প্ৰতিৰক্ষা মন্ত্ৰালয়
দ্বিপাক্ষিক অনুশীলন কোংকন ২০২৬ৰ বাবে ব্ৰিটেইনৰ প্লাইমাউথত উপস্থিত আইএনএছ ত্ৰিশূল
পোষ্ট কৰা হৈছে:
11 OCT 2026 1:34PM by PIB Guwahati
ভাৰতীয় নৌসেনাৰ গাইডেড মিছাইল ষ্টিল্থ ফ্ৰিগেট আইএনএছ ত্ৰিশূল ব্ৰিটেইনৰ প্লাইমাউথত উপস্থিত হৈছে। জাহাজখন ৰয়েল নেভীৰ সৈতে অনুশীলন কোংকন ২০২৬’ত অংশগ্ৰহণ কৰিবলৈ অগ্ৰসৰ হৈছে।
ভাৰত আৰু যুক্তৰাজ্যৰ মাজত অনুষ্ঠিত বাৰ্ষিক দ্বিপাক্ষিক সামুদ্ৰিক অনুশীলন কোংকন -২৬ হৈছে দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া সামুদ্ৰিক অংশীদাৰিত্বৰ এক নিদৰ্শন। যোৱা দুটা দশকত এই অনুশীলনৰ পৰিসৰ আৰু কাৰ্যপ্ৰণালী যথেষ্ট বৃদ্ধি পাইছে, যিয়ে দুয়োখন নৌসেনাৰ মাজত সামুদ্ৰিক অভিযানৰ ক্ষেত্ৰত উন্নত পাৰস্পৰিক বুজাবুজি আৰু আন্তঃকাৰ্যক্ষমতা গঢ়ি তুলিছে। আৰম্ভণিৰে পৰাই ‘কোংকন’ সহযোগিতামূলক সম্পৰ্কৰ এক মূল আধাৰ হিচাপে গঢ় লৈ উঠিছে আৰু সামুদ্ৰিক সুৰক্ষা বৃদ্ধিৰ দিশত দুয়োটা নৌসেনাৰ অংগীকাৰবদ্ধতাক প্ৰতিফলিত কৰিছে।
এই অনুশীলন যুক্তৰাজ্যৰ প্লাইমাউথ উপকূলত ২০২৬ চনৰ ০৮ৰ পৰা ১৫ অক্টোবৰলৈ দুটা পৰ্যায়ত অনুষ্ঠিত হৈছে। বন্দৰ পৰ্যায়ত (হাৰ্বাৰ ফেজ) বিভিন্ন পেছাদাৰী আলোচনা, ক্ৰছ-ডেক পৰিদৰ্শন, ক্ৰীড়া প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্যসূচী আৰু দৰ্শনাৰ্থীৰ বাবে জাহাজখন মুকলি ৰখাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।
সাগৰীয় পৰ্যায় (চি ফেজ)ত বায়ু, পৃষ্ঠভাগ (জলপৃষ্ঠ) আৰু উপ-পৃষ্ঠভাগ (জলাবৰণৰ তল)— এই তিনিওটা ক্ষেত্ৰতে জটিল সামুদ্ৰিক অভিযানমূলক অনুশীলন সম্পন্ন হ’ব। ক্ৰছ-ডেক লেণ্ডিঙৰ সৈতে জড়িত উৰণ অভিযান, গুলীচালনা অনুশীলন, আকাশী প্ৰতিৰক্ষা অনুশীলন, জটিল নৌ-চালনা কৌশল আৰু ছাবমেৰিন-বিৰোধী অনুশীলনে এইবাৰৰ ‘কোংকন’ অনুশীলনক অধিক কাৰ্যকৰী কৰি তুলিব।
এই অনুশীলন হৈছে সুৰক্ষিত, উন্মুক্ত আৰু মুক্ত সাগৰ নিশ্চিত কৰাৰ যৌথ প্ৰতিশ্ৰুতিৰ এক পুনৰাবৃত্তি, যিয়ে ‘ভাৰত-ব্ৰিটেইন দৃষ্টিভংগী ২০৩৫’ত উল্লেখ থকা ব্যাপক কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰে।
উন্নত কাৰ্যপ্ৰণালীৰ আদান-প্ৰদান আৰু পাৰস্পৰিক বুজাবুজি সুদৃঢ় কৰি কোংকন ২৬-এ জটিল সামুদ্ৰিক পৰিস্থিতিত দুয়োটা নৌসেনাৰ একেলগে কাম কৰাৰ সামৰ্থ্যক অধিক শক্তিশালী কৰি তুলিব। এই অনুশীলনে ভাৰত আৰু ব্ৰিটেইনৰ নৌসেনাৰ মাজৰ অবিচ্ছেদ্য সম্পৰ্ক তথা সামুদ্ৰিক শান্তি আৰু নিৰাপত্তাৰ প্ৰতি তেওঁলোকৰ উমৈহতীয়া প্ৰতিশ্ৰুতিক পুনৰ প্ৰমাণ কৰে।



***
VM/SPS/MM
(ৰিলিজ আই ডি : 2321995)
অতিথি কক্ষ : 3