ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

এইমছ বিলাসপুৰৰ প্ৰথম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ ৰাষ্ট্ৰপতিৰ

সুলভ, সহজলভ্য আৰু কম খৰচী স্বাস্থ্যসেৱাৰ সমাধান উলিওৱাটো এইমছৰ দৰে শীৰ্ষ প্ৰতিষ্ঠানসমূহৰ বাবে এক সুযোগ: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 06 OCT 2026 3:27PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (০৬ অক্টোবৰ, ২০২৬) হিমাচল প্ৰদেশৰ বিলাসপুৰত এইমছ বিলাসপুৰৰ প্ৰথম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চিকিৎসা বৃত্তিৰ মূল উদ্দেশ্য হ’ব লাগে মানৱতাৰ সেৱা কৰা। তেওঁ উল্লেখ কৰে যে এগৰাকী অসুস্থ ব্যক্তিয়ে চিকিৎসকৰ ওচৰলৈ যাওঁতে কেৱল বেমাৰৰ ভয় আৰু অনিশ্চয়তাই লৈ নাযায়, বৰঞ্চ এক আশা লৈও যায়। চিকিৎসকমহলৰ জ্ঞান আৰু দক্ষতাই বেমাৰ নিৰাময় কৰাৰ উপৰি তেওঁলোকৰ সমবেদনা আৰু দয়াশীল ব্যৱহাৰে ৰোগীক সাহস প্ৰদান কৰে কৰে। চিকিৎসকসকলক নিজৰ বৃত্তিত শ্ৰেষ্ঠত্ব অৰ্জনৰ প্ৰচেষ্টা চলাই থকাৰ সমান্তৰালভাৱে সংবেদনশীলতা আৰু দয়াৰ মনোভাৱ দেখুৱাবলৈ তেওঁ আহ্বান জনায়।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ন্যূনতম খৰচত উন্নত মানৰ চিকিৎসা সেৱা আগবঢ়োৱাটোৱেই হৈছে এইমছৰ মূল পৰিচয়। দেশবাসীৰ বাবে এইমছ মানেই হৈছে দেশৰ আটাইতকৈ যোগ্য চিকিৎসকমহলৰ দ্বাৰা কৰা চিকিৎসা। অধিকসংখ্যক লোকে যাতে এই বিশ্বাসৰ সুবিধা ল’ব পাৰে আৰু অধিক মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উচ্চস্তৰীয় চিকিৎসা শিক্ষা লাভ কৰি দেশৰ সেৱা কৰিব পাৰে, সেই উদ্দেশ্যৰে দেশৰ বিভিন্ন প্ৰান্তত বহুকেইখন এইমছ স্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভৌগোলিক অৱস্থানৰ বাবে এইমছ বিলাসপুৰৰ এক বিশেষ দায়িত্ব আছে। হিমাচল প্ৰদেশৰ দূৰৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলক সময়মতে উন্নত মানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাটো এক বহুমুখী প্ৰত্যাহ্বান। এইমছ বিলাসপুৰ উন্নত তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱাৰ এক শীৰ্ষ কেন্দ্ৰ হিচাপে গঢ়ি উঠিব লাগিব বুলি তেওঁ মন্তব্য কৰে। টেলিমেডিচিন, দূৰৱৰ্তী অঞ্চলৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ, স্বাস্থ্যকৰ্মীসকলৰ প্ৰশিক্ষণ আৰু শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পাহাৰীয়া অঞ্চলত স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে তেওঁ আলোকপাত কৰে।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সাধাৰণ মানুহৰ বাবে গুৰুতৰ ৰোগৰ চিকিৎসাৰ খৰচ বহন কৰাটো এক গধুৰ আৰ্থিক বোজা। সমাজৰ দুৰ্বল শ্ৰেণীসমূহৰ এই কষ্ট লাঘৱ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ‘আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ অধীনত প্ৰতিটো পৰিয়ালক প্ৰতি বছৰে ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা প্ৰদান কৰিছে।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে যে নাগৰিকসকলক সুলভ মূল্যত উন্নত মানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাটো সকলোৰে যৌথ দায়িত্ব। চিকিৎসা সঁজুলি আৰু ঔষধৰ ক্ৰমবৰ্ধমান মূল্যই ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। সুলভ, সহজলভ্য আৰু কম খৰচী স্বাস্থ্যসেৱাৰ সমাধান উলিওৱাটো এইমছৰ দৰে শীৰ্ষ প্ৰতিষ্ঠানসমূহৰ বাবে প্ৰত্যাহ্বানৰ লগতে সুযোগো আনি দিয়ে। এনে প্ৰচেষ্টাৰ জৰিয়তে আমাৰ নাগৰিকসকল সুস্থ হৈ থাকিব আৰু দেশৰ প্ৰগতিত সম্পূৰ্ণ সামৰ্থ্যৰে অৱদান আগবঢ়াবলৈ সক্ষম হ’ব।

 

ৰাষ্ট্ৰপতিৰ ভাষণ চাবলৈ অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক-

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2319905) অতিথি কক্ষ : 4