মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
সপ্তম পৰ্যায়ৰ যুৱ সংগমৰ অধীনত অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ অন্বেষণ তেলেংগানাৰ প্ৰতিনিধি দলৰ
অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৈতে প্ৰতিনিধিসকলৰ মত বিনিময়
পোষ্ট কৰা হৈছে:
10 OCT 2026 7:20PM by PIB Guwahati
শিক্ষা মন্ত্ৰালয়ৰ অধীনৰ উচ্চ শিক্ষা বিভাগে ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত সাংস্কৃতিক আৰু আবেগিক বান্ধোন শক্তিশালী কৰাৰ বাবে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ পদক্ষেপৰ অধীনত সপ্তম পৰ্যায়ৰ যুৱ সংগম কাৰ্যসূচীৰ আয়োজন কৰিছে।
এই কাৰ্যসূচীয়ে ২০ সংযুক্ত ৰাজ্য আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ জৰিয়তে যুৱ অংশগ্ৰহণকাৰীসকলক বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা, শৈক্ষিক পৰিবেশ আৰু উন্নয়নমূলক সাফল্যৰ অন্বেষণত সহায় কৰে তথা পাৰস্পৰিক বুজাবুজি আৰু ৰাষ্ট্ৰীয় সংহতি বৃদ্ধি কৰে।
২০২৬ চনৰ ৪ অক্টোবৰত গুৱাহাটীত উপস্থিত হোৱাৰ পিছত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) গুৱাহাটীৰ তৰফৰ পৰা কৰ্ণাটকৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নেতৃত্বাধীন তেলেংগানাৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱা হয়।
তেলেংগানাৰ প্ৰতিনিধি দলটোৱে ২০২৬ চনৰ ৫ অক্টোবৰত অসমত এক যোগাসনৰ কাৰ্যসূচীৰে দিনটো আৰম্ভ কৰে। ইয়াত যুৱ প্ৰতিনিধিসকলে ভাৰতৰ পৰম্পৰাগত জ্ঞান আৰু সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ দিশৰ অভিজ্ঞতা লাভ কৰাৰ লগতে সুস্থতা, মননশীলতা আৰু ইতিবাচক শক্তিৰে তেওঁলোকৰ দিনটো আৰম্ভ কৰাৰ এক সুযোগ লাভ কৰে।
প্ৰতিনিধি দলটোৱে ২০২৬ চনৰ ৫ অক্টোবৰত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৈতে মত বিনিময় কৰে। এই মত বিনিময়ৰ জৰিয়তে যুৱ প্ৰতিনিধিসকলে অসমৰ সমৃদ্ধ ঐতিহ্য, পৰম্পৰা আৰু সাংস্কৃতিক গুৰুত্বৰ বিষয়ে অন্তৰ্দৃষ্টি লাভৰ সুযোগ পায়। এই মত বিনিময়ে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক দৃশ্যপট আৰু সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ গুৰুত্ব সম্পৰ্কীয় জ্ঞানেৰে তেওঁলোকক অধিক সমৃদ্ধ কৰে।
যুৱ সংগমৰ সপ্তম পৰ্যায়ৰ অধীনত তেলেংগানা-অসম বিনিময় কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে যুৱ ভাৰতীয়সকলক দেশৰ বৈচিত্ৰ্য অন্বেষণ কৰিবলৈ উৎসাহিত কৰা, নিজৰ গৃহ ৰাজ্যৰ বাহিৰৰ জনগোষ্ঠীৰ সৈতে জড়িত হোৱা আৰু ভাৰতৰ অংশীদাৰী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি গভীৰ কৃতজ্ঞতাবোধ গঢ়ি তোলা। এনে বিনিময় কাৰ্যসূচীয়ে যুৱক-যুৱতীসকলক অন্বেষণ, সংযোগ আৰু দীৰ্ঘকালীন স্মৃতি সৃষ্টি কৰাৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰে, আনহাতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ বৃহত্তৰ দৃষ্টিভংগীত অৰিহণা যোগায় আৰু বৈচিত্ৰ্যৰ মাজত একতাৰ বান্ধোন শক্তিশালী কৰে।


*******
AV/HS
(ৰিলিজ আই ডি : 2322358)
অতিথি কক্ষ : 10