বিত্ত মন্ত্ৰালয়
ডিএফএছৰ সচিব শ্ৰী সঞ্জয় লোহিয়াৰ অধ্যক্ষতাত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিত্তীয় অন্তৰ্ভুক্তিকৰণ আঁচনিৰ অগ্ৰগতি সম্পৰ্কীয় পৰ্যালোচনা বৈঠক
বৈঠকত বেংকসমূহক ডিজিটেল প্ৰসাৰ বৃদ্ধি আৰু ঋণৰ সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াকৰণত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান
পোষ্ট কৰা হৈছে:
06 OCT 2026 5:23PM by PIB Guwahati
বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগৰ (ডিএফএছ) সচিব শ্ৰী সঞ্জয় লোহিয়াই আজি নতুন দিল্লীত সকলো ৰাজহুৱা খণ্ডৰ বেংকৰ (পিএছবি) মুৰব্বী আৰু প্ৰধান ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ (পিভিবি) কাৰ্যবাহী সঞ্চালকসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত পৌৰোহিত্য কৰে। এই পৰ্যালোচনা বৈঠকত বিত্তীয় সেৱা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে।
বৈঠকত প্ৰধানমন্ত্ৰী জন ধন যোজনা (পিএমজেডিৱাই), প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (পিএমজেজেবিৱাই), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (পিএমএছবিৱাই), অটল পেঞ্চন যোজনা (এপিৱাই), প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই), ষ্টেণ্ড আপ ইণ্ডিয়া, প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি (পিএম স্বনিধি), প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আৰু কেচিচি আদি বিভিন্ন বিত্তীয় অন্তৰ্ভুক্তিকৰণ আঁচনিৰ অগ্ৰগতিৰ বিতং পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰি বেংক সেৱাহীন গাঁওসমূহত স্থায়ী বেংক শাখা খোলা আৰু বেংকিং কৰেছপণ্ডেণ্ট (বিচি) নিয়োগৰ অগ্ৰগতিও পৰ্যালোচনা কৰা হয়।
ডিএফএছৰ সচিব শ্ৰী সঞ্জয় লোহিয়াই কয় যে চৰকাৰৰ বিভিন্ন ফ্লেগশ্বিপ আঁচনিৰ জৰিয়তে দেশত বিত্তীয় অন্তৰ্ভুক্তিকৰণ সুদৃঢ় কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে যদিও বেংকসমূহে নিজৰ ডিজিটেল প্ৰসাৰ অধিক সম্প্ৰসাৰণ কৰা আৰু ঋণৰ সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াকৰণত গুৰুত্ব আৰোপ কৰা উচিত। ইউপিআইৰ জৰিয়তে ক্ৰেডিট লাইন আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে ক্ৰেডিট কাৰ্ডৰ দৰে মাধ্যমসমূহৰ সহায়ত কাৰ্যকৰী মূলধন ঋণ প্ৰদানৰ বিষয়েও আলোচনা কৰা হয়। তেওঁ বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ অধীনত বেংকসমূহে লাভ কৰা অগ্ৰগতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰে আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণ আঁচনিসমূহত ব্যক্তিগত খণ্ডৰ বেংকসমূহক অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ তেওঁ আহ্বান জনায়।
বৈঠকত ডিএফএছৰ সচিব শ্ৰী সঞ্জয় লোহিয়াই বেংকসমূহক জনসুৰক্ষা বীমা আঁচনিসমূহত দাবী লাভৰ যোগ্যতা সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে হিতাধিকাৰীৰ অনাকাংক্ষিত মৃত্যুৰ পিছত মনোনীত ব্যক্তিয়ে ধন লাভ কৰিব পাৰে। এই আঁচনিসমূহৰ দাবী সম্পৰ্কীয় ওজৰ-আপত্তি নিষ্পত্তিৰ ক্ষেত্ৰত বিশেষ যত্ন ল’বলৈও বেংকসমূহক পৰামৰ্শ দিয়া হয়। তেওঁ পিএমজেজেবিৱাই আৰু পিএমএছবিৱাইৰ সকলো নতুন হিতাধিকাৰীক জন সুৰক্ষা প’ৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিয়ে; কিয়নো এই প’ৰ্টেল সকলো বেংক আৰু বীমা কোম্পানীৰ সৈতে সংযুক্ত হ’ব, যাৰ ফলত তথ্যৰ গুণগত মান বৃদ্ধি পাব আৰু কাম-কাজ সহজ হৈ পৰিব। বৈঠকত অটল পেঞ্চন যোজনাৰ ধাৰাবাহিকতাৰ অনুপাত বৃদ্ধিৰ উপায় সম্পৰ্কেও আলোচনা কৰা হয়।
শ্ৰী লোহিয়াই বেংকসমূহক অহা ২১.১০.২০২৬ৰ পৰা ৩১.১২.২০২৬লৈ হ’বলগীয়া সম্পূৰ্ণ বিত্তীয় অন্তৰ্ভুক্তিকৰণ অভিযানত আন্তৰিকতাৰে অংশগ্ৰহণ কৰিবলৈ আৰু সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকসকলক সেৱা আগবঢ়োৱা তথা তেওঁলোকৰ বেংকিং প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়।



KT/ AD/MM
(ৰিলিজ আই ডি : 2319910)
অতিথি কক্ষ : 6