উপ-ৰাষ্ট্ৰপতি সচিবালয়
উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণণৰ শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহত সম্বোধন
“সংস্কৃত হৈছে সেই সোণোৱালী সূতা, যিয়ে ভাৰতৰ বিভিন্ন ভাষাক এডাল অপূৰ্ব মালাৰ দৰে গাঁথি ৰাখিছে”: উপ-ৰাষ্ট্ৰপতি
“আমাৰ প্ৰাচীন জ্ঞানৰাজিক সংৰক্ষণ, অধ্যয়ন, সঠিক ব্যাখ্যা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে উপলব্ধ কৰি তুলিব লাগিব”: উপ-ৰাষ্ট্ৰপতি
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সংস্কৃতৰ পুনৰুজ্জীৱনৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি হৈছে”: উপ-ৰাষ্ট্ৰপতি
“ছ’চিয়েল মিডিয়াৰ সদ্ব্যৱহাৰ কৰক; ভাৰ্চুৱেল জগতে যাতে আপোনাক বাস্তৱ জগতখনৰ পৰা আঁতৰাই লৈ নাযায়, তালৈ লক্ষ্য ৰাখক”: উপ-ৰাষ্ট্ৰপতি
পোষ্ট কৰা হৈছে:
06 OCT 2026 4:25PM by PIB Guwahati
নতুন দিল্লীৰ কুটুব ইনষ্টিটিউচনেল এলেকাত অৱস্থিত শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহত আজি উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণণে ভাষণ আগবঢ়ায়। এই উপলক্ষে তেওঁ ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱক, অধ্যাপক-অধ্যাপিকাসকল আৰু বিশ্ববিদ্যালয় পৰিয়ালক অভিনন্দন জনায়। ইয়াৰ উপৰি তেওঁ উপস্থিত সকলোকে “মাদক দ্ৰব্যক না কওক” সংকল্প গ্ৰহণ কৰোৱায় আৰু মেধাৱী উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সোণৰ পদক প্ৰদান কৰে।
এখন সংস্কৃত বিদ্যাপীঠৰ পৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ প্ৰতিষ্ঠানখনৰ উত্তৰণৰ যাত্ৰাক আলোকপাত কৰি শ্ৰী চিপি ৰাধাকৃষ্ণণে কয় যে এতিয়া এই বিশ্ববিদ্যালয়ে সংস্কৃত অধ্যয়নৰ এক আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় উৎকৃষ্ট কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ সময় আহি পৰিছে, যাৰ জৰিয়তে ইয়াৰ প্ৰতিষ্ঠাতা, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ সপোন বাস্তৱায়িত হ’ব। শ্ৰী শাস্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ উল্লেখ কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অমৰ আহ্বান “জয় জৱান, জয় কিষাণ” কেৱল এক শ্লোগানেই নাছিল, বৰঞ্চ ই দেশৰ সীমান্ত সুৰক্ষা আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৃঢ় সংকল্পক প্ৰতিফলিত কৰিছিল।
বিশ্ববিদ্যালয়খনে নাকৰ সৰ্বোচ্চ ‘এ++’ গ্ৰেড লাভ কৰাৰ লগতে ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিভিন্ন ক্ষেত্ৰত গৱেষণা চলাই নিয়াৰ বাবে উপ-ৰাষ্ট্ৰপতিয়ে প্ৰতিষ্ঠানখনক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে প্ৰতিটো ভাৰতীয় ভাষাই দেশখনক সমৃদ্ধ কৰিছে যদিও ভাৰতৰ বিভিন্ন ভাষাক মুকুতাৰ দৰে এডাল অপূৰ্ব মালাত গাঁথি ৰখা ‘সোণোৱালী সূতাডাল’ হৈছে সংস্কৃত। চৌহদজুৰি ‘শুভাষিত’ৰ জৰিয়তে সংস্কৃত ভাষাক সজীৱ কৰি ৰখাৰ প্ৰয়াস, বিদ্যাপীঠ পঞ্জিকা প্ৰকাশৰ ৪৪ বছৰীয়া ঐতিহ্য আৰু প্ৰাকৃত তথা বাস্তু শাস্ত্ৰকে ধৰি ধ্ৰুপদী বিষয়সমূহৰ শিক্ষাদান কাৰ্যসূচী অব্যাহত ৰখাৰ বাবেও তেওঁ বিশ্ববিদ্যালয়খনৰ শলাগ লয়।
শ্ৰী চিপি ৰাধাকৃষ্ণণে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতৰ বিকাশ সদায় নিজৰ সভ্যতা আৰু ঐতিহ্যৰ শিপাৰ সৈতে সংলগ্ন হৈ থাকিব লাগিব। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হাতত লোৱা কেইবাটাও পদক্ষেপে সংস্কৃত ভাষাৰ পুনৰুজ্জীৱন আৰু ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰচাৰৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তুলিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আৰু ‘অষ্টাদশী’ আঁচনিৰ প্ৰসংগ টানি তেওঁ কয় যে দুৰ্লভ সংস্কৃত পুথিসমূহ যাতে কোনো কাৰণতে হেৰাই নাযায় তাৰ বাবে সেইবোৰ সংৰক্ষণ, নিবিড় অধ্যয়ন আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে সহজলভ্য কৰি তোলাটো অতিকে প্ৰয়োজনীয়।
ভাৰতৰ পাণ্ডুলিপি ঐতিহ্যৰ সৈতে অধিক শৈক্ষিক সম্পৃক্ততা বৃদ্ধিৰ আহ্বান জনাই উপ-ৰাষ্ট্ৰপতিয়ে বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক অপ্ৰকাশিত সংস্কৃত পাণ্ডুলিপিসমূহৰ সন্ধান, সংৰক্ষণ, সমালোচনাত্মক সম্পাদনা আৰু প্ৰকাশৰ দায়িত্ব ল’বলৈ অনুৰোধ জনায়। ‘জ্ঞান ভাৰতম অভিযান’ৰ কথা উল্লেখ কৰি তেওঁ কয় যে পাণ্ডুলিপি সংৰক্ষণ আৰু তথ্য সংগ্ৰহৰ বাবে ৫০০ কোটি টকাৰ প্ৰাথমিক পুঁজিৰে গঠিত এই পদক্ষেপে ভাৰতৰ বিশাল পাণ্ডুলিপি ঐতিহ্যক দেশবাসীৰ লগতে বিশ্ববাসীৰ কাষ চপাই আনিছে।
উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শ্ৰী চিপি ৰাধাকৃষ্ণণে তেওঁলোকক আজীৱন শিক্ষার্থী হৈ থাকিবলৈ আৰু নিজৰ আচার্য তথা পিতৃ-মাতৃয়ে প্ৰদান কৰা মূল্যবোধক আগুৱাই লৈ যাবলৈ আহ্বান জনায়। কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত তেওঁ সংস্কৃতৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায়।
উপ-ৰাষ্ট্ৰপতিয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্য আৰু নিচাজাতীয় সামগ্ৰীৰ অপব্যৱহাৰৰ পৰা আঁতৰি থাকি অনুশাসন, খেল-ধেমালি, সৎ সংগ আৰু অৰ্থপূৰ্ণ কৰ্মৰাজি বাছি ল’বলৈ অনুৰোধ জনায়। ইয়াৰ উপৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰত সতৰ্ক আৰু সংযমী হ’বলৈ পৰামৰ্শ দিয়ে যাতে তেওঁলোকে নিজৰ বহুমূলীয়া সময় কিতাপ পঢ়া, জ্ঞান আহৰণ, দক্ষতা বৃদ্ধি আৰু আন্তৰিক মানৱীয় সম্পৰ্ক গঢ়াত বিনিয়োগ কৰিব পাৰে।
অনুষ্ঠানৰ সময়ছোৱাত উপ-ৰাষ্ট্ৰপতিয়ে ‘আম্নায় কল্পতৰু’, ‘বিদ্যামিত্ৰম’ আৰু ‘শোধ প্ৰভা’ (জুলাই-ছেপ্টেম্বৰ ২০২৬) শীৰ্ষক তিনিখন গ্ৰন্থও উন্মোচন কৰে।
এই সমাৰোহত কেন্দ্ৰীয় শিক্ষা আৰু ড’নাৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সুকান্ত মজুমদাৰ, শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ মূৰুলী মনোহৰ পাঠক, বিশিষ্ট পণ্ডিতসকল, আচাৰ্যসকল, বিষয়া-কৰ্মচাৰী, অধ্যাপক-অধ্যাপিকাসকল, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সংস্কৃত অনুৰাগীসকল উপস্থিত থাকে।
PR/ASM/VMJ/MM
(ৰিলিজ আই ডি : 2319917)
অতিথি কক্ষ : 6