বিত্ত মন্ত্ৰালয়
মাদক দ্ৰব্যৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে চলোৱা এক কঠোৰ অভিযানত ৰে’লযাত্ৰীৰ পৰা প্ৰায় ৫.৭৫ কিলোগ্ৰাম ক্ৰিষ্টেল মেথ জব্দ ডিআৰআইৰ; এজন গ্ৰেপ্তাৰ
পোষ্ট কৰা হৈছে:
11 OCT 2026 10:25AM by PIB Guwahati
চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত, ২০২৬ চনৰ ০৮–০৯ অক্টোবৰত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডিআৰআই)ৰ মাংগালুৰু আঞ্চলিক শাখাই দিল্লীৰ পৰা বেংগালুৰু অভিমুখী এখন ৰে’লেৰে যাত্ৰা কৰা এজন ভাৰতীয় নাগৰিকক আটক কৰে। যাত্ৰীজনৰ ট্ৰলী বেগটো পুংখানুপুংখভাৱে তালাচী চলাই তিনিটা পেকেটত থকা ৫.৭৫৩ কিলোগ্ৰাম বগা স্ফটিক সদৃশ পদাৰ্থ উদ্ধাৰ কৰা হয়, যি মেথামফেটামিন (ক্ৰিষ্টেল মেথ) বুলি সন্দেহ কৰা হৈছে।
নাৰ্ক’টিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক ছাবষ্টেন্সেছ (এনডিপিএছ) আইন, ১৯৮৫ৰ বিধান অনুসৰি সন্দেহযুক্ত মাদক দ্ৰব্যখিনি জব্দ কৰা হয়। অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ লগতে পাছত উপযুক্ত এনডিপিএছ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
সাধাৰণতে ক্ৰিষ্টেল মেথ বা আইচ নামেৰে পৰিচিত মেথামফেটামিন হৈছে এক শক্তিশালী, অত্যন্ত আসক্তিকাৰক কৃত্ৰিম মানসিক উদ্দীপক, যিয়ে স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায়। ইয়াৰ অপব্যৱহাৰে আসক্তিৰ সৃষ্টি কৰাৰ লগতে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। ভাৰতত মেথামফেটামিন হৈছে নাৰ্ক’টিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক ছাবষ্টেন্সেছ (এনডিপিএছ) আইন, ১৯৮৫ৰ অধীনত নিয়ন্ত্রিত এক নিচাযুক্ত পদাৰ্থ। এই আইনৰ অধীনত ইয়াৰ অননুমোদিত মজুতকৰণ, উৎপাদন, বিক্ৰী, ক্ৰয়, পৰিবহণ, আমদানি বা ৰপ্তানি এক শাস্তিযোগ্য অপৰাধ, য’ত অপৰাধৰ প্ৰকৃতি আৰু পৰিমাণৰ ওপৰত ভিত্তি কৰি শাস্তিৰ মাত্ৰা নিৰ্ধাৰণ কৰা হয়। বৰ্তমানৰ ঘটনাটোত জব্দ কৰা ৫.৭৫৩ কিলোগ্ৰামৰ পৰিমাণটো মেথামফেটামিনৰ বাবে নিৰ্ধাৰিত বাণিজ্যিক পৰিমাণ ৫০ গ্ৰামতকৈ বহু গুণে অধিক, যাৰ বাবে ১০–২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১–২ লাখ টকাৰ জৰিমনা বিহাৰ বিধান আছে।
চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলাই মাদক দ্ৰব্যৰ চোৰাং কাৰবাৰ প্ৰতিৰোধ কৰিবলৈ ডিআৰআই প্ৰতিশ্ৰুতিবদ্ধ হৈছে।

****
KT/KMN/MM
(ৰিলিজ আই ডি : 2321934)
অতিথি কক্ষ : 5