কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়
azadi ka amrit mahotsav

কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR) সম্পৰ্কীয় তৃতীয় ৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী (NCCSR ২০২৬) উদ্বোধন কেন্দ্ৰীয় কয়লা আৰু খনি ৰাজ্য মন্ত্ৰীৰ

“অৰ্থনৈতিক প্ৰগতিয়ে তেতিয়াহে পূৰ্ণতা পায়, যেতিয়া ইয়াৰ সুফল ‘অধিক শক্তিশালী সম্প্ৰদায়, অধিক বিস্তৃত সুযোগ আৰু অধিক স্থিতিস্থাপক অঞ্চল’ত প্ৰতিফলিত হয়”— কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সতীশ চন্দ্ৰ ডুবে

“বিকশিত ভাৰতৰ বাবে প্ৰয়োজনীয় সামূহিক প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ হৈছে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)”—কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ড০ পল্লৱী জৈন গভিল

পোষ্ট কৰা হৈছে: 10 OCT 2026 4:21PM by PIB Guwahati

কেন্দ্ৰীয় কয়লা আৰু খনি ৰাজ্য মন্ত্ৰী শ্ৰী সতীশ চন্দ্ৰ ডুবেই নতুন দিল্লীত কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় কৰ্প’ৰেট পৰিক্ৰমা প্ৰতিষ্ঠান (IICA)ৰ উদ্যোগত আয়োজিত কৰ্প’ৰেট সামাজিক দায়বদ্ধতা সম্পৰ্কীয় তৃতীয় ৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী (NCCSR ২০২৬) উদ্বোধন কৰে।  ৬ আৰু ৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনৰ বিষয়বস্তু আছিল— “বিকশিত ভাৰতৰ বাবে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)ৰ আদৰ্শৰ পুনৰ কল্পনা : বিধি-নিয়ম পালন কৰাৰ পৰা দায়বদ্ধতালৈ”।

অনুষ্ঠানত মূল ভাষণ দি কয়লা আৰু খনি বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী সতীশ চন্দ্ৰ ডুবেই ৰাষ্ট্ৰীয় অৰ্থনৈতিক বিকাশ, আঞ্চলিক উন্নয়ন আৰু প্ৰাকৃতিক সম্পদসমৃদ্ধ অঞ্চলসমূহৰ সম্প্ৰদায়ৰ কল্যাণৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে অৰ্থনৈতিক অৰ্থনৈতিক প্ৰগতিয়ে তেতিয়াহে পূৰ্ণতা পায়, যেতিয়া ইয়াৰ সুফল “অধিক শক্তিশালী সম্প্ৰদায়, অধিক বিস্তৃত সুযোগ আৰু অধিক স্থিতিস্থাপক অঞ্চল”ত প্ৰতিফলিত হয়।

তেওঁ লগতে কয় যে প্ৰাকৃতিক সম্পদ আৰু স্থানীয় সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত খণ্ডসমূহৰ ক্ষেত্ৰত বিকাশ আৰু সামাজিক উন্নয়নক পৃথক লক্ষ্য হিচাপে বিবেচনা কৰিব নোৱাৰি। এই উপলক্ষে তেওঁ কয়লা খণ্ডত অধিক সুসংগঠিত, প্ৰয়োজনভিত্তিক আৰু ফলাফলমুখী কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)ৰ  পদক্ষেপ গ্ৰহণৰ বাবে খণ্ডবিশেষৰ উপযোগী নিৰ্দেশনা প্ৰদানৰ উদ্দেশ্যে প্ৰস্তুত কৰা ভাৰতীয় কয়লা কোম্পানীসমূহৰ বাবে বিস্তৃত কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR) ৰূপৰেখা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।

উদ্বোধনী অধিৱেশনত ভাৰত কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR) তথ্যপুথি ২০২৪-২৫-ও প্ৰকাশ কৰা হয়। এই তথ্যপুথিখনে ভাৰতত পৰিৱৰ্তিত কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)ৰ পৰিস্থিতিৰ বিষয়ে একত্ৰিত তথ্যভিত্তিক সমল আগবঢ়ায়। এই অধিৱেশনত উপস্থিত থাকে ভাৰত চৰকাৰৰ কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ড০ পল্লৱী জৈন গভিল; ভাৰতত ৰাষ্ট্ৰসংঘৰ মহিলা সংস্থাৰ দেশীয় প্ৰতিনিধি শ্ৰীমতী শ্বোকো ইশ্বিকাৱা; আই আই চি এ (IICA)ৰ সঞ্চালক প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জ্ঞানেশ্বৰ কুমাৰ সিং; আৰু আই আই চি এ (IICA)ৰ  ‘স্কুল অব বিজনেছ এনভাইৰনমেণ্ট’ৰ মুৰব্বী অধ্যাপিকা গৰিমা দাধিচ।

উদ্বোধনী ভাষণত কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী পল্লৱী জৈন গভিলে ভাৰতৰ বৃহত্তৰ কৰ্প’ৰেট শাসন আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ কাঠামোৰ ভিতৰত কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)ৰ  স্থান ব্যাখ্যা কৰে। তেওঁ কয় যে NCCSR ২০২৬ৰ বিষয়বস্তুৱে অংশীদাৰসকলক “বাৰ্ষিক বাধ্যবাধকতাৰ ঊৰ্ধ্বলৈ চাবলৈ” আৰু ভাৰতৰ উন্নয়নৰ যাত্ৰাত দায়িত্বশীল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে আগবঢ়াব পৰা বৃহত্তৰ অৱদানৰ বিষয়ে বিবেচনা কৰিবলৈ আহ্বান জনাইছে।

ভাৰতৰ স্বকীয় বিধিবদ্ধ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR) কাঠামোৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই ব্যৱস্থাত বিধিবদ্ধ বাধ্যবাধকতাৰ সৈতে কোম্পানী পৰ্যায়ৰ দায়বদ্ধতা, পৰিচালনা পৰিষদৰ তদাৰকী, ৰাজহুৱা তথ্য প্ৰকাশ আৰু প্ৰভাৱ মূল্যায়নৰ সমন্বয় ঘটোৱা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে বিকশিত ভাৰতৰ বাবে প্ৰয়োজনীয় সামূহিক প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ হৈছে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)। তেওঁ ভাৰত কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)  তথ্যপুথি ২০২৪–২৫-ও প্ৰকাশ কৰে।

আদৰণী ভাষণত আই আই চি এ (IICA)ৰ   সঞ্চালক প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জ্ঞানেশ্বৰ কুমাৰ সিঙে আই আই চি এ (IICA)   সম্পৰ্কীয় আলোচনাসমূহ ৰূপায়ণ আৰু দৃশ্যমান উন্নয়নৰ ফলাফলৰ সৈতে সংযুক্ত কৰি ৰখাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)  ৰ জৰিয়তে চৰকাৰ, উদ্যোগ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ৰূপায়ণকাৰী সংস্থা, উন্নয়ন সহযোগী আৰু শিক্ষাজগতৰ মাজত সমন্বয় স্থাপন হয় বুলি উল্লেখ কৰি তেওঁ কয় , “সিদ্ধান্তসমূহ পৰিচালনা পৰিষদৰ কোঠাত গ্ৰহণ কৰা হ’ব পাৰে, কিন্তু ইয়াৰ মূল্য অৱশেষত বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ, জীৱিকা কাৰ্যসূচী, গাঁও, চহৰ আৰু জিলাসমূহতহে দেখা যায়, য’ত এই সিদ্ধান্তসমূহে মানুহৰ জীৱনত প্ৰভাৱ পেলায়।”

তেওঁ কয় যে ৰাষ্ট্ৰীয় কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)   প্ৰদৰ্শনীখন কেৱল প্ৰকল্পসমূহ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে নহয়, বৰং ফলাফলসমূহ দৃশ্যমান কৰি তোলা আৰু অভিজ্ঞতা আহৰণ, সফল পদক্ষেপৰ পুনৰাবৃত্তি তথা অংশীদাৰিত্বৰ বাবে এক মঞ্চ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানৰ পাছত “ছ’চিয়েল ষ্টক এক্সচেঞ্জ: উদ্দেশ্য, মূলধন আৰু প্ৰভাৱ” শীৰ্ষক এক বিশেষ আলোচনাৰ আয়োজন কৰা হয়। এই আলোচনাত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ নীতি-সম্পৰ্কীয় জ্যেষ্ঠ উপদেষ্টা শ্ৰী শৈলেশ কে. পাঠক আৰু অধ্যাপিকা গৰিমা দাধিচে অংশগ্ৰহণ কৰে। আলোচনাত সামাজিক উদ্দেশ্যৰ সৈতে মূলধনৰ সংযোগ স্থাপনৰ ক্ষেত্ৰত সামাজিক ষ্টক এক্সচেঞ্জৰ ভূমিকা আৰু সামাজিক খণ্ডৰ বিত্তীয় সাহায্যৰ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বিশ্বাসযোগ্য প্ৰভাৱ মূল্যায়ন, স্বচ্ছতা আৰু প্ৰতিষ্ঠানিক বিশ্বাসৰ গুৰুত্ব পৰীক্ষা কৰা হয়।

অধিৱেশনৰ দ্বিতীয় পৰ্যায়ত ভাৰত চৰকাৰৰ কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী অংশুমান পাটনায়কে মূল ভাষণ প্ৰদান কৰে। তেওঁৰ ভাষণত কৰ্প’ৰেট শাসনৰ বৃহত্তৰ পৰিপ্ৰেক্ষিতত কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)ৰ স্থান ব্যাখ্যা কৰে আৰু দায়িত্বশীল কৰ্প’ৰেট আচৰণ তথা প্ৰতিষ্ঠানিক সিদ্ধান্ত গ্ৰহণৰ এক অবিচ্ছেদ্য অংশ হিচাপে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)ক গ্ৰহণ কৰাৰ বাবে কোম্পানীসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

তেওঁ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)   এক্সচেঞ্জ প’ৰ্টেলত পঞ্জীয়ন কৰিবলৈ কোম্পানীসমূহক আহ্বান জনায়। কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)ৰ অংশীদাৰসকলৰ মাজত সংযোগ স্থাপন আৰু উদ্দেশ্যপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত এই প’ৰ্টেলৰ প্ৰাসংগিকতাৰ কথাও তেওঁ উল্লেখ কৰে।

মূল ভাষণৰ পাছত “কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)ত পৰিচালনা পৰিষদৰ শাসন আৰু কৌশলগত দায়বদ্ধতা” শীৰ্ষক এক উচ্চ পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR)ৰ কৌশলগত তদাৰকী সুনিশ্চিত কৰাৰ ক্ষেত্ৰত পৰিচালনা পৰিষদ আৰু জ্যেষ্ঠ ব্যৱস্থাপনাৰ ভূমিকা, ব্যয়ৰ সৈতে স্পষ্টভাৱে চিনাক্ত কৰা প্ৰয়োজনীয়তা আৰু ফলাফলৰ সংযোগ স্থাপন, লগতে ফলপ্ৰসূ নিৰীক্ষণ আৰু দায়বদ্ধতাৰ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনা কৰা হয়।

এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰে— ডালমিয়া ভাৰত ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ভাৰতীয় প্ৰতিযোগিতা আয়োগ আৰু ৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিবেদন প্ৰাধিকৰণৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী অশোক কুমাৰ গুপ্তা; অমৃতা বিশ্ব বিদ্যাপীঠমৰ সম-উপাচাৰ্য অধ্যাপিকা মনীষা ভি. ৰমেশ; অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেচন (ONGC)ৰ সঞ্চালক (উৎপাদন) শ্ৰী ভাস্কৰ চৌধুৰী নেত্তেম; গেইল (ইণ্ডিয়া) লিমিটেডৰ সঞ্চালক (মানৱ সম্পদ) শ্ৰী আয়ুষ গুপ্তা; ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডৰ কাৰ্যবাহী সঞ্চালক (সমন্বয় আৰু CSR) শ্ৰী বিভূতি ৰঞ্জন প্ৰধান; মহিন্দ্ৰা এগ্ৰি ছলিউচনছ লিমিটেডৰ স্বতন্ত্ৰ সঞ্চালক ড০ পূৰ্বী মেহতা; আৰু এইচচিএলটেকৰ উপ-সভাপতি শ্ৰীমতী ৰুচি সাধনা।

আলোচনাত পৰিচালনা পৰিষদৰ অধিক সক্ৰিয় অংশগ্ৰহণে প্ৰকল্পৰ প্ৰাসংগিকতা, ৰূপায়ণৰ সামৰ্থ্য, ভৌগোলিক আৰু বিষয়ভিত্তিক প্ৰয়োজনীয়তা, নিৰীক্ষণ, মূল্যায়ন আৰু বহনক্ষমতাৰ প্ৰতি অধিক মনোযোগ নিশ্চিত কৰি CSR সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণৰ গুণগত মান উন্নত কৰিব পাৰে বুলি উল্লেখ কৰা হয়৷ CSRৰ প্ৰতিশ্ৰুতিসমূহক দীৰ্ঘস্থায়ী উন্নয়নৰ ফলাফললৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত অংশীদাৰিত্ব আৰু পেছাদাৰী প্ৰতিষ্ঠানিক ব্যৱস্থাৰ গুৰুত্বৰ কথাও আলোচনাচক্ৰত উল্লেখ কৰা হয়।

দ্বিতীয় আলোচনাচক্ৰত “বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখি CSRৰ ক্ষেত্ৰভিত্তিক দৃষ্টিভংগী” শীৰ্ষক বিষয়ত আলোচনা কৰা হয়। ইয়াত CSRৰ অধীনত গ্ৰহণ কৰা পদক্ষেপসমূহ, খণ্ডভিত্তিক উন্নয়নৰ অগ্ৰাধিকাৰ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ মাজত অধিক ঘনিষ্ঠ সমন্বয় স্থাপনৰ প্ৰয়োজনীয়তা পৰীক্ষা কৰা হয়। ভাৰত চৰকাৰৰ কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী অনিতা শ্বাহ আকেল্লাই এই অধিৱেশনত সভাপতিত্ব কৰে। মূল ভাষণত তেওঁ বিভিন্ন খণ্ডৰ উন্নয়নজনিত প্ৰত্যাহ্বান, প্ৰতিষ্ঠানিক সামৰ্থ্য আৰু স্থানীয় অগ্ৰাধিকাৰৰ পাৰ্থক্যসমূহক স্বীকৃতি দি ক্ষেত্ৰভিত্তিক দৃষ্টিভংগী গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰে ভাৰত চৰকাৰৰ ৰাজহুৱা উদ্যোগ বিভাগৰ যুটীয়া সচিব শ্ৰী লুকাছ এল. কামছুৱান; শক্তি মন্ত্ৰালয়ৰ অৰ্থনৈতিক উপদেষ্টা শ্ৰীমতী ৰীতু জৈন; কয়লা মন্ত্ৰালয়ৰ উপ-মহানিৰ্দেশক ড০ চেতনা শুক্লা; পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ সামাজিক পৰিসংখ্যা বিভাগৰ উপ-মহানিৰ্দেশক শ্ৰীমতী ৰুচিকা গুপ্তা; পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উপ-সঞ্চালক প্ৰধান (তথ্য আৰু ব্যৱস্থাপনা) শ্ৰী ৰাজীৱ কুমাৰ; আৰু আইটিচিৰ কাৰ্যবাহী উপ-সভাপতি তথা সামাজিক বিনিয়োগ বিভাগৰ মুৰব্বী শ্ৰী প্ৰভাকৰ এল.। দ্য ৱাখলু এডভাইজৰীৰ প্ৰতিষ্ঠাপক তথা সভাপতি শ্ৰী ভাৰত ৱাখলুৱে অধিৱেশনখন পৰিচালনা কৰে।

আলোচনাচক্ৰত CSRৰ ক্ষেত্ৰত একেধৰণৰ পদ্ধতিৰ পৰিৱৰ্তে বিভিন্ন খণ্ডৰ সুকীয়া উন্নয়নমূলক পৰিস্থিতি, কাৰ্যকৰী পৰিসৰ আৰু অংশীদাৰসকলৰ প্ৰয়োজনীয়তাক স্বীকৃতি দিয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হয়। এই সন্দৰ্ভত কয়লা মন্ত্ৰালয় আৰু ক’ল ইণ্ডিয়া লিমিটেডৰ বাবে IICA-ই প্ৰস্তুত কৰা ক্ষেত্ৰভিত্তিক CSR কাঠামোসমূহৰ গুৰুত্ব বিশেষভাৱে উল্লেখ কৰা হয়। এই কাঠামোসমূহে খণ্ডভিত্তিক উন্নয়নৰ অগ্ৰাধিকাৰ আৰু সম্প্ৰদায়সমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰে।

ইয়াৰ উপৰি, বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ (SDG) সৈতে সংগতি ৰাখি CSRৰ প্ৰতিবেদন ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ ফলত ৰাষ্ট্ৰীয় আৰু বিশ্বজনীন উন্নয়নৰ অগ্ৰাধিকাৰসমূহৰ ক্ষেত্ৰত কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহৰ অৱদানৰ পদ্ধতিগত মূল্যায়ন সম্ভৱ হ’ব।

প্ৰথম দিনাৰ অধিৱেশনসমূহ CSRৰ প্ৰতিষ্ঠানিক গুণগত মান শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত ব্যাপক সহমতৰে সমাপ্ত হয়। ইয়াৰ ভিতৰত পৰিচালনা পৰিষদ পৰ্যায়ৰ তদাৰকী, প্ৰমাণভিত্তিক প্ৰকল্প নিৰ্বাচন, খণ্ডভিত্তিক সমন্বয়, বিভিন্ন কাৰ্যসূচীৰ মাজত সমন্বয় সাধন, নিৰীক্ষণ আৰু ফলাফলৰ মূল্যায়ন আদি অন্তৰ্ভুক্ত। আলোচনাৰ কাৰ্যবিৱৰণীত সন্মিলনৰ বিষয়বস্তুৰ প্ৰতিফলন ঘটাই কেৱল বিধি-নিয়ম পালনতে সীমাবদ্ধ নাথাকি অন্তৰ্ভুক্তিমূলক আৰু জুখিব পৰা উন্নয়নৰ প্ৰতি কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহৰ দীৰ্ঘস্থায়ী দায়বদ্ধতাৰ দিশে আগবঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

এই সন্মিলনত ভাৰত চৰকাৰৰ জ্যেষ্ঠ প্ৰতিনিধি, ৰাজহুৱা খণ্ডৰ উদ্যোগ, ব্যক্তিগত খণ্ডৰ কোম্পানী, আন্তঃৰাষ্ট্ৰীয় সংস্থা, শিক্ষাজগত আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰসমূহক সমৰ্থন কৰাৰ ক্ষেত্ৰত কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ পৰিৱৰ্তিত ভূমিকাক লৈ তেওঁলোকে আলোচনা কৰে। আলোচনাসমূহত প্ৰতিষ্ঠানিক দায়বদ্ধতা, স্থানীয় উন্নয়নৰ প্ৰয়োজনীয়তা, জুখিব পৰা ফলাফল আৰু অংশীদাৰসকলৰ মাজত ফলপ্ৰসূ সমন্বয়ৰ আধাৰত CSRৰ পদক্ষেপসমূহ পৰিচালিত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

NCCSR ২০২৬ ভাৰতীয় কৰ্প’ৰেট পৰিক্ৰমা প্ৰতিষ্ঠানৰ (IICA) ‘স্কুল অব বিজনেছ এনভাইৰনমেণ্ট’ৰ উদ্যোগত আয়োজন কৰা হয়। এই সন্মিলনত চৰকাৰ, ৰাজহুৱা খণ্ডৰ উদ্যোগ, কৰ্প’ৰেট সংস্থা, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, শিক্ষাজগত আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

 

***

ONP/PB


(ৰিলিজ আই ডি : 2321762) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil , Telugu