প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চৰকাৰৰ শীৰ্ষ পদত ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰা উপলক্ষ্যে ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেয়ে জনোৱা শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কৃতজ্ঞতা জ্ঞাপন
পোষ্ট কৰা হৈছে:
07 OCT 2026 9:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেয়ে জনোৱা আন্তৰিক শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ ওপৰত প্ৰতিষ্ঠিত এক দীৰ্ঘস্থায়ী অংশীদাৰিত্বৰ বান্ধোনে ভাৰত আৰু ভূটানক বান্ধি ৰাখিছে।তেওঁ কয় যে উন্নত ভাৰত আৰু সমৃদ্ধ ভূটানৰ উমৈহতীয়া দৃষ্টিভংগী আগুৱাই নিবলৈ দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সহযোগিতা অব্যাহত ৰখাৰ বাবে তেওঁ আগ্ৰহী।
শ্ৰী মোদীয়ে এক্সত এনেদৰে লিখিছে—
“প্ৰধানমন্ত্ৰী টবগে, আপোনাৰ আন্তৰিক আৰু হৃদয়স্পৰ্শী বাৰ্তাৰ বাবে ধন্যবাদ। পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ ওপৰত প্ৰতিষ্ঠিত এক দীৰ্ঘস্থায়ী অংশীদাৰিত্বৰ বান্ধোনে ভাৰত আৰু ভূটানক বান্ধি ৰাখিছে। বিকশিত ভাৰত আৰু সমৃদ্ধ ভূটানৰ বাবে আমাৰ উমৈহতীয়া দৃষ্টিভংগী আগুৱাই নিবলৈ ঘনিষ্ঠ সহযোগিতা অব্যাহত ৰখাৰ বাবে মই আগ্ৰহী।”
@tsheringtobgay
***
MJPS/SS/VJ/DM
(ৰিলিজ আই ডি : 2320656)
অতিথি কক্ষ : 3