ৰ ১২খন গুৰুত্বপূৰ্ণ বিষয়ভিত্তিক সত্ৰৰ ভিতৰত অন্যতম "কৃষি-প্ৰযুক্তি, খাদ্য প্ৰণালী আৰু পুষ্টি" বিষয়ক সত্ৰৰ সৈতে আই চি এ আৰ পোনপটীয়াকৈ জড়িত হৈ আছে। এই সত্ৰত সভাপতিত্ব কৰিব ডি এ আৰ ইৰ সচিব আৰু আই চি এ আৰৰ সঞ্চালক প্ৰধান আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয় (এম অ’ এফ পি আই)ৰ সচিবে। ইয়াত এটা মূল ভাষণৰ লগতে  ডিপ-টেক ষ্টাৰ্টআপৰ মুখ্য কাৰ্যবাহী বিষয়া, এগৰাকী মহিলা উদ্যোগী আৰু বিজ্ঞান আৰু প্ৰযুক্তি (এছ এণ্ড টি)ক্ষেত্ৰৰ বিশিষ্ট গৱেষক-পণ্ডিতসকলৰ প্ৰেজেণ্টেশ্যন থাকিব আৰু  ইয়াৰ পিছত এক পেনেল আলোচনা অনুষ্ঠিত হ’ব। এই অধিৱেশনখনে ভাৰতৰ বিস্তৃত বিজ্ঞান আৰু প্ৰযুক্তিৰ দৃশ্যপটত কৃষি গৱেষণা, উদ্ভাৱন আৰু নতুন প্ৰযুক্তিৰ অৱদানৰ বিষয়ত আলোকপাত কৰিবলৈ এক মঞ্চ প্ৰদান কৰিব। আই চি এ আৰ-ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (আই এ আৰ আই), আই চি এ আৰ-ৰাষ্ট্ৰীয় উদ্ভিদ জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান আৰু আই চি এ আৰ-ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ গৱেষকসকলকে ধৰি কেইবাজনো আই চি এ আৰ বিজ্ঞানীকো ই এছ টি আই চি-২০২৬ত বক্তাসকলৰ ভিতৰত তালিকাভুক্ত কৰা হৈছে। আই চি এ আৰৰ অংশগ্ৰহণে কৃত্ৰিম বুদ্ধিমত্তা (এ আই), ৰবটিক্স, ডিজিটেল কৃষি, উন্নত শস্য গুণগত মান বৃদ্ধি, জিন সম্পাদনা আৰু বহনক্ষম কৃষি ব্যৱস্থাৰ অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰিব।

ই এছ টি আই চি-২০২৬

ই এছ টি আই চি-২০২৬ হৈছে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ বাবে এক মুখ্য মঞ্চ, যিয়ে চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগ, গৱেষক, উদ্ভাৱক, গভীৰ প্ৰযুক্তিৰ ষ্টাৰ্ট-আপ, উদ্যোগ, নীতি নিৰ্ধাৰক, পুঁজি যোগান সংস্থা আৰু বিশ্বৰ বিশেষজ্ঞসকলক একত্ৰিত কৰে। ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্যালয়ৰ নিৰ্দেশনাত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি এছ আই আৰ)ৰ দ্বাৰা আয়োজিত এই তিনিদিনীয়া অনুষ্ঠানটোৱে বিকশিত ভাৰত-২০৪৭ৰ লক্ষ্যৰে আয়োজক অংশীদাৰ হিচাপে ৰাষ্ট্ৰীয় আন্তঃবিষয়ক বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (এন আই আই এছ টি)ৰ সৈতে অত্যাধুনিক গৱেষণা, উন্নত প্ৰযুক্তি আৰু গভীৰ প্ৰযুক্তিৰ উদ্ভাৱন প্ৰদৰ্শন কৰাৰ লগতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ জটিল আৰু উন্নত ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধি কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব।

এই কনক্লেভত আয়ুষ মন্ত্ৰালয়, পাৰমাণৱিক শক্তি বিভাগ (ডি এ ই),জৈৱ প্ৰযুক্তি বিভাগ (ডি বি টি), বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডি এছ টি), প্ৰতিৰক্ষা বিভাগ/ডি আৰ ডি অ’, ভূবিজ্ঞান মন্ত্ৰালয় (এম অ’ ই এছ), উচ্চ শিক্ষা বিভাগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (এম ই আই টি ৱাই), আই চি এ আৰ, স্বাস্থ্য গৱেষণা বিভাগ (ডি এইচ আৰ)/ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ), মহাকাশ বিভাগ/আই এছ আৰ অ’ আৰ আৰু দূৰসংযোগ বিভাগ (ডি অ’)-এ অংশ ল’ব। লগতে ন’বেল বঁটা বিজয়ী, গোলকীয় বিশেষজ্ঞ, উদ্যোগপতি, নীতি নিৰ্ধাৰক, বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডৰ উদীয়মান গৱেষকসকল, উদ্ভাৱক, গভীৰ প্ৰযুক্তি ষ্টাৰ্ট আপ, উদ্যোগ, বিত্তীয়, সাহাৰ্য আগবঢ়োৱা সংস্থা আদিয়েও ভাগ ল’ব।

ই এছ টি আই চি-২০২৬ত আই চি এ আৰ-ৰ অংশগ্ৰহণে বিকশিত ভাৰত-২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বহনক্ষম আৰু প্ৰযুক্তি-চালিত কৃষি আৰু খাদ্য প্ৰণালীৰ দিশত সহযোগিতামূলক প্ৰচেষ্টাক শক্তিশালী কৰাত অৰিহণা যোগাব।

***

SS/MS/US


(ৰিলিজ আই ডি : 2323227) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी , Telugu