প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাকাশ খণ্ডত ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থ্যৰ বিষয়ে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 08 OCT 2026 6:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  মহাকাশ চোৰাংচোৱা আৰু প্ৰতিৰক্ষা কোম্পানী দিগন্তৰাৰ প্ৰতিষ্ঠাপক অনিৰুদ্ধ শৰ্মা আৰু তনভীৰ আহমেদে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। প্ৰবন্ধটোত ভাৰতে কেনেদৰে দ্ৰুতগতিত আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়িছে আৰু এসময়ত যিবোৰ ক্ষেত্ৰত ভাৰত আন দেশৰ ওপৰত নিৰ্ভৰশীল আছিল, সেইবোৰ ক্ষেত্ৰত কেনেদৰে নিজা সামৰ্থ্য গঢ়ি তুলিছে সেই বিষয়ত আলোকপাত কৰা হৈছে।

প্ৰবন্ধটোত মহাকাশ খণ্ডত ভাৰতে কেনেদৰে নিজৰ সামৰ্থ্য বৃদ্ধি কৰিছে, নতুন প্ৰযুক্তি বিকশিত কৰিছে আৰু বিশ্বত নিজৰ উপস্থিতি অধিক শক্তিশালী কৰি তুলিছে সেই বিষয়েও ব্যাখ্যা কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত  প্ৰকাশ কৰা এটা পোষ্টত  কয়—

“ভাৰতে দ্ৰুতগতিত আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়িছে। আজি দেশে এনে বহু সামগ্ৰী আৰু প্ৰযুক্তি নিজেই নিৰ্মাণ কৰি আছে, যিবোৰৰ বাবে এসময়ত আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। বিশ্বৰ মহাকাশ চোৰাংচোৱা আৰু প্ৰতিৰক্ষা কোম্পানী দিগন্তৰাৰ প্ৰতিষ্ঠাপক অনিৰুদ্ধ শৰ্মা আৰু তনভীৰ আহমেদে তেওঁলোকৰ প্ৰবন্ধটোত ভাৰতে কেনেদৰে মহাকাশ খণ্ডত নিজৰ সামৰ্থ্য বৃদ্ধি কৰিছে, নতুন প্ৰযুক্তি বিকশিত কৰিছে আৰু বিশ্বত নিজৰ এক শক্তিশালী পৰিচয় গঢ়ি তুলিছে,  সেই বিষয়ে উল্লেখ কৰিছে  ।”

 

***

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2321104) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Telugu , Kannada , Malayalam