মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

আই আই আই টি, ৰাঁচীত ছাত্ৰৰ মৃত্যুৰ ঘটনাৰ বিষয়ে পৰ্যালোচনাৰ বাবে শিক্ষা মন্ত্ৰালয়ৰ তিনিজনীয়া সমিতি গঠন

পোষ্ট কৰা হৈছে: 13 OCT 2026 2:26PM by PIB Guwahati

ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই আই টি), ৰাঁচীৰ চৌহদত এজন ছাত্ৰৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাটো শিক্ষা মন্ত্ৰালয়ে গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। ঘটনাটোৰ পৰিস্থিতি আৰু ইয়াৰ সৈতে জড়িত বিষয়সমূহ বিতংভাৱে চালি-জাৰি চোৱাৰ উদ্দেশ্যে দিল্লী বিশ্ববিদ্যালয়ৰ দক্ষিণ চৌহদৰ সঞ্চালক অধ্যাপক ৰজনী আব্বিৰ নেতৃত্বত এখন তিনিজনীয়া সমিতি গঠন কৰা হৈছে। সমিতিখনৰ আন দুগৰাকী সদস্য হৈছে এগৰাকী জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ আৰু শিক্ষা মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়া। উল্লেখযোগ্য যে ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই আই টি), ৰাঁচী ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পি পি পি) আৰ্হিত স্থাপিত এখন প্ৰতিষ্ঠান।

সমিতিখনক ঘটনাটোৰ সৈতে জড়িত সকলো পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে নিৰ্ধাৰিত নিৰ্দেশনাসমূহৰ ৰূপায়ণৰ  মূল্যায়ন কৰাৰ দায়িত্ব দিয়া হৈছে। বিশেষকৈ, মৌলিক সা-সুবিধাসমূহৰ সুলভতা আৰু কাৰ্যকাৰিতা, প্ৰতিষ্ঠানিক সহায়-সহযোগিতাৰ ব্যৱস্থা, পৰামৰ্শদান আৰু পথ প্ৰদৰ্শনৰ ব্যৱস্থা তথা ছাত্ৰ-ছাত্ৰীৰ অভিযোগ নিষ্পত্তিৰ ব্যৱস্থাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

সমিতিখনে ব্যৱস্থাগত ত্ৰুটি বা অভাৱসমূহ চিনাক্ত কৰি ছাত্ৰ-ছাত্ৰীৰ কল্যাণ সুনিশ্চিত কৰাৰ লগতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াব। প্ৰয়োজন অনুসৰি সমিতিখনে সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে মত-বিনিময় কৰিব আৰু প্ৰাসংগিক নথি-পত্ৰ তথা তথ্যসমূহ পৰীক্ষা কৰিব।

ইফালে, ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ আৰু কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠানখনৰ কাম-কাজ সুচাৰুৰূপে আৰু ফলপ্ৰসূভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে শিক্ষা মন্ত্ৰালয়ে উপযুক্ত অন্তৱৰ্তীকালীন প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰি আছে।

 

 

***

 

RRTN/UD
 


(ৰিলিজ আই ডি : 2322806) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali