প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদ বিবৃতিত প্ৰধানমন্ত্ৰীৰ মন্তব্য
পোষ্ট কৰা হৈছে:
05 OCT 2026 2:26PM by PIB Guwahati
মহামান্য ৰাষ্ট্ৰপতি,
দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ,
সংবাদ মাধ্যমৰ বন্ধুসকল,
নমস্কাৰ!
ভাৰতত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিক উষ্ম আদৰণি জনাই মই অতি আনন্দিত হৈছো।
সৰ্বপ্ৰথমে মই ভাৰত-ছুইজাৰলেণ্ড সম্পৰ্কৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক প্ৰশংসা কৰো। যোৱা বছৰৰ অক্টোবৰত তেওঁৰ ব্যক্তিগত সমৰ্থনৰ জৰিয়তে আমি ভাৰত আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (ইএফটিএ)ৰ দেশসমূহৰ মাজত এক যুগান্তকাৰী বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি ৰূপায়ণ কৰিছিলো। এয়া হৈছে কোনো ইউৰোপীয় অৰ্থনৈতিক গোটৰ সৈতে ভাৰতৰ প্ৰথমখন মুক্ত বাণিজ্য চুক্তি।
ই বিনিয়োগ, উদ্ভাৱন, চাকৰি আৰু উমৈহতীয়া সমৃদ্ধিৰ বাবেও এক উচ্চাভিলাষী পৰিকল্পনা। ইয়াৰ জৰিয়তে আমি অহা ১৫ বছৰত ভাৰতত ১০০ বিলিয়ন ডলাৰ বিনিয়োগ আৰু ১০ লাখ প্ৰত্যক্ষ চাকৰিৰ লক্ষ্যত উপনীত হ’ব পাৰিম।
বন্ধুসকল,
ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজৰ বন্ধুত্ব বহু শতিকা পুৰণি। ঊনবিংশ শতিকাত স্বামী বিবেকানন্দই ছুইছ আল্পছত হিমালয়ৰ আভাস পাইছিল। মহাত্মা গান্ধীয়েও ছুইজাৰলেণ্ডত সময় অতিবাহিত কৰাৰ লগতে তাত থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰিছিল। এই ঐতিহাসিক ভ্ৰমণৰ স্মৃতি এতিয়াও আমাৰ বন্ধুত্বত প্ৰতিধ্বনিত হয়।
আজি উদ্ভাৱন, আন্তঃগাঁথনি আৰু উন্নত প্ৰযুক্তি আমাৰ অংশীদাৰিত্বৰ শক্তিশালী স্তম্ভ। আৰু আজিৰ সন্মিলনৰ জৰিয়তে আমি আমাৰ অংশীদাৰিত্বক এক নতুন গতি তথা এক নতুন উচ্চতা দিব বিচাৰিছো।
বন্ধুসকল,
আমি ছুইজাৰলেণ্ডলৈ ভাৰতৰ ৰপ্তানিৰ বজাৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ লগতে দুয়োখন দেশৰ মাজত বিনিয়োগ অধিক সহজ কৰি তুলিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো।
ইয়াৰ জৰিয়তে ছুইজাৰলেণ্ডলৈ ভাৰতৰ কৃষি, ঔষধ, বস্ত্ৰ আৰু অভিযান্ত্ৰিক সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি পাব। আৰু একে সময়তে ভাৰতৰ জৈৱ প্ৰযুক্তি, জীৱ বিজ্ঞান, বেংকিং, বীমা, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু বহনক্ষমতাৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত ছুইজাৰলেণ্ডৰ পৰা নতুন বিনিয়োগ আকৰ্ষণ কৰিম। এই পদক্ষেপসমূহৰ জৰিয়তে আমি একেলগে সমগ্ৰ বিশ্বৰ বাবে নিৰ্ভৰযোগ্য যোগান শৃংখল আৰু নিৰ্ভৰযোগ্য সমাধান বিকশিত কৰিম।
বন্ধুসকল,
আজি আমি সামৰিক বিনিময় আৰু প্ৰতিৰক্ষা উৎপাদনত সহযোগিতাৰ নতুন সম্ভাৱনা বিচাৰি উলিয়াইছো। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ ক্ষেত্ৰতো উমৈহতীয়া লক্ষ্য লৈছো।
বাৰাণসীৰ ৰোপৱে’, নয়দাৰ জেৱাৰ বিমানবন্দৰ আৰু পাহাৰীয়া অঞ্চলৰ ৰে’লৱে আৰু সুৰংগ নিৰ্মাণ প্ৰকল্পসমূহ আমাৰ আন্তঃগাঁথনি সহযোগিতাৰ উজ্জ্বল উদাহৰণ। এই সহযোগিতা শক্তিশালী কৰিবলৈ আজি আমি পৰিবহণ, গতিশীলতা আৰু আন্তঃগাঁথনি সন্দৰ্ভত চুক্তি কৰিছো।
আমি ছুইজাৰৰেলণ্ডৰ আন্তঃগাঁথনি কোম্পানীসমূহক ভাৰতত বৃহৎ পৰিমাণে বিনিয়োগ কৰাৰ লগতে সামৰ্থ্যৰ বিকাশ, শৈলী প্ৰস্তুত আৰু নিৰ্মাণত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছো।
বন্ধুসকল,
বিজ্ঞান আৰু প্ৰযুক্তি সহযোগিতাও আমাৰ অংশীদাৰিত্বৰ এক শক্তিশালী স্তম্ভ। মই অতি আনন্দিত যে আমি অতি সোনকালেই স্বাস্থ্য, নিকা শক্তি আৰু মহাকাশৰ দৰে অগ্ৰাধিকাৰমূলক ক্ষেত্ৰত নতুন যুটীয়া গৱেষণা প্ৰকল্প আৰম্ভ কৰিবলৈ আগবাঢ়িছো। আমি ভাৰতৰ বিজ্ঞান ষ্টাৰ্টআপসমূহৰ সামৰ্থ্য নিৰ্মাণৰ বাবে জুৰিখ বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তিক আদৰণি জনাইছো।
ছুইজাৰলেণ্ডত যোগ আৰু আয়ুৰ্বেদৰ বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি এই ক্ষেত্ৰসমূহত সহযোগিতা গভীৰ কৰাৰ ওপৰতো ফলপ্ৰসূ আলোচনা কৰিলো।
বন্ধুসকল,
জনসাধাৰণৰ মাজৰ সম্পৰ্ক আমাৰ অংশীদাৰিত্বৰ আটাইতকৈ ডাঙৰ শক্তি। আজি স্বাক্ষৰিত প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তি তথা যুৱ পেছাদাৰী চুক্তিয়ে ভাৰতৰ শিক্ষাৰ্থী, গৱেষক, পেছাদাৰী আৰু যুৱক-যুৱতীসকলৰ বাবে ছুইজাৰলেণ্ডত বহুতো নতুন সুযোগ মুকলি কৰিব।
বন্ধুসকল,
ভাৰত আৰু ছুইজাৰলেণ্ড দুয়োখন দেশে গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসন, আলোচনা আৰু কূটনীতিৰ ওপৰত বিশ্বাস ৰাখে। আমি বিশ্ব শান্তি আৰু সুস্থিৰতাৰ বাবে একেলগে কাম কৰি যাম।
ইউক্ৰেইনেই হওক বা পশ্চিম এছিয়া, ভাৰতে শান্তিৰ দিশত কৰা প্ৰতিটো অৰ্থপূৰ্ণ প্ৰচেষ্টাক সমৰ্থন কৰি আহিছে।
বৰ্ধিত আন্তৰ্জাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ অত্যাৱশ্যকীয় বুলি আমি বিশ্বাস কৰো ।
বন্ধুসকল,
এক বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে ভাৰতলৈ অহাৰ বাবে মই ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিৰ ওচৰত কৃতজ্ঞ। ৭ অক্টোবৰত আমি তেওঁলোকৰ উপস্থিতিত ভাৰত-এ এফ টি এ ব্যৱসায়িক নেতাসকলৰ সৈতে ‘সমৃদ্ধি সন্মিলন’ৰ আয়োজন কৰিবলৈ আগবাঢ়িছো। এই সন্মিলনখন আমাৰ বাণিজ্য আৰু বিনিয়োগ অংশীদাৰিত্বৰ প্ৰতিশ্ৰুতিক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হ’ব। এই সন্মিলনত অংশগ্ৰহণ কৰা সকলো ব্যৱসায়িক নেতাকো মই শুভেচ্ছা জনাইছো।
মহাশয়,
চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ভাৰতে বিশ্বৰ সৰ্ববৃহৎ এ আই সন্মিলন আয়োজন কৰে। অহা বছৰ ছুইজাৰলেণ্ডে ‘জেনেভা এআই সন্মিলন’ৰ জৰিয়তে এই যাত্ৰাক আগুৱাই নিব। জেনেভা এআই সন্মিলনৰ সফলতাৰ বাবে মই ছুইজাৰলেণ্ডক শুভেচ্ছা জনাইছো। মই আত্মবিশ্বাসী যে আমি একেলগে এআইক দায়িত্বশীল, সৰ্বাত্মক আৰু মানৱকেন্দ্ৰিক কৰি তোলাৰ দিশত আগবাঢ়ি যাম।
আকৌ এবাৰ ভাৰত ভ্ৰমণৰ বাবে তথা ভাৰত-ছুইজাৰলেণ্ড সম্পৰ্কৰ এক প্ৰবল সমৰ্থক হোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।
MJPS/SS/ST/DD
(ৰিলিজ আই ডি : 2319172)
অতিথি কক্ষ : 4