প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰপতিৰ শুভেচ্ছা আৰু উৎসাহ ভৰা বাণীৰ বাবে কৃতজ্ঞতা প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
07 OCT 2026 8:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ৰাষ্ট্ৰপতিক তেওঁৰ শুভেচ্ছা আৰু উৎসাহ ভৰা বাণীৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে পাৰ হৈ যোৱা বছৰবোৰ সেৱাৰ ক্ষেত্ৰত গভীৰ পূৰ্ণতাপূৰ্ণ যাত্ৰা, যি জনসাধাৰণৰ মৰম, বিশ্বাস আৰু আশীৰ্বাদৰ দ্বাৰা প্ৰতিটো পৰ্যায়তে গঢ় লৈ উঠিছে।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশখনে প্ৰত্যক্ষ কৰা প্ৰগতি সম্ভৱ হৈছে, কাৰণ কোটি ভাৰতীয়ই আত্মবিশ্বাস আৰু সংকল্পৰে ৰাষ্ট্ৰৰ পৰিবৰ্তনত অংশগ্ৰহণ কৰিবলৈ বাছি লৈছে। তেওঁ লগতে কয় যে এই পৰিবৰ্তন দৈনন্দিন জীৱনত প্ৰতিফলিত হোৱাটো বিশেষভাৱে আনন্দদায়ক।
প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে তেওঁ কৰ্তব্য আৰু নিষ্ঠাৰ একে মনোভাৱেৰে ৰাষ্ট্ৰৰ প্ৰতি সেৱা অব্যাহত ৰাখিব কিয়নো সকলোৱে একেলগে এক বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত আগবাঢ়ি আহিছে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছেঃ
‘ৰাষ্ট্ৰপতি মহোদয়, আপোনাৰ শুভেচ্ছা আৰু উৎসাহভৰা বাণীৰ বাবে ধন্যবাদ।
এই বছৰবোৰ হৈছে জনসাধাৰণৰ মৰম, বিশ্বাস আৰু আশীৰ্বাদৰ দ্বাৰা প্ৰতিটো পৰ্যায়তে ৰূপায়িত সেৱাৰ এক গভীৰভাৱে পূৰ্ণতাপূৰ্ণ যাত্ৰা।
আমি যি প্ৰগতি দেখিছো সেয়া সম্ভৱ হৈছে, কাৰণ কোটি কোটি ভাৰতীয়ই আত্মবিশ্বাস আৰু সংকল্পৰে ৰাষ্ট্ৰৰ পৰিবৰ্তনত অংশগ্ৰহণ কৰিবলৈ বাছি লৈছে। দৈনন্দিন জীৱনত এই পৰিবৰ্তন প্ৰতিফলিত হোৱাটো বিশেষভাৱে আনন্দদায়ক।
আমি সকলোৱে একেলগে বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত আগবাঢ়ি যোৱাৰ সময়তে মই কৰ্তব্য আৰু নিষ্ঠাৰ সেই একে মনোভাবেৰে ৰাষ্ট্ৰৰ সেৱা অব্যাহত ৰাখিম। @rashtrapatibhvn’
****
MJPS/SS/PRK/HS
(ৰিলিজ আই ডি : 2321214)
অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada