প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নানাজী দেশমুখৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গ্ৰাম্য উন্নয়নত তেওঁৰ অৱদানৰ ওপৰত আলোকপাত
পোষ্ট কৰা হৈছে:
11 OCT 2026 9:49AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নানাজী দেশমুখক জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক এগৰাকী অসাধাৰণ ৰাষ্ট্ৰ নিৰ্মাতা হিচাপে স্মৰণ কৰ৷ শ্ৰী মোদীয়ে কয় যে চিন্তাধাৰা আৰু কৰ্মৰ জৰিয়তে তেওঁ দেখুৱাই দিছিল যে প্ৰকৃত পৰিৱৰ্তনৰ আৰম্ভণি তৃণমূল পৰ্যায়তে হয়।
শ্ৰী মোদীয়ে কয় যে নানাজী দেশমুখে গঠনমূলক সামাজিক পদক্ষেপৰ সৈতে ৰাজনৈতিক প্ৰত্যয়ৰ সংমিশ্ৰণ ঘটাইছিল আৰু গ্ৰাম্য উন্নয়ন তথা সামূহিক অংশগ্ৰহণৰ বাবে নিজকে উৎসৰ্গিত কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে কয় যে এখন শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে নানাজী দেশমুখৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰই সকলো প্ৰয়াস অব্যাহত ৰাখিব ৷
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে লিখিছে;
‘নানাজী দেশমুখৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁক এগৰাকী অসাধাৰণ ৰাষ্ট্ৰ নিৰ্মাতা হিচাপে আদৰেৰে স্মৰণ কৰা হয় যিয়ে চিন্তা আৰু কৰ্মৰ দ্বাৰা দেখুৱাই দিছিল যে প্ৰকৃত পৰিৱৰ্তন তৃণমূল পৰ্যায়তে আৰম্ভ হয়। তেওঁৰ জীৱনে ৰাজনৈতিক প্রত্যয়ৰ সৈতে গঠনমূলক সামাজিক কাৰ্য্যৰ সংমিশ্ৰণ ঘটাইছিল, নিজকে গ্ৰাম্য উন্নয়ন আৰু সামূহিৰ অংশগ্ৰহণৰ বাবে উৎসৰ্গিত কৰিছিল। এখন শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে তেওঁৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আমি কোনো প্ৰয়াস এৰি নিদিওঁ।’
*****
MJPS/SS/VJ/MK
(ৰিলিজ আই ডি : 2321941)
অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam