প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়া আৰু নিষ্পত্তিহীন কাম-কাজ হ্ৰাস কৰাৰ লক্ষ্যৰে ‘বিশেষ অভিযান ৬.০’ৰ অধীনত প্ৰাক্তন সৈনিক কল্যাণ বিভাগৰ তৎপৰতা বৃদ্ধি

পোষ্ট কৰা হৈছে: 11 OCT 2026 6:03PM by PIB Guwahati

ক্তন সৈনিক কল্যাণ বিভাগ (ডিইএছডব্লিউ)-এ স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়া আৰু চৰকাৰী কাম-কাজত নিষ্পত্তিহীন বিষয় হ্ৰাস কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ দেশজোৰা ‘বিশেষ অভিযান ৬.০’ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। কৰ্মক্ষেত্ৰৰ দক্ষতা বৃদ্ধি আৰু এক অধিক পৰিষ্কাৰ তথা বহনক্ষম কাৰ্যালয় পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ এই অভিযান চলোৱা হৈছে।

  • এই অভিযানৰ অংশ হিচাপে প্ৰাক্তন সৈনিক কল্যাণ বিভাগ আৰু ইয়াৰ অধীনস্থ কাৰ্যালয়সমূহে তেওঁলোকৰ প্ৰতিষ্ঠানসমূহত এলানি নিৰ্দিষ্ট কাৰ্যসূচী ৰূপায়ণ কৰিছে:
  • ই-আৱৰ্জনা ব্যৱস্থাপনাত গুৰুত্ব: ই-আৱৰ্জনা (ব্যৱস্থাপনা) বিধি অনুসৰি ই-আৱৰ্জনাৰ ফলপ্ৰসূ সংগ্ৰহ, বৈজ্ঞানিক পৃথকীকৰণ আৰু দায়িত্বশীল নিষ্কাষণক ডিইএছডব্লিউয়ে অগ্ৰাধিকাৰ দিছে। এই পদক্ষেপে আৱৰ্জনাবোৰক মূল্যৱান সম্পদলৈ ৰূপান্তৰ কৰিবলৈ উৎসাহিত কৰি ‘আৱৰ্জনাৰ পৰা সম্পদ’ ধাৰণাটোক প্ৰসাৰিত কৰিছে।
  • স্বচ্ছতা আৰু কৰ্মক্ষেত্ৰৰ মানোন্নয়ন: কৰ্মক্ষেত্ৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, সৌন্দৰ্য আৰু শৃংখলা বৃদ্ধিৰ বাবে সকলো প্ৰতিষ্ঠানতে সৰ্বাংগীণ স্বচ্ছতা অভিযান আৰু শ্ৰমদান কাৰ্যসূচী চলোৱা হৈছে, যাতে বিষয়া-কৰ্মচাৰী আৰু দৰ্শনাৰ্থী উভয়ৰে বাবে এক নিকা তথা অনুকূল পৰিৱেশ গঢ়ি উঠে।
  • প্ৰণালীবদ্ধভাৱে নিষ্পত্তিহীন বিষয় হ্ৰাস: প্ৰাক্তন সৈনিকসকলক উন্নত সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে অভিযোগ আৰু সংসদীয় আশ্বাসকে ধৰি বাকী থকা সকলো বিষয় ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰিবলৈ প্ৰশাসনিক প্ৰক্ৰিয়াসমূহ সৰল আৰু সুশৃংখল কৰা হৈছে।
  • সচেতনতা আৰু প্ৰাতিষ্ঠানিককৰণ: অভিযানভিত্তিক পদক্ষেপসমূহক যাতে স্থায়ী প্ৰশাসনিক পদ্ধতিলৈ ৰূপান্তৰ কৰিব পাৰি, তাৰ বাবে ডিইএছডব্লিউয়ে বিভাগটোৰ দৈনিক কাম-কাজত স্বচ্ছতাৰ নীতিসমূহ অন্তৰ্ভুক্ত কৰাৰ দীৰ্ঘম্যাদী ব্যৱস্থাও গ্ৰহণ কৰিছে।

এই ঐক্যবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে প্ৰাক্তন সৈনিক কল্যাণ বিভাগ ‘বিশেষ অভিযান ৬.০’ৰ লক্ষ্যত উপনীত হ’বলৈ আৰু দেশৰ প্ৰাক্তন সৈনিকসকলৰ সেৱাৰ প্ৰতি সমৰ্পিত এক অধিক পৰিষ্কাৰ, দক্ষ তথা সঁহাৰিমূলক প্ৰশাসন গঢ়ি তুলিবলৈ দায়বদ্ধ হৈ আহিছে।

 

*******

SR/PS/MM


(ৰিলিজ আই ডি : 2322046) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी