মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
মহিলা আৰু শিশু বিকাশ বিভাগীয় সন্মিলন ৮–৯ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব
পুষ্টি, শিশু সুৰক্ষা, মহিলাৰ সুৰক্ষা আৰু সবলীকৰণ সম্পৰ্কীয় মূল অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোচনা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহক একত্ৰিত কৰিব এই সন্মিলনে
অংগনৱাড়ী কেন্দ্ৰ, দুৰ্বল শ্ৰেণীৰ শিশুৰ সুৰক্ষা, মহিলাৰ নিৰাপত্তা আৰু মহিলাৰ সৱলীকৰণক সামৰি চাৰিটা মূল ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব এই সন্মিলনে
পোষ্ট কৰা হৈছে:
07 OCT 2026 6:39PM by PIB Guwahati
২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ গঢ়াৰ ভেটি হিচাপে এক ‘সুপুষ্ট, সুৰক্ষিত আৰু সৱল ভাৰত’ৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ২০২৬ চনৰ ৮ আৰু ৯ অক্টোবৰত নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত বিভাগীয় সন্মিলন আয়োজন কৰিব। সমবায় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক শক্তিশালী কৰা, ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহৰ সামূহিক দায়িত্ববোধ গঢ়ি তোলা আৰু কেন্দ্ৰ-ৰাজ্যৰ ঘনিষ্ঠ সহযোগিতাৰ জৰিয়তে কাৰ্যকৰী ফলাফল ক্ষিপ্ৰতৰ কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পনা কৰা বিভাগীয় সন্মিলন শৃংখলাৰ এইখন দ্বিতীয়খন সন্মিলন হিচাপে বিবেচিত হৈছে।
বিভাগীয় সন্মিলনৰ এই আৰ্হিয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৰাজনৈতিক নেতৃত্ব তথা জ্যেষ্ঠ বিষয়াসকলক একত্ৰিত কৰি বিভাগীয় অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোচনা কৰা, উত্তম অনুশীলনসমূহ ভাগ-বতৰা কৰা, ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ সমাধান কৰা আৰু উন্নত প্ৰশাসন তথা সেৱা প্ৰদানৰ বাবে সময়সীমাভিত্তিক পদক্ষেপত সহমত পোষণ কৰাৰ সুযোগ প্ৰদান কৰে।
দুদিনীয়া এই সন্মিলনত চাৰিটা মূল বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব:
- উন্নত পুষ্টি আৰু প্ৰাৰম্ভিক শিক্ষাৰ বাবে অংগনৱাড়ী কেন্দ্ৰসমূহক নতুন ৰূপত সজাই তোলা
- দুৰ্বল শ্ৰেণীৰ শিশুসকলৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা
- প্ৰতিষ্ঠানিক আৰু আইনী ব্যৱস্থাসমূহৰ কাৰ্যকৰী ৰূপায়ণৰ জৰিয়তে মহিলাৰ সুৰক্ষা নিশ্চিত কৰা
- মূল আঁচনিসমূহৰ কাৰ্যক্ষমতা আৰু ফলাফল বৃদ্ধিৰ জৰিয়তে মহিলাৰ সবলীকৰণ
প্ৰথমদিনাৰ আলোচনাত ‘টেক-হোম ৰেচন’ আৰু ৰন্ধা গৰম খাদ্যৰ গুণগত মান, ‘পোষণ ট্ৰেকাৰ’ তথ্যৰ গুণমান উন্নত কৰা, প্ৰাৰম্ভিক শৈশৱৰ যত্ন আৰু শিক্ষা, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱকে ধৰি দুৰ্বল শ্ৰেণীৰ শিশুসকলৰ বাবে সুৰক্ষা ব্যৱস্থা আৰু মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা ৰূপায়ণমূলক প্ৰত্যাহ্বান তথা সমাধানৰ বিষয়ে সামৰি লোৱা হ’ব। দ্বিতীয় দিনাৰ আলোচনা মহিলা সবলীকৰণৰ মূল আঁচনিসমূহৰ কাৰ্যকাৰিতা আৰু ফলাফল বৃদ্ধিৰ বাবে উৎসৰ্গিত হ’ব।
অংশগ্ৰহণকাৰী ৰাজ্যসমূহে নিজৰ অভিজ্ঞতা, প্ৰত্যাহ্বান আৰু উত্তম অনুশীলনসমূহ ব্যক্ত কৰিব আৰু সমবায় যুক্তৰাষ্ট্ৰীয় মনোভাৱ তথা যৌথ দায়িত্ববোধক সুদৃঢ় কৰি সন্মত ফলাফলত উপনীত হ’বলৈ চেষ্টা কৰিব। সামৰণি অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত মূল ফলাফল আৰু সেইসমূহ অৰ্জনৰ বাবে গ্ৰহণ কৰা কাৰ্যপৰিকল্পনা দাঙি ধৰা হ’ব। প্ৰধানমন্ত্ৰীৰ মাৰ্গদৰ্শনে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক সংকল্পক উৎসাহিত কৰিব আৰু নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ নিৰ্ণায়ক তথা সময়সীমাভিত্তিক পদক্ষেপৰ গতি নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।
RC/PC/MM
(ৰিলিজ আই ডি : 2320547)
অতিথি কক্ষ : 3