উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

মিজোৰাম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই মত বিনিময় কৰে

শ্ৰী সিন্ধিয়াই উত্তৰ-পূবৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ সম্ভাৱনাক আলোকপাত কৰে

ড’নাৰ মন্ত্ৰালয়ৰ ‘অষ্টলক্ষ্মী দৰ্শন’ কাৰ্যসূচীত ৫৯০ গৰাকীতকৈয়ো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে

পোষ্ট কৰা হৈছে: 13 OCT 2026 12:56AM by PIB Guwahati

কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন (DoNER) দপ্তৰৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই মিজোৰাম ভ্ৰমণৰ দ্বিতীয় দিনটোত সোমবাৰে মিজোৰাম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ DoNER মন্ত্ৰালয়ৰ 'অষ্টলক্ষ্মী দৰ্শন কাৰ্যসূচী'ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা গোৱা আৰু চণ্ডীগড়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও কথা-বতৰা পাতে আৰু তেওঁলোকৰ অভিজ্ঞতা তথা দৃষ্টিভংগীৰ বিষয়ে অৱগত হয়।

WhatsApp Image 2026-10-12 at 6.57.17 AM.jpeg

ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ দি শ্ৰী সিন্ধিয়াই উত্তৰ-পূৰ্বাঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা আৰু উন্নয়নৰ সম্ভাৱনাসমূহত আলোকপাত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এনে আদান-প্ৰদানমূলক কাৰ্যসূচীয়ে যুৱপ্ৰজন্মক অঞ্চলক অধিক বুজাত সহায় কৰাৰ লগতে সাংস্কৃতিক বান্ধোন, পাৰস্পৰিক বুজাবুজি আৰু ৰাষ্ট্ৰীয় সংহতি সুদৃঢ় কৰে।

WhatsApp Image 2026-10-12 at 6.57.21 AM.jpeg

উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক দেশৰ 'অষ্টলক্ষ্মী' হিচাপে বিকশিত কৰাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শিতাৰ দ্বাৰা অনুপাণিত হৈ আৰম্ভ কৰা এই কাৰ্যসূচীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক এই অঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু উন্নয়নমূলক সুযোগসমূহ প্ৰত্যক্ষভাৱে অনুভৱ কৰাৰ সুযোগ প্ৰদান কৰিছে।

বিগত এবছৰত 'অষ্টলক্ষ্মী দৰ্শন কাৰ্যসূচী'ত ৫৯০ গৰাকীকৈয়ো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, যিয়ে উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ বাকী অংশৰ মাজত শক্তিশালী সংযোগ স্থাপনত সহায় কৰিছে।

শ্ৰী সিন্ধিয়াই কয় যে এই পদক্ষেপে 'বিকশিত ভাৰত ২০৪৭'ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি যুৱ সমাজৰ অংশগ্ৰহণক উৎসাহিত কৰে, ভাৰতৰ বৈচিত্ৰ্যক উদযাপন কৰে আৰু দেশৰ উন্নয়ন যাত্ৰাত উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা অধিক শক্তিশালী কৰে।

এই মত বিনিময় কাৰ্যসূচীয়ে যুৱচামৰ অংশগ্ৰহণ বৃদ্ধি, সাংস্কৃতিক বিনিময় প্ৰসাৰ আৰু জনতাৰ মাজত পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত DoNER মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাকে পুনৰ প্ৰতিফলিত কৰিছে, লগতে যুৱ মনটোক অধিক সংলগ্ন আৰু বিকশিত ভাৰত গঠনৰ দিশে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

***

PS/KB


(ৰিলিজ আই ডি : 2322660) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali-TR , Tamil