প্ৰতিৰক্ষা মন্ত্ৰালয়
প্ৰতিৰক্ষা মন্ত্ৰীয়ে কাইলৈ এইচএএল কোৰাপুটত ২,০০০ সংখ্যক এৰ’-ইঞ্জিন যোগান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব
পোষ্ট কৰা হৈছে:
05 OCT 2026 4:35PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ৬ অক্টোবৰত ওড়িশাৰ হিন্দুস্তান এৰোনটিক্স লিমিটেড এইচএএল-ৰ কোৰাপুট সংমণ্ডলৰ দ্বাৰা ২,০০০ সংখ্যক এৰ’-ইঞ্জিন হস্তান্তৰৰ এই ঐতিহাসিক অনুষ্ঠানটো উদ্বোধন কৰিব। এই অনুষ্ঠানে ভাৰতৰ মহাকাশ আৰু প্ৰতিৰক্ষা নিৰ্মাণ ক্ষমতা তথা সশস্ত্ৰ বাহিনীৰ কাৰ্যক্ষম প্ৰস্তুতিত এইচএএল কোৰাপুটৰ প্ৰায় ছয় দশকজোৰা অৱদানক চিহ্নিত কৰিব।
অনুষ্ঠানটোত ২১৮ কোটি টকা ব্যয়সাপেক্ষে শক্তি ইঞ্জিনৰ দ্বিতীয়টো উৎপাদন শাখা স্থাপনৰ বিষয়টোও প্ৰতিফলিত হ’ব। এই অতিৰিক্ত ক্ষমতাই ধ্ৰুৱ উন্নত লঘু হেলিকপ্টাৰ আৰু প্ৰচণ্ড লঘু যুঁজাৰু হেলিকপ্টাৰকে ধৰি থলুৱা হেলিকপ্টাৰসমূহৰ বৰ্ধিত প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব।
এই অনুষ্ঠানে ভাৰতক প্ৰতিৰক্ষা সঁজুলিৰ ক্ৰেতাৰ পৰিৱৰ্তে প্ৰতিৰক্ষা প্ৰণালীৰ ৰূপাংকনকাৰী, বিকাশক আৰু নিৰ্মাতা হিচাপে গঢ়ি তোলাৰ চৰকাৰী দৃষ্টিভংগীক স্পষ্ট কৰে। প্ৰণোদন প্ৰণালীৰ কৌশলগত গুৰুত্ব আৰু প্ৰযুক্তিগত জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি থলুৱা এৰ’-ইঞ্জিন নিৰ্মাণৰ ক্ষমতা গঢ়ি তোলাটো এই দৃষ্টিভংগীৰ এক অতি গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈছে।
ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝি, প্ৰতিৰক্ষা উৎপাদন দপ্তৰৰ সচিব শ্ৰী সঞ্জীৱ কুমাৰ আৰু এইচএএলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী ৰবি কে-কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
***
SR/Ruchi/MM
(ৰিলিজ আই ডি : 2319456)
অতিথি কক্ষ : 3