উপ-ৰাষ্ট্ৰপতি সচিবালয়
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ ৬৬ সংখ্যক পাঠ্যক্ৰমত অংশগ্ৰহনকাৰীসকলক সম্বোধন উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণণৰ
"ৰাষ্ট্ৰীয় কৌশলে ৰাষ্ট্ৰীয় অভিলাষক কাৰ্য্যলৈ আৰু ৰাষ্ট্ৰীয় উদ্দেশ্যক ৰাষ্ট্ৰীয় ফলাফললৈ ৰূপান্তৰ কৰিব লাগিব": উপ-ৰাষ্ট্ৰপতি
"ভাৰতে আনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নহয়, বৰং কোনো দেশৰ যাতে আমাৰ ওপৰত চৰ্ত আৰোপ কৰাৰ সামৰ্থ নাথাকে সেয়া নিশ্চিত কৰিবলৈ আগশাৰীৰ বিশ্ব শক্তি হ’বলৈ বিচাৰে ": উপ-ৰাষ্ট্ৰপতি
"ডাঙৰেই হওক বা সৰুৱেই হওক প্ৰতিখন সাৰ্বভৌম ৰাষ্ট্ৰ সমান": উপ-ৰাষ্ট্ৰপতি
উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বক সন্মান জনোৱাৰ আহ্বান জনাই কয় যে কোনো দেশেই আনৰ সীমা অতিক্ৰম কৰা উচিত নহয়
পোষ্ট কৰা হৈছে:
12 OCT 2026 12:51PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয় (এন ডি চি) ৰ ৬৬ সংখ্যক পাঠ্যক্ৰমত অংশগ্ৰহণকাৰীসকলক "ভাৰতৰ মূল মূল্যবোধ, ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ৰাষ্ট্ৰীয় উদ্দেশ্য" শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত সম্বোধন কৰে।
ভাৰতীয় সশস্ত্ৰ বাহিনী, অসামৰিক সেৱা, আৰক্ষী আৰু অন্যান্য চৰকাৰী সংস্থাৰ বিষয়াসকলৰ লগতে মিত্ৰভাৱাপন্ন বিদেশৰ ৪১ গৰাকী বিষয়াকে ধৰি ১২২ গৰাকী অংশগ্ৰহণকাৰীক সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতিয়ে সমসাময়িক নিৰাপত্তা খণ্ডৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত কৌশলগত চিন্তাধাৰা, সংহত নীতি নিৰ্ধাৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
ৰাষ্ট্ৰীয় প্ৰমূল্যসমূহে ৰাষ্ট্ৰীয় পৰিচয়ৰ ভেটি গঠন কৰে আৰু বিশ্বৰ সৈতে এখন দেশৰ সম্পৰ্কৰ পথ প্ৰদৰ্শন কৰে বুলি উল্লেখ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে ভাৰতৰ সভ্যতাৰ দৰ্শন 'বসুধৈৱ কুটুম্বকম' (বিশ্ব এক পৰিয়াল) ৰ কথা উল্লেখ কৰে। তেওঁ ক'ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতৰ ভেকচিন মৈত্ৰী পদক্ষেপ, দুৰ্যোগৰ সময়ত প্ৰথম সঁহাৰি দিয়া হিচাপে ইয়াৰ ভূমিকা আৰু জলবায়ু কাৰ্য্য তথা দুৰ্যোগ সহনশীলতাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পদক্ষেপত ইয়াৰ নেতৃত্বৰ কথা উল্লেখ কৰে।
উপ-ৰাষ্ট্ৰপতিয়ে মত প্ৰকাশ কৰে যে ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থ সাৰ্বভৌমত্ব, গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা, ন্যায়, স্বাধীনতা, সমতা, ভাতৃত্ববোধ আৰু ৰাষ্ট্ৰৰ একতা তথা অখণ্ডতাৰ সাংবিধানিক মূল্যবোধৰ পৰা প্ৰবাহিত হয়। তেওঁ পাঁচটা বিস্তৃত অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰেঃ ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা সুৰক্ষিত কৰা; ইয়াৰ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ ৰক্ষা কৰা; ইয়াৰ কৌশলগত, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামৰিক উদ্দেশ্যসমূহক আগুৱাই নিয়া; বিকাশ আৰু মানৱ উন্নয়নৰ বাবে এক সুস্থিৰ আৰু সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰা; আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুস্থিৰতাত অৰিহণা যোগোৱা।
ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ৰমান্বয়ে আন্তঃসংযুক্ত প্ৰকৃতিৰ ওপৰত আলোকপাত কৰি শ্ৰী ৰাধাকৃষ্ণণে সন্ত্ৰাসবাদ, চাইবাৰ ভাবুকি, মহামাৰী, জলবায়ু পৰিৱৰ্তন আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ দৰে প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ অধিক আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰা আৰু উমৈহতীয়া বিশ্বব্যাপী স্বাৰ্থ আগুৱাই নিয়াতো প্ৰায়ে পৰস্পৰৰ পৰিপূৰক লক্ষ্য, যাৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত সমন্বিত পদক্ষেপ, তথ্যৰ আদান-প্ৰদান আৰু পাৰস্পৰিক বিশ্বাসৰ প্ৰয়োজন।
বিকশিত ভাৰত @২০৪৭ক এক নিৰ্ধাৰিত ৰাষ্ট্ৰীয় উদ্দেশ্য হিচাপে উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে উপলব্ধ সম্পদ, সঠিক নীতি নিৰ্বাচন আৰু ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে দীৰ্ঘম্যাদী দৃষ্টিভংগীক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাই ভাৰতৰ আকাশসীমা, সামুদ্ৰিক স্বাৰ্থ আৰু চাইবাৰ স্পেচৰ সুৰক্ষাক সামৰি লোৱাৰ লগতে বহনক্ষম উন্নয়ন আৰু সমৃদ্ধিৰ বাবে ইতিবাচক পৰিৱেশ সৃষ্টি কৰে।
উপ-ৰাষ্ট্ৰপতিয়ে কয়, "ভাৰতৰ লক্ষ্য হৈছে বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হোৱা, আনৰ ওপৰত আধিপত্য বিস্তাৰ কৰা বা আনৰ ওপৰত চৰ্তাৱলী নিৰ্ধাৰণ কৰিবলৈ নহয়, বৰঞ্চ কোনো দেশে যাতে আমাৰ ওপৰত অনৈতিক চৰ্তাৱলী আৰোপ নকৰে সেয়া নিশ্চিত কৰিবলৈহে"। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু আত্মসন্মানক সন্মান কৰিব লাগিব আৰু দেশসমূহে আনৰ ভৌগোলিক সীমাত আক্ৰমণ কৰাৰ পৰা বিৰত থাকিব লাগিব।
গোলকীয় দক্ষিণৰ সৈতে শক্তিশালী সম্পৰ্কৰ আহ্বান জনাই শ্ৰী চি পি ৰাধাকৃষ্ণণে পাৰস্পৰিক সন্মান, সাৰ্বভৌম সমতা আৰু অংশীদাৰী উন্নয়নৰ অগ্ৰাধিকাৰৰ নীতিসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ দেশসমূহক প্ৰত্যাহ্বানৰ উপৰি প্ৰযুক্তি, বাণিজ্য, সংযোগ, শিক্ষা, উদ্ভাৱন আৰু সামৰ্থ্য নিৰ্মাণত সহযোগিতা শক্তিশালী কৰিবলৈ আহ্বান জনায়। দুৰ্নীতি গোলকীয় দক্ষিণৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি তেওঁ ইয়াক নিৰ্মূল কৰাৰ বাবে সামূহিক প্ৰচেষ্টাৰ বাবে আহ্বান জনায়।
উপ-ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণকাৰীসকলক ভৱিষ্যতৰ কৌশলগত নেতা হিচাপে প্ৰতিষ্ঠানিক আৰু পেছাদাৰী সীমাৰ উৰ্ধত এক সংহত আৰু অগ্ৰগামী দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ তেওঁলোকক তেওঁলোকৰ ৰাষ্ট্ৰসমূহক সংজ্ঞায়িত কৰা মূল্যবোধবোৰ বুজিবলৈ, সুৰক্ষিত কৰিব লগা স্বাৰ্থবোৰ চিনাক্ত কৰিবলৈ, স্পষ্ট উদ্দেশ্য নিৰ্ধাৰণ কৰিবলৈ, তেওঁলোকক বুদ্ধিমতাৰে অগ্ৰাধিকাৰ দিবলৈ আৰু ৰাষ্ট্ৰীয় উদ্দেশ্যক স্পষ্ট ফলাফললৈ ৰূপান্তৰ কৰাৰ বাবে কৌশল বিকাশ কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ কমাণ্ডেণ্ট এয়াৰ মাৰ্শ্বেল মনীষ কুমাৰ গুপ্তা, অধ্যাপক সদস্য আৰু ৬৬ সংখ্যক এন ডি চি পাঠ্যক্ৰমৰ অংশগ্ৰহণকাৰীসকল উপস্থিত থাকে।
*****
PR/ASM/VMJ/DD
(ৰিলিজ আই ডি : 2322549)
অতিথি কক্ষ : 4