কেবিনেট
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ২৫ বছৰীয়া অবিৰত নেতৃত্বৰ বাবে অভিনন্দন জনাই প্ৰস্তাৱ গ্ৰহণ কেন্দ্ৰীয় কেবিনেটৰ
কেন্দ্ৰীয় কেবিনেট প্ৰস্তাৱৰ ১০টা মূল দিশ
পোষ্ট কৰা হৈছে:
06 OCT 2026 3:50PM by PIB Guwahati
কেন্দ্ৰীয় কেবিনেটে আজি চৰকাৰৰ মুৰব্বী হিচাপে ধাৰাবাহিকভাৱে ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে। কেৱল নিয়মমাফিক শ্ৰদ্ধা জনোৱাই নহয়, এই প্ৰস্তাৱে ৰাষ্ট্ৰ প্ৰথম আৰু নাগৰিক প্ৰথম নীতিৰে পৰিচালিত প্ৰধানমন্ত্ৰী মোদীৰ ব্যতিক্ৰমী যাত্ৰাক উদযাপন কৰে। গুজৰাটত তিনিটাকৈ স্পষ্ট জনাদেশ আৰু ক্ৰমাগত তিনিটা লোকসভা নিৰ্বাচনত পোৱা সমৰ্থনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি জনসাধাৰণে প্ৰকাশ কৰা অপৰিসীম বিশ্বাসকে প্ৰতিফলিত কৰে।
এই দহটা মুখ্য বৈশিষ্ট্যই গুজৰাটৰ পৰা সমগ্ৰ ভাৰতবৰ্ষলৈ বিস্তৃত তেওঁৰ অবিৰত নেতৃত্বৰ দিশটোক প্ৰতিফলিত কৰিছে:
১। গুজৰাটৰ পৰা ভাৰতলৈ: এক উন্নয়নমূলক দৃষ্টিভংগীৰ সম্প্ৰসাৰণ
প্ৰধানমন্ত্ৰী মোদীয়ে কেনেকৈ গুজৰাটৰ সফল উদ্যোগসমূহক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিছিল, সেই বিষয়ে উল্লেখ কৰা হৈছে প্ৰস্তাৱটোত। 'স্বাগত' নামৰ যিটো কাৰ্যসূচীৰ জৰিয়তে তেওঁ ব্যক্তিগতভাৱে নাগৰিকসকলৰ অভিযোগ শুনিছিল, সেয়া ২০১০ চনত ৰাষ্ট্ৰসংঘৰ ৰাজহুৱা সেৱা বঁটাৰে পুৰস্কৃত হৈছিল। পিছলৈ ইয়াৰ প্ৰেৰণাতে 'প্ৰগতি'ৰ সূচনা কৰা হয়, যিয়ে অসম্পূৰ্ণ হৈ থকা প্ৰকল্পসমূহৰ পৰ্যালোচনা, বাধা দূৰীকৰণ আৰু কামৰ গতি ক্ষিপ্ৰ কৰিবলৈ চৰকাৰসমূহক একত্ৰিত কৰে। ঠিক একেদৰে, কৃষি খণ্ডৰ বাবে পৃথক বিদ্যুৎ যোগানৰ কাৰণে আৰম্ভ কৰা 'জ্যোতিগ্ৰাম' পৰিকল্পনাই পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় ৰূপ লয় আৰু গুজৰাটৰ অভিজ্ঞতা সমগ্ৰ ভাৰততে সম্প্ৰসাৰিত হয়।
২। দৰিদ্ৰজনৰ প্ৰতি সমবেদনা বৃহৎ পৰিসৰত মৰ্যাদালৈ ৰূপান্তৰ
নিজ মাতৃৰ দৈনন্দিন সংগ্ৰাম দেখা আৰু বিভিন্ন ঠাই ভ্ৰমণৰ সময়ত দৰিদ্ৰতাৰ মুখামুখি হোৱাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিটো সমস্যাৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি পাইছিল। প্ৰস্তাৱটোৱে এই ব্যক্তিগত অভিজ্ঞতাসমূহক গৃহ, খোৱাপানী, বেংকিং আৰু স্বাস্থ্যসেৱা প্ৰদান কৰা আচঁনিসমূহৰ সৈতে সংযোগ কৰিছে। প্ৰায় ৬০ কোটি জন ধন একাউণ্ট, ৪ কোটিতকৈও অধিক ঘৰ আৰু ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হোৱা সংখ্যাবোৰে প্ৰকাশ কৰে যে কেনেকৈ ব্যক্তিগত অভিজ্ঞতা ৰাজহুৱা কাৰ্যসূচীলৈ ৰূপান্তৰিত হৈছিল আৰু পৰিয়ালসমূহলৈ মৰ্যাদা কঢ়িয়াই আনিছিল।
৩। সবলীকৰণে সমাজৰ প্ৰতিটো শ্ৰেণীৰ বাবে দুৱাৰ মুকলি কৰে
জনসাধাৰণক তেওঁলোকৰ ভৱিষ্যত গঢ়াত সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ যি সংকল্প, সেয়া এই প্ৰস্তাৱটোৰ জৰিয়তে স্পষ্ট হৈ পৰে। প্ৰায় ৩.৫ কোটি মহিলা 'লাখপতি দিদি' হৈ পৰিছে, আনহাতে 'নাৰী শক্তি বন্দন অধিনিয়ম'ৰ জৰিয়তে মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ষ্টাৰ্টআপ, দক্ষতা বিকাশ আৰু শিক্ষা খণ্ডৰ সংস্কাৰে যুৱপ্ৰজন্মৰ বাবে সুযোগ সম্প্ৰসাৰিত কৰিলে। পিএম-কিষাণ আচঁনিৰ ধন হস্তান্তৰ ৪ লাখ কোটিৰো অধিক টকা হৈছে, আনহাতে পিএম-জনমন আচঁনিয়ে বিশেষভাৱে পিছপৰা জনজাতীয় সম্প্ৰদায়সমূহলৈ লক্ষ্যভিত্তিক সহায় আগবঢ়াই ইতিহাসত পিছপৰি ৰোৱাসকলৰ ওচৰলৈ উন্নয়ন লৈ গৈছে।
৪। সংস্কাৰৰ প্ৰতি অপৰিৱৰ্তনীয় প্ৰতিশ্ৰুতি
ৰাজনৈতিক বিপদাশংকা থকা সত্ত্বেও সংস্কাৰ অব্যাহত ৰখাৰ যি মানসিকতা প্ৰধানমন্ত্ৰী মোদীয়ে দেখুৱালে, তাক এই প্ৰস্তাৱত বিশেষ গুৰুত্ব দিয়া হৈছে। জিএছটি, কল্যাণকাৰী ব্যৱস্থা প্ৰদানৰ সংস্কাৰ আৰু ঔপনিৱেশিক আইনসমূহৰ সলনি নতুন আইন প্ৰণয়নে দীৰ্ঘদিনীয়া প্ৰত্যাহ্বানসমূহ সমাধানৰ প্ৰতি তেওঁৰ দৃঢ়তা প্ৰদৰ্শন কৰে। পৰিচ্ছন্নতা, ডিজিটেল লেনদেন আৰু থলুৱা সামগ্ৰী ব্যৱহাৰৰ বাবে তেওঁ কৰা আহ্বানে নাগৰিকসকলক পৰিৱৰ্তনৰ অংশীদাৰ কৰি তুলিলে। এই সংস্কাৰসমূহ শক্তিশালী আত্মবিশ্বাস, জনঅংশগ্ৰহণ আৰু ৰাষ্ট্ৰীয় উদ্দেশ্যৰ দ্বাৰা পৰিচালিত তেওঁৰ নেতৃত্বৰ এক অবিৰত প্ৰতিশ্ৰুতি হিচাপে আত্মপ্ৰকাশ কৰিছে।
৫। আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি নিৰ্মাণ
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ৰাজহুৱা মূলধনী ব্যয় ২ লাখ কোটি টকাৰ পৰা বৃদ্ধি পাই ১২ লাখ কোটিতকৈও অধিক টকা হৈছে। ইয়াৰ লগতে ঘাইপথ সম্প্ৰসাৰণ আৰু ৰে’লৱেৰ বৈদ্যুতিকৰণ প্ৰক্ৰিয়াও দ্ৰুতগতিত সম্পূৰ্ণ হৈছে। ইলেক্ট্ৰনিক্স উৎপাদন প্ৰায় ২ লাখ কোটি টকাৰ পৰা বৃদ্ধি পাই ১৩ লাখ কোটিতকৈও অধিক টকা হৈছে। প্ৰতিৰক্ষা উৎপাদন আৰু ছেমিকণ্ডাক্টৰ উৎপাদনে নিজৰ প্ৰয়োজনীয়তা নিজেই পূৰণ কৰিব পৰাকৈ ভাৰতৰ ক্ষমতাক শক্তিশালী কৰাৰ দিশত তেওঁৰ দৃঢ় সংকল্পক প্ৰতিফলিত কৰে।
৬। প্ৰযুক্তিয়ে নাগৰিকক সেৱা আগবঢ়ায় আৰু ৰাষ্ট্ৰীয় উচ্চাকাংক্ষা সম্প্ৰসাৰণ কৰে
দৈনন্দিন সেৱাৰ পৰা আদি কৰি বিজ্ঞানৰ অগ্ৰগতি পৰ্যন্ত সকলোতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰযুক্তিৰ প্ৰতি থকা গভীৰ বিশ্বাস ফুটি উঠিছে। জন ধন, মোবাইল সংযোগে কল্যাণকাৰী সেৱাৰ সুবিধা বৃদ্ধি কৰিলে আৰু ইউপিআইয়ে লেনদেন ব্যৱস্থাক সমূলি সলনি কৰি পেলালে। ভাৰতৰ নিজা ক'ভিড ছিটা প্ৰস্তুত কৰা আৰু চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত 'চন্দ্ৰযান-৩' সফলতাৰে অৱতৰণ কৰোৱাটোৱে প্ৰধানমন্ত্ৰী মোদীৰ বৈজ্ঞানিকভাৱে সক্ষম আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক প্ৰমাণ কৰে। মহাকাশ খণ্ডত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ আৰু কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি তথা জৈৱ-প্ৰযুক্তিৰ কাম-কাজসমূহে এই প্ৰস্তাৱত উদযাপন কৰা দৃষ্টিভংগীক আগবঢ়াই লৈ গৈছে: য’ত প্ৰযুক্তিয়ে জনজীৱন উন্নত কৰাৰ লগতে ৰাষ্ট্ৰীয় সম্ভাৱনাসমূহো সম্প্ৰসাৰিত কৰে।
৭। বিশ্বৰ সংকটপূৰ্ণ সময়ত দৃঢ় নেতৃত্ব
বিশ্বজুৰি হোৱা নানা ধৰণৰ অৰাজকতাৰ সময়তো ভাৰতক সঠিক দিশ প্ৰদান কৰিব পৰা প্ৰধানমন্ত্ৰী মোদীৰ দক্ষতাক এই প্ৰস্তাৱত তুলি ধৰা হৈছে। ক'ভিড মহামাৰীৰ সময়ত তেওঁ সমগ্ৰ দেশখনক একত্ৰিত কৰিলে, দেশীয় ভেকচিন বিকাশক সমৰ্থন জনালে আৰু দ্ৰুত টিকাকৰণ সম্ভৱ কৰি তুলিলে। পশ্চিম এছিয়াৰ সংকটৰ সময়ত সময়োপযোগী সিদ্ধান্ত আৰু শক্তি সুৰক্ষাৰ ব্যৱস্থাই ভাৰতক সম্ভাব্য প্ৰভাৱৰ পৰা ৰক্ষা কৰাত সহায় কৰিলে। তেওঁৰ নেতৃত্বই তাৎক্ষণিক পদক্ষেপৰ সৈতে বহু বছৰ ধৰি গঢ়ি তোলা ক্ষমতাক একত্ৰিত কৰি কঠিন সময়তো দেশখনক সহনশীলতা আৰু আত্মবিশ্বাস প্ৰদান কৰিলে।
৮। নিৰ্ণায়ক নেতৃত্বই সুৰক্ষিত কৰে শান্তি আৰু আত্মবিশ্বাস
২০১৬ চনৰ ছাৰ্জিকেল ষ্ট্ৰাইক, ২০১৯ চনৰ বালাকোট বিমান আক্ৰমণ আৰু ২০২৫ চনৰ অপাৰেচন সিন্দূৰে প্ৰধানমন্ত্ৰী মোদীৰ দিনত ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত বান্ধি দিয়া স্পষ্ট সীমাৰেখাক প্ৰতিফলিত কৰে। প্ৰস্তাৱটোৱে এই পদক্ষেপসমূহৰ লগতে ৩৭০নং অনুচ্ছেদ বাতিল, 'ৱান ৰেংক ৱান পেন্সন' (OROP) আৰু 'চীফ অৱ ডিফেন্স ষ্টাফ' (CDS) পদৰ সৃষ্টিৰ বিষয়সমূহকো প্ৰকাশ কৰিছে। মাওবাদী সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা আৰু উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ প্ৰচেষ্টাই ৰাষ্ট্ৰীয় সংকল্পৰ সৈতে উন্নয়ন, স্থিৰতা আৰু ৰাজহুৱা বিশ্বাসৰ এক অভূতপূৰ্ব সংমিশ্ৰণক প্ৰতিফলিত কৰে।
৯। বিশ্বমঞ্চত ভাৰতৰ কণ্ঠ শক্তিশালী হৈছে
প্ৰধানমন্ত্ৰী মোদীৰ মতভেদ দূৰ কৰি সহযোগিতা গঢ়ি তোলাৰ ক্ষমতাৰ সৈতে এই প্ৰস্তাৱটোৱে বিশ্বমঞ্চত ভাৰতৰ ক্ৰমবৰ্ধমান মৰ্যাদাক সংযোগ কৰিছে। জি-২০ আৰু ব্ৰিকছত সহমত প্ৰতিষ্ঠা কৰা, 'গ্ল'বেল ছাউথ'ৰ বাবে ওকালতি কৰা আৰু আফ্ৰিকান ইউনিয়নক জি-২০ত অন্তৰ্ভুক্ত কৰাই তেওঁৰ কূটনৈতিক নেতৃত্বক প্ৰতিফলিত কৰে। 'ভেকচিন মৈত্ৰী'য়ে প্ৰমাণ কৰিলে যে কেনেকৈ ভাৰতৰ ক্ষমতাই আন দেশকো সেৱা কৰিব পাৰে। ৩৬খন দেশে প্ৰদান কৰা সৰ্বোচ্চ সন্মানসমূহে প্ৰধানমন্ত্ৰী মোদী তথা ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু উমৈহতীয়া বিশ্বজনীন সমাধানৰ প্ৰতি থকা আন্তঃৰাষ্ট্ৰীয় শ্ৰদ্ধাক প্ৰকাশ কৰে।
১০। ঐতিহ্য আৰু দায়িত্ববোধৰ পৰা প্ৰগতিয়ে শক্তি লাভ কৰে
প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীয় বিকাশ, সাংস্কৃতিক আত্মবিশ্বাস আৰু পৰিবেশৰ প্ৰতি দায়িত্ববোধক একত্ৰিত কৰে। জলবায়ু সংক্ৰান্তীয় পদক্ষেপে গুজৰাটৰ উৎসৰ্গীকৃত বিভাগৰ পৰা আৰম্ভ কৰি নবীকৰণযোগ্য শক্তিৰ সম্প্ৰসাৰণ আৰু আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণলৈকে অগ্ৰগতি লাভ কৰিলে। যোগ, বাজৰা, কাশী বিশ্বনাথ ধাম আৰু ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাই ভাৰতক নিজৰ ঐতিহ্যৰ সৈতে থকা সম্পৰ্কক অধিক শক্তিশালী কৰিলে। প্ৰস্তাৱটো ২০৪৭ চনৰ ভিতৰত এক সমৃদ্ধিশালী, আত্মনিৰ্ভৰশীল আৰু উন্নত ভাৰত গঢ়াৰ বাবে সামূহিক প্ৰচেষ্টাৰ নতুন প্ৰতিশ্ৰুতিৰে সামৰণি মৰা হৈছে।
Please Click here to see the Union Cabinet Resolution in Hindi
***
MJPS/DB
(ৰিলিজ আই ডি : 2319693)
অতিথি কক্ষ : 23