প্ৰতিৰক্ষা মন্ত্ৰালয়
তৰংগ শক্তি অনুশীলন-২০২৬-ৰ অংশ হিচাপে কে এ পি এছ এছ-আই এ এফৰ আলোচনাচক্ৰ
পোষ্ট কৰা হৈছে:
12 OCT 2026 1:33PM by PIB Guwahati
চেণ্টাৰ ফৰ এৰ’স্পেচ পাৱাৰ এণ্ড ষ্ট্ৰেটেজিক ষ্টাডিজ (চি এ পি এছ এছ)-এ ভাৰতীয় বায়ু সেনা (আই এ এফ)-ৰ সৈতে মিলি ২০২৬ চনৰ ৯ অক্টোবৰত নতুন দিল্লীৰ সুব্ৰত পাৰ্কৰ এয়াৰ ফ’ৰ্চ অডিটৰিয়ামত তৰংগ শক্তি-২৬ অনুশীলনৰ সমান্তৰালভাৱে এখন আলোচনাচক্ৰৰ আয়োজন কৰে। "বিকশিত যুদ্ধক্ষেত্ৰত বায়ু শক্তিৰ কেন্দ্ৰীয় ভূমিকা" শীৰ্ষক বিষয়ত আয়োজিত এই আলোচনাচক্ৰখনত সকলো মহাদেশৰ মিত্ৰ বায়ু সেনাসমূহৰ প্ৰতিনিধি, জ্যেষ্ঠ সামৰিক নেতা, শৈক্ষিক উদ্যোগ আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল বায়ুসেনা বাহিনীয়ে যুদ্ধৰ পৰিৱৰ্তিত চৰিত্ৰৰ সৈতে খাপ খাবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ অভিজ্ঞতা ল’বলৈ একত্ৰিত হয়। এই উৰণ অনুশীলনৰ সময়ত লাভ কৰা কাৰ্য্যকৰী অভিজ্ঞতাৰ সৈতে দলসমূহে এতিয়া আলোচনাচক্ৰখনত তেওঁলোকৰ সম্পৰ্কক ধাৰণাগত পৰ্যায়লৈ আগুৱাই লৈ যায়। আলোচনাচক্ৰখনত ভৱিষ্যতৰ সহযোগিতাৰ বাবে মতাদর্শগত অগ্ৰাধিকাৰ আৰু ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ প্ৰয়াস কৰাৰ লগতে মিত্ৰ বায়ু সেনাৰ মাজত তথ্যপূৰ্ণ আলোচনাক উৎসাহিত কৰা হয়।
চি এ পি এছ এ-ৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শ্বেল নাগেশ কাপুৰ (অৱসৰপ্ৰাপ্ত)-এ অনুষ্ঠানত আদৰণি ভাষণ দিয়ে। তেওঁ সমসাময়িক সংঘৰ্ষসমূহৰ সময়ত বায়ু শক্তিৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰাৰ লগতে ইয়াক ত্বৰান্বিত কৰাত চি এ পি এছ এছ-ৰ অৱদানৰ ওপৰত আলোকপাত কৰে। ২০০১ চনত ৰাষ্ট্ৰীয় নিৰাপত্তা, পাৰমাণৱিক আৰু মহাকাশ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া এক স্বতন্ত্ৰ গৱেষণা আৰু বিশ্লেষণ সংস্থা হিচাপে চি এ প এছ এছ প্ৰতিষ্ঠা কৰা হয়। ২০২৬ চন চি এ পি এছ এছ-ৰ ৰূপালী জয়ন্তী বৰ্ষ।
বায়ুসেনা প্ৰধান এয়াৰ চিফ মাৰ্শ্বেল এ পি সিঙে অনুষ্ঠানত উদ্বোধনী ভাষণ দিয়ে। চি এ এছ-এ বায়ু যুদ্ধত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূৰে মোকাবিলা কৰিবলৈ সংহত সামৰ্থ্য, কাৰ্য্যকৰী দৃঢ়তা আৰু আন্তঃব্যৱহাৰযোগ্যতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আৰম্ভণিৰে পৰাই স্পষ্ট পৰিচালনা নীতিৰ জৰিয়তে পৰিচালিত মানৱ আৰু মানৱ বিহীন অভিযানৰ একেসময়ৰ বিকাশ, আৰু যোগাযোগ তথা ডে’টা নেটৱৰ্কৰ সৈতে সকলো ছেন্সৰ, অস্ত্ৰ ব্যৱস্থা আৰু মানৱ বিহীন মঞ্চৰ একত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে যোগান শৃংখল শক্তিশালী কৰা, উদ্ভাৱনীমূলক প্ৰশিক্ষণ পদ্ধতি গ্ৰহণ কৰা আৰু দীৰ্ঘদিনীয়া কাৰ্য্যকলাপ অক্ষুণ্ণ ৰাখিবলৈ ক্ষমতা বৃদ্ধি কৰাৰ বাবেও আহ্বান জনায়। মানৱীয় সহায়, মিত্ৰ দেশসমূহক সমৰ্থন আৰু ৰাষ্ট্ৰৰ আন্তৰ্জাতিক স্থিতি আগুৱাই নিয়াৰ ক্ষেত্ৰত বায়ু শক্তিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি তেওঁ তথ্য যুদ্ধ আৰু ধাৰণা ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সাধাৰণ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ বায়ু সেনাৰ মাজত কাৰ্য্যকৰী অভিজ্ঞতাৰ অধিক বিনিময় আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰথম কাৰ্যকৰী অধিৱেশনত একবিংশ শতিকাত বায়ু যুদ্ধৰ ৰূপান্তৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু ইয়াত অধ্যক্ষতা কৰিছিল প্ৰাক্তন বায়ুসেনা প্ৰধান এয়াৰ চিফ মাৰ্শ্বেল ভি আৰ চৌধাৰীয়ে। এই অধিৱেশনত বায়ুৰ শ্ৰেষ্ঠতাৰ পৰা যুদ্ধক্ষেত্ৰ নিয়ন্ত্ৰণলৈ পৰিৱৰ্তন, সিদ্ধান্তৰ আধিপত্য আৰু কৌশলগত অস্ত্ৰ হিচাপে সংবাদ মাধ্যমৰ ভূমিকাৰ বিষয়ে অন্বেষণ কৰা হৈছিল।অংশগ্ৰহনকাৰীসকলে যুক্তি দিছিল যে বায়ু শক্তিৰ অৰ্থ এতিয়া কেৱল আকাশখন অধিকাৰ কৰা নহয়; বৰং ই এক সম্পূৰ্ণ কাৰ্য্যকৰী পৰিৱেশ তন্ত্ৰক জড়িত কৰে। এই অধিৱেশনত পৰম্পৰাগত ধাৰণাৰ লগতে আধুনিক বিষয়বস্তু এই দুয়োটা দিশতে আলোকপাত কৰা হয়। দ্বিতীয় অধিৱেশনত অধ্যক্ষতা কৰিছিল ৰয়েল অষ্ট্ৰেলিয়ান এয়াৰ ফ’ৰ্চৰ বায়ুসেনা প্ৰধান এয়াৰ মাৰ্শ্বেল ষ্টিফেন চেপেলে। অধিৱেশনত প্ৰতিৰোধ, বল প্ৰয়োগ, প্ৰকোপ নিয়ন্ত্ৰণ আৰু মানৱ মূলধনৰ বিকাশ সামৰি বায়ু শক্তিক ৰাষ্ট্ৰীয় শক্তিৰ কৌশল হিচাপে পৰীক্ষা কৰা হৈছিল।
এই অধিৱেশনত যুদ্ধক্ষেত্ৰৰ শেহতীয়া আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তা সামগ্ৰিকভাৱে পূৰণ কৰিবলৈ বায়ু শক্তিৰ প্ৰয়োজনীয় সংস্কাৰ সন্দৰ্ভত আলোচনা কৰা হৈছিল। ই প্ৰতিৰোধ আৰু আক্ৰমণ নিয়ন্ত্ৰণত বায়ু শক্তিৰ ভূমিকাকো বিশ্লেষণ কৰে। অন্তর্দৃষ্টিসম্পন্ন আৰু আকৰ্ষণীয় এই আলোচনাই অংশগ্ৰহণকাৰী আৰু অনলাইন দৰ্শকসকলক বায়ুসেনাৰ শক্তিৰ ভৱিষ্যত সন্দৰ্ভত মূল্যৱান, সমৃদ্ধ আৰু বৈচিত্ৰপূৰ্ণ দৃষ্টিভংগী গ্ৰহনৰ সুযোগ দিয়ে ৷

***
VK/JS/SM/DD
(ৰিলিজ আই ডি : 2322555)
অতিথি কক্ষ : 12