প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কুচি ৰাংকাউ জেলিয়াঙৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 10 OCT 2026 8:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ পুত্ৰ কুচি ৰাংকাউ জেলিয়াঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে  শোকসন্তপ্ত পৰিয়াল তথা বন্ধুবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখেঃ

 

"নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ পুত্ৰ কুচি ৰাংকাউ জেলিয়াঙৰ আকস্মিক বিয়োগত মই মৰ্মাহত হৈছো। এই দুখৰ সময়ত জেলিয়াং পৰিয়াল আৰু তেওঁলোকৰ বন্ধুবৰ্গৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।"

@TRZeliang

***

MJPS/SS/VJ/DB


(ৰিলিজ আই ডি : 2321681) অতিথি কক্ষ : 12