পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
টোল প্লাজাসমূহত শৌচাগাৰ আৰু অন্যান্য স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু উপযুক্ত চোৱা-চিতা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এন এইচ এ আই)ৰ কঠোৰ নিৰীক্ষণ ব্যৱস্থাৰ প্ৰৱৰ্তন
পূৰ্বৰ ত্ৰুটিসমূহ সম্পূৰ্ণৰূপে সংশোধন নকৰালৈকে অথবা ১৫ দিনৰ বাবে টোলৰ মাচুল সংগ্ৰহকাৰী সংস্থাসমূহক এন এইচ এ আইৰ নিবিদাত অংশগ্ৰহণৰ পৰা বিৰত ৰখা হ’ব পাৰে
পোষ্ট কৰা হৈছে:
12 OCT 2026 4:56PM by PIB Guwahati
ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কাষত থকা শৌচাগাৰৰ সুবিধাসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু চোৱা-চিতাৰ ব্যৱস্থা উন্নত কৰাৰ হকে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এন এইচ এ আই)-এ অধিক কঠোৰ নিৰীক্ষণ আৰু বলৱৎকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই নতুন ব্যৱস্থাই শৌচাগাৰসমূহৰ লগতে টোল সংগ্ৰহৰ বুথ, চৌপাশৰ এলেকা আৰু পথ-নিৰ্দেশক ফলককে ধৰি অন্যান্য স্থানসমূহৰ যথাযথ পৰিচৰ্যা আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিব। নাগৰিককেন্দ্ৰিক এই পদক্ষেপৰ আন এটা লক্ষ্য হৈছে ৰাজহুৱা ব্যৱহাৰৰ আন্তঃগাঁথনিৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা সংস্থাসমূহে নিৰ্ধাৰিত সেৱাৰ মান ৰক্ষা কৰা আৰু ত্ৰুটিসমূহৰ তাৎক্ষণিক সংশোধন নিশ্চিত কৰা।
টোলৰ মাচুল সংগ্ৰহৰ দায়িত্বত থকা সংস্থাসমূহে শৌচাগাৰ আৰু অন্যান্য স্থানৰ ক্ষেত্ৰত নিৰ্ধাৰিত সেৱাৰ মান ৰক্ষা কৰিব লাগিব। নতুন ব্যৱস্থা অনুসৰি, এন এইচ এ আইৰ বিষয়াসকলে সপ্তাহত কমেও এবাৰ এই স্থানসমূহ পৰিদৰ্শন কৰিব। পৰিদৰ্শনৰ সময়ত কোনো ত্ৰুটি ধৰা পৰিলে সংশ্লিষ্ট মাচুল সংগ্ৰহকাৰী সংস্থাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হ’ব আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ত্ৰুটিসমূহ সংশোধন কৰিবলৈ নিৰ্দেশ দিয়া হ’ব।
স্বচ্ছতা আৰু যথাযথ নিৰীক্ষণ নিশ্চিত কৰাৰ বাবে, তাৰিখসহ জাননী আৰু আলোকচিত্ৰসমূহ এন এইচ এ আইৰ “ডে’টা লেক” পৰ্টেলত আপলোড কৰা হ’ব। একেদৰে সংশ্লিষ্ট সংস্থাটোৱেও নিজৰ উত্তৰ দাখিল কৰাৰ লগতে সংশোধনমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰমাণস্বৰূপে আলোকচিত্ৰ আপলোড কৰিব লাগিব। এন এইচ এ আইৰ ক্ষেত্ৰীয় গোটসমূহে সংশোধনৰ অগ্ৰগতি নিৰীক্ষণ কৰিব আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত ত্ৰুটিসমূহ আঁতৰ কৰাটো নিশ্চিত কৰিব।
নিয়ম উলংঘনৰ বাবে শাস্তিমূলক ব্যৱস্থা
কোনো ত্ৰুটিৰ ফলত চুক্তিৰ চৰ্ত বা নিৰ্ধাৰিত সেৱাৰ মান উলংঘন হ’লে, এন এইচ এ আই-এ চুক্তিৰ সংশ্লিষ্ট বিধান আৰু প্ৰচলিত নিৰ্দেশনা অনুসৰি প্ৰযোজ্য জৰিমনা আৰোপ কৰিব।
ত্ৰুটিসমূহ সংশোধন কৰাত উপৰ্যুপৰি ব্যৰ্থ হোৱা সংস্থাসমূহৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ বাবে এন এইচ এ আই-এ এটা নতুন বিধান প্ৰৱৰ্তন কৰিছে। কোনো সংস্থাই পৰিচালনা কৰি থকা মুঠ টোল প্লাজাৰ সংখ্যাৰ ১০ শতাংশ বা তাতকৈ অধিকসংখ্যক টোল প্লাজাৰ ক্ষেত্ৰত অসংশোধিত ত্ৰুটিৰ বাবে জাননী জাৰি হ’লে, সেই সংস্থাটোক নিয়ম পালন কৰাত ব্যৰ্থ সংস্থা (নন-পাৰ্ফমাৰ)হিচাপে ঘোষণা কৰা হ’ব।
এনে সংস্থাক ১৫ দিনৰ বাবে অথবা বাকী থকা সকলো ত্ৰুটি সংশোধন নকৰালৈকে টোল প্লাজাৰ, নিয়মীয়া টোল প্লাজাৰ চুক্তি, অসামৰিক নিৰ্মাণকাৰ্য অথবা এন এইচ এ আইৰ আন যিকোনো নিবিদাত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ব।
এন এইচ এ আই-এ ৰাজহুৱা পুঁজিৰে পৰিচালিত টোল প্লাজাসমূহ আৰু এন এইচ এ আই-এ মাচুল সংগ্ৰহকাৰী সংস্থা নিযুক্তি দিয়া অন্যান্য টোল প্লাজাসমূহৰ ক্ষেত্ৰতো এই নতুন ব্যৱস্থা প্ৰযোজ্য হ’ব। এই ব্যৱস্থাই ইতিমধ্যে প্ৰচলিত নীতি- নিৰ্দেশনা আৰু চুক্তিৰ বিধানসমূহৰ পৰিপূৰক হিচাপে কাম কৰিব।
ঘাইপথ ব্যৱহাৰকাৰীসকলৰ সুবিধাক সৰ্বাধিক গুৰুত্ব
২০২৫ চনত এন এইচ এ আই--এ নাগৰিককেন্দ্ৰিক পদক্ষেপ হিচাপে “পৰিষ্কাৰ শৌচাগাৰৰ আলোকচিত্ৰ প্ৰত্যাহ্বান”( Clean Toilet Picture Challenge) ব্যৱস্থা আৰম্ভ কৰিছিল। এই বিশেষ ব্যৱস্থাৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলক ৰাজমাৰ্গযাত্ৰা(Rajmargyatra) ম’বাইল এপৰ জৰিয়তে স্পষ্ট, ভৌগোলিক অৱস্থান-চিহ্নিত আৰু সময়-চিহ্নিত আলোকচিত্ৰ আপলোড কৰি টোল প্লাজাৰ অপৰিষ্কাৰ শৌচাগাৰসমূহৰ বিষয়ে অৱগত কৰিবলৈ উৎসাহিত কৰা হয়। এনে বিষয়সমূহ আঙুলিয়াই দিয়া প্ৰতিখন যোগ্য বাহনৰ পঞ্জীয়ন নম্বৰৰ বিপৰীতে ফাষ্টটেগ ৰিচাৰ্জৰ ৰূপত ১,০০০ টকা (এহেজাৰ টকা) পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়।
“পৰিষ্কাৰ শৌচাগাৰৰ আলোকচিত্ৰ প্ৰত্যাহ্বান” আৰু নিৰীক্ষণ ব্যৱস্থাৰ শক্তিশালীকৰণৰ জৰিয়তে এন এইচ এ আই--এ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কাষত থকা শৌচাগাৰৰ সুবিধাসমূহ উন্নত কৰাৰ বাবে বহুমুখী পদক্ষেপ গ্ৰহণ কৰিছে। এই ব্যৱস্থাত জনসাধাৰণৰ অংশগ্ৰহণ, নিয়মীয়া পৰিদৰ্শন, ডিজিটেল নথিভুক্তকৰণ আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সংশোধনমূলক ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ লক্ষ্য হৈছে সেৱা প্ৰদানৰ মান উন্নত কৰা আৰু এই সুবিধাসমূহ চোৱা-চিতাৰ দায়িত্বত থকা সংস্থাসমূহৰ দায়বদ্ধতা নিশ্চিত কৰা।
নাগৰিকসকলক ত্ৰুটিৰ বিষয়ে প্ৰতিবেদন দাখিলৰ সুযোগ প্ৰদান কৰাৰ লগতে সেৱা প্ৰদানকাৰী সংস্থাসমূহৰ ওপৰত নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰি এন এইচ এ আই-এ অধিক পৰিষ্কাৰ আৰু উন্নতভাৱে চোৱা-চিতা কৰা শৌচাগাৰৰ সুবিধা গঢ়ি তোলাৰ লক্ষ্য লৈছে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলৰ যাত্ৰাৰ অভিজ্ঞতাও উন্নত হ’ব বুলি আশা কৰা হৈছে।
***
GDH/DS/HJ/UD
(ৰিলিজ আই ডি : 2322771)
অতিথি কক্ষ : 5