ফাৰ্মাচিউটিকেল বিভাগ
কৰ্কট ৰোগৰ ঔষধৰ দাম নিয়ন্ত্ৰণৰ পৰিসৰ বৃদ্ধি চৰকাৰৰ
ঔষধৰ দাম ৭০ শতাংশ পৰ্যন্ত হ্ৰাসৰ সম্ভাৱনা, কৰ্কট ৰোগীৰ বছৰি ২,৫০০ কোটি টকা ৰাহি হোৱাৰ আশা
পোষ্ট কৰা হৈছে:
08 OCT 2026 10:04PM by PIB Guwahati
১) অধিকসংখ্যক কৰ্কট ৰোগৰ ঔষধলৈ মূল্য সুৰক্ষাৰ সম্প্ৰসাৰণ
চৰকাৰে তালিকাভুক্ত নোহোৱা কৰ্কট ৰোগৰ ঔষধৰ যোগান আৰু বিক্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা বাণিজ্যিক মুনাফাৰ হাৰ নিৰ্ধাৰণ কৰি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই অনুসৰি, ঔষধসমূহৰ সৰ্বোচ্চ খুচুৰা বিক্ৰী মূল্য (এম আৰ পি)ৰ ৩০ শতাংশতকৈ অধিক বাণিজ্যিক মুনাফা ল’ব পৰা নাযাব।
এই ব্যৱস্থাৰ ফলত ঔষধৰ দাম সৰ্বাধিক ৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে বুলি আশা কৰা হৈছে। ইয়াৰ ফলত কৰ্কট ৰোগীসকলৰ বছৰি প্ৰায় ২,৫০০ কোটি টকা ৰাহি হোৱাৰ লগতে চিকিৎসাৰ বাবে নিজৰ পকেটৰ পৰা ব্যয় কৰিবলগীয়া ধনৰ পৰিমাণো যথেষ্ট হ্ৰাস পাব।
চৰকাৰী দাম নিয়ন্ত্ৰণৰ তালিকাত অন্তৰ্ভুক্ত অত্যাৱশ্যকীয় কৰ্কট ৰোগৰ ঔষধসমূহৰ দাম ইতিমধ্যে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সৰ্বোচ্চ সীমাৰ অধীনত আছে। নতুন সিদ্ধান্তৰ জৰিয়তে এই তালিকাত অন্তৰ্ভুক্ত নোহোৱা কৰ্কট ৰোগৰ ঔষধসমূহকো মূল্য সুৰক্ষাৰ আওতালৈ অনা হ’ব। ৰোগীৰ হাতলৈ ঔষধ অহাৰ পূৰ্বে যোগান শৃংখলৰ বিভিন্ন পৰ্যায়ত সংযোজন কৰা বাণিজ্যিক মুনাফাৰ হাৰ সীমিত কৰি ৰখা হ’ব।
কোনবোৰ ঔষধ এই ব্যৱস্থাৰ অধীনত সামৰি লোৱা হ’ব, সেই তালিকা স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ (ডিজিএইচএছ) অধীনত গঠন কৰা বিশেষজ্ঞ সমিতিয়ে চূড়ান্ত কৰিব। ইয়াৰ পিছত ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে (এনপিপিএ) এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি আনুষ্ঠানিক অধিসূচনা জাৰি কৰিব।
২) কৰ্কট ৰোগৰ চিকিৎসাৰ অত্যধিক ব্যয় হ্ৰাস
ভাৰতত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত প্ৰায় ৬০ জন লোক এই ৰোগত আক্ৰান্ত হয়। কৰ্কট ৰোগৰ চিকিৎসাৰ ব্যয় অত্যন্ত বেছি হোৱাৰ বাবে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালে গুৰুতৰ আৰ্থিক বোজা বহন কৰিবলগীয়া হয়। চিকিৎসাৰ অধিকাংশ ব্যয় বহু সময়ত নিজৰ পকেটৰ পৰাই বহন কৰিবলগীয়া হয়।
ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে বজাৰৰ তথ্য বিশ্লেষণ কৰি লাভ কৰা তথ্য অনুসৰি, তালিকাভুক্ত নোহোৱা কৰ্কট ৰোগৰ ঔষধৰ মূল্যত গড়ে প্ৰায় ১৭০ শতাংশ বাণিজ্যিক মুনাফা সংযোজন কৰা হয়। কিছুমান ক্ষেত্ৰত এই হাৰ ৭০০ শতাংশ বা তাতোকৈ অধিক হয়। অৰ্থাৎ, ঔষধবিধ যোগান শৃংখলৰ বিভিন্ন পৰ্যায় অতিক্ৰম কৰি ৰোগীৰ ওচৰ পোৱাৰ সময়লৈকে ইয়াৰ মূল্য যথেষ্ট বৃদ্ধি পায়।
ইয়াৰ উপৰি, খুচুৰা ঔষধৰ দোকান, চিকিৎসালয়ৰ ফাৰ্মাচী অথবা অনলাইন ঔষধ বিক্ৰীৰ মাধ্যমৰ পৰা ঔষধ ক্ৰয় কৰাৰ ক্ষেত্ৰতো মূল্যৰ যথেষ্ট তাৰতম্য দেখা যায়।
মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু কৰ্ণাটককে ধৰি কেইবাখনো ৰাজ্যৰ কৰ্তৃপক্ষই অত্যধিক ঔষধৰ মূল্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ৰোগী আৰু নাগৰিক সমাজৰ বিভিন্ন সংগঠনেও এই সন্দৰ্ভত আপত্তি উত্থাপন কৰিছে। বিশেষকৈ, বিক্ৰীৰ বাবে ঔষধ ক্ৰয় কৰা মূল্য আৰু গ্ৰাহকৰ পৰা আদায় কৰা সৰ্বোচ্চ খুচুৰা বিক্ৰী মূল্যৰ মাজত থকা বৃহৎ ব্যৱধানক লৈ ৰাজহুৱা মঞ্চসমূহত উদ্বেগ প্ৰকাশ কৰা হৈছে।
বিশেষকৈ, অধিক মূল্যৰ কৰ্কট ৰোগৰ ঔষধত এনে উচ্চ হাৰৰ বাণিজ্যিক মুনাফাই ৰোগীৰ চিকিৎসা-ব্যয় ভালেখিনি বৃদ্ধি কৰে। নতুন মূল্য নিয়ন্ত্ৰণ ব্যৱস্থাই অত্যধিক মুনাফা আদায়ৰ প্ৰৱণতা ৰোধ কৰিব, বজাৰত চলি থকা অন্যায্য মূল্য নিৰ্ধাৰণৰ পদ্ধতি নিয়ন্ত্ৰণ কৰিব আৰু ৰোগীসকলে যাতে ন্যায্য মূল্যত ঔষধ লাভ কৰে, সেয়া নিশ্চিত কৰাত সহায় কৰিব।
৩) ২০১৯ চনৰ সিদ্ধান্তৰ জৰিয়তে লাভ কৰা সকাহৰ আধাৰত নতুন পদক্ষেপ
চৰকাৰে পূৰ্বে গ্ৰহণ কৰা ব্যৱস্থাই প্ৰমাণ কৰিছে যে ঔষধৰ বাণিজ্যিক মুনাফাৰ হাৰ সীমিত কৰি দিলে ৰোগীসকলে যথেষ্ট সকাহ লাভ কৰিব পাৰে।
২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰৰ নিৰ্দেশত ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে ঔষধৰ মূল্য নিয়ন্ত্ৰণ আদেশ, ২০১৩ৰ ১৯ নং অনুচ্ছেদৰ অধীনত তালিকাভুক্ত নোহোৱা কৰ্কট ৰোগৰ ৪২ বিধ নিৰ্বাচিত ঔষধৰ বাণিজ্যিক মুনাফাৰ হাৰ নিৰ্ধাৰণ কৰি দিছিল।
সেই সিদ্ধান্তৰ ফলত ঔষধসমূহৰ সৰ্বোচ্চ খুচুৰা বিক্ৰী মূল্য ৯১ শতাংশ পৰ্যন্ত হ্ৰাস পাইছিল। ইয়াৰ জৰিয়তে ৫২৬টা ব্ৰেণ্ডৰ ঔষধৰ ক্ষেত্ৰত বছৰি প্ৰায় ৯৮৪ কোটি টকা ৰাহি হোৱা বুলি প্ৰকাশ পাইছিল। এই পদক্ষেপে কৰ্কট ৰোগীৰ আৰ্থিক বোজা যথেষ্ট হ্ৰাস কৰাৰ লগতে তেওঁলোকৰ জীৱন-যাপনৰ সুবিধা বৃদ্ধি কৰিছিল।
২০১৯ চনৰ সেই অভিজ্ঞতাৰ আধাৰত আৰু ঔষধৰ যোগান শৃংখলত চিনাক্ত হোৱা মূল্য নিৰ্ধাৰণৰ সমস্যাসমূহৰ সমাধানৰ লক্ষ্যৰে চৰকাৰে এইবাৰ অধিক বিস্তৃত পৰিসৰত বাণিজ্যিক মুনাফাৰ হাৰ সীমিত কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছে।
নতুন ব্যৱস্থাৰ ফলত বছৰি প্ৰায় ২,৫০০ কোটি টকা ৰাহি হ’ব বুলি কৰা অনুমানে কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰি থকা ৰোগীসকলক অধিক সকাহ দিয়াৰ সম্ভাৱনা সৃষ্টি কৰিছে।
৪) ঔষধৰ উৎপাদন অব্যাহত ৰখা আৰু সহজলভ্যতা নিশ্চিত কৰা
জীৱনদায়িনী ঔষধসমূহ যাতে বজাৰত সহজে পোৱা হৈ থাকে, সেয়া নিশ্চিত কৰিবলৈ তালিকাভুক্ত নোহোৱা কৰ্কট ৰোগৰ ঔষধৰ উৎপাদকসকলক বৰ্তমানৰ উৎপাদনৰ পৰিমাণ অটুট ৰাখিবলৈ নিৰ্দেশ দিয়া হ’ব।
এই মূল্য নিয়ন্ত্ৰণ ব্যৱস্থা সকলো শ্ৰেণীৰ তালিকাভুক্ত নোহোৱা কৰ্কট ৰোগৰ ঔষধৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ইয়াৰ ভিতৰত থাকিব—
* ব্ৰেণ্ডযুক্ত আৰু জেনেৰিক ঔষধ।
* দেশত উৎপাদিত আৰু আমদানিকৃত ঔষধ।
* পেটেণ্ট থকা আৰু পেটেণ্ট নথকা ঔষধ।
এই ব্যৱস্থাৰ জৰিয়তে ঔষধৰ দাম হ্ৰাস পোৱাৰ সুফল ৰোগীসকলে লাভ কৰাৰ লগতে তেওঁলোকৰ প্ৰয়োজনীয় ঔষধৰ নিৰন্তৰ যোগানো নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে।
***
PC/PM/PB
(ৰিলিজ আই ডি : 2321407)
অতিথি কক্ষ : 2