বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ গোলকীয় প্ৰযুক্তি আৰু নিযুক্তি সৃষ্টিৰ দ্বৈত দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ
'দিল্লী আলোচনাঃ ভৱিষ্যমুখী ভাৰতৰ বাবে নীতি’ ত কেন্দ্ৰীয় মন্ত্ৰীৰ ভাষণ
বিশ্বৰ গাড়ী নিৰ্মাণ কেন্দ্ৰত পৰিণত হ’ব ভাৰতঃ শ্ৰী গোৱেল
পোষ্ট কৰা হৈছে:
12 OCT 2026 2:22PM by PIB Guwahati
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰযুক্তিৰ সৈতে জড়িত হোৱা আৰু গুৰুত্বপূৰ্ণ চাকৰি তথা ব্যৱসায়িক সম্ভাৱনা থকা ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ বাবে দ্বৈত দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজি নতুন দিল্লীত 'দিল্লী আলোচনাঃ ভৱিষ্যমুখী ভাৰতৰ নীতি' অনুষ্ঠানত উপস্থিত লোকসকলক সম্বোধন কৰি তেওঁ ব্যৱসায়, ষ্টাৰ্টআপ আৰু যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে কয়, "নতুন ধাৰণাৰে আগবাঢ়ি অহাৰ বাবে আমাৰ ষ্টাৰ্টআপ তথা আমাৰ যুৱক-যুৱতীসকলক সুযোগ প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ বাবে সুযোগ সৃষ্টি কৰা আৰু চাকৰিৰ সুবিধা প্ৰদানৰ জৰিয়তে আমি বিশ্ব বজাৰৰ অংশ হ’ব বিচাৰো। "
শ্ৰী গোৱেলে মুক্ত বাণিজ্য চুক্তি (এফটিএ) ৰ জৰিয়তে বিশ্ব বজাৰৰ সৈতে ভাৰতৰ সম্প্ৰসাৰিত সম্পৰ্কৰ ওপৰত আলোকপাত কৰি এই চুক্তিসমূহে ভাৰতীয় ব্যৱসায় আৰু যুৱক-যুৱতীসকলৰ বাবে সৃষ্টি কৰা সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে উন্নত অৰ্থনীতিৰ সৈতে ভাৰতৰ অংশীদাৰিত্বই দুয়ো পক্ষক লাভান্বিত কৰিব পাৰে। ভাৰত উন্নত প্ৰযুক্তি আৰু উচ্চ মানৰ ইলেক্ট্ৰনিক সঁজুলি লাভ কৰাৰ লগতে বস্ত্ৰ, জোতা, কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত আগশাৰীৰ স্থানত আছে। আন্তৰ্জাতিক সম্পৰ্ক আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী গোৱেলে কয়, "আমি বিশ্বৰ বাবে ভাৰতৰ দুৱাৰ বন্ধ কৰি দিয়া নাই। দৰাচলতে আমি সেইবোৰ বিস্তৃতভাৱে মুকলি কৰি দিছো।"
শ্ৰী পীয়ুষ গোৱেলে ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু ৰপ্তানিৰ বাবে উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰি অনুষ্ঠানত ভাষণ দিয়ে। শ্ৰী গোৱেলে ত্ৰিলিয়ন ডলাৰ মূল্যৰ ৰপ্তানিৰ লক্ষ্যৰ কথা উল্লেখ কৰাৰ লগতে এই লক্ষ্যত উপনীত হোৱাৰ বাবে ভাৰতৰ সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰে আৰু 'বিকশিত ভাৰত ২০৪৭' ৰ দিশত দেশৰ যাত্ৰাৰ অংশ হিচাপে উচ্চাভিলাষী ৰাষ্ট্ৰীয় লক্ষ্য অনুসৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ উন্নত ৰাষ্ট্ৰত পৰিণত হোৱাৰ উচ্চাকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিকাশত অৰিহণা যোগাব পৰা খণ্ডসমূহ চিনাক্ত কৰাৰ জৰিয়তে নিৰ্দিষ্ট পৰিকল্পনা যুগুত কৰা হৈছে।তেওঁ ভাৰতৰ কোটি কোটি লোকৰ মাজত সামগ্ৰী আৰু সেৱাৰ বৰ্ধিত চাহিদাৰ ওপৰত আলোকপাত কৰি কয় যে বৰ্ধিত আমদানিয়ে ঘৰুৱা উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলৰ বাবেও সুযোগৰ ইংগিত দিয়ে। তেওঁ উল্লেখ কৰে যে ইলেক্ট্ৰনিকছ আৰু ঘৰুৱা বৈদ্যুতিক সামগ্ৰী(white goods)ৰ বৰ্ধিত চাহিদাই ছেমিকণ্ডাক্টৰ কাৰখানাকে ধৰি ঘৰুৱা উৎপাদনত বিনিয়োগক উৎসাহিত কৰিব পাৰে।
শ্ৰী গোৱেলে পৰ্যটনক নিযুক্তি সৃষ্টি আৰু নতুন ব্যৱসায়িক সুযোগ সৃষ্টিৰ যথেষ্ট সম্ভাৱনা থকা এক খণ্ড হিচাপে উল্লেখ কৰে। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাই পৰ্যটনৰ প্ৰচাৰৰ দক্ষতা উন্নত কৰিব পাৰে। আনহাতে মানৱ অভিজ্ঞতা এই খণ্ডটোৰ কেন্দ্ৰবিন্দু হৈ থাকিব। তেওঁ কয়, "এআইয়ে কেৱল পৰ্যটনৰ প্ৰচাৰৰ দক্ষতা বৃদ্ধি কৰিব পাৰে। কিন্তু, মানৱৰ চাক্ষুষ অভিজ্ঞতা সদায় এআইমুক্ত হৈ থাকিব।" তেওঁ ভাৰতীয় খাদ্য পৰম্পৰা আৰু ফিল্টাৰ কফি, ৰসম, ইডলি আৰু ডোছাৰ দৰে সামগ্ৰীৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি ভাৰতৰ ৰন্ধন ঐতিহ্য আৰু আঞ্চলিক বৈচিত্ৰ্যৰ ওপৰতো আলোকপাত কৰে। শ্ৰী গোৱেলে ভাৰতৰ জনগাঁথনিগত সুবিধাৰ ওপৰতো আলোকপাত কৰি উল্লেখ কৰে যে বিশ্বৰ বহু অৰ্থনীতিত বয়সিয়াল জনসংখ্যাৰ হাৰ অধিক হোৱাৰ বিপৰীতে আমাৰ দেশৰ যুৱ জনসংখ্যাই এনে এক সময়ত সুযোগ প্ৰদান কৰে । তেওঁ জাৰ্মানী আৰু জাপানৰ দৰে দেশত ভাৰতীয় শ্ৰমিকৰ চাহিদাৰ কথা উল্লেখ কৰি ভাৰতীয় পেছাদাৰীসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰত অৰিহণা যোগোৱাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। শ্ৰী গোৱেলে আন্তঃৰাষ্ট্ৰীয়ভাৱে ভাৰতীয় শ্ৰমিকসকলৰ ওপৰত ৰখা বিশ্বাসৰ ওপৰতো আলোকপাত কৰি কয় যে ভাৰতীয়সকলক তেওঁলোকৰ সততা আৰু আনৰ যত্ন লোৱাৰ প্ৰতিশ্ৰুতিৰ বাবে সন্মান জনোৱা হয়।
শ্ৰী পীয়ুষ গোৱেলে ভাৰতে গাড়ী নিৰ্মাণৰ বাবে এক আন্ত:ৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব বুলি আস্থা প্ৰকাশ কৰি কয় যে বজাৰৰ চাহিদা এক কাৰ্যকৰী পৰিসৰত উপনীত হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় গাড়ী নিৰ্মাতাসকলে ভাৰতত ক্ৰমান্বয়ে নিৰ্মাণ আৰম্ভ কৰিব। যুক্তৰাজ্য আৰু ইউৰোপীয় সংঘৰ পৰা গাড়ী আমদানিৰ বাবে অনুমোদিত কোটাৰ কথা উল্লেখ কৰি শ্ৰী গোৱেলে ব্যাখ্যা কৰে যে এইবোৰে বহুলাংশে বেছি দামী গাড়ীবোৰ সামৰি লোৱাৰ বিপৰীতে কম দামৰ খণ্ডটো এই ক্ষেত্ৰত মুকলি কৰা হোৱা নাছিল। প্ৰথমতে ভাৰতীয় বজাৰ পৰীক্ষা কৰাৰ পিছত পুনেত নিৰ্মাণ কাৰখানা স্থাপন কৰা বিলাসী গাড়ী (অটোমোবাইল)-ৰ নিৰ্মাতাসকলৰ উদাহৰণ দি শ্ৰী গোৱেলে বিশ্বৰ অটোমোবাইল নিৰ্মাতাসকলক আকৰ্ষিত কৰা আৰু বিশ্বৰ গাড়ী নিৰ্মাণত ইয়াৰ স্থিতি শক্তিশালী কৰাৰ ভাৰতৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক সামৰ্থ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত মানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে মান উন্নত কৰাৰ বাবে ভাৰতীয় মানক ব্যুৰো আৰু ভাৰতীয় খাদ্য সুৰক্ষা তথা মানক কৰ্তৃপক্ষকে ধৰি নীতি নিৰ্ধাৰক, উদ্যোগৰ অংশীদাৰ আৰু প্ৰতিষ্ঠানসমূহৰ সামূহিক প্ৰচেষ্টাৰ বাবে আহ্বান জনায়। শ্ৰী গোৱেলে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সামৰণি মাৰে যে যদি ভাৰতে বিশ্বমানৰ মান গ্ৰহণ আৰু অনুশীলন কৰে, পৃথিৱীৰ কোনো শক্তিয়ে দেশক বাধা দিব নোৱাৰে আৰু বিশ্বত ভাৰতে আগস্থান দখল কৰিবলৈ সক্ষম হ’ব।
***
Abhishek Dayal/ Shabbir Azad/ Abhimanyu Panwar/DD
(ৰিলিজ আই ডি : 2322302)
অতিথি কক্ষ : 8