প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেপ্টেইন স্মিট মাচ্ছাৰৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

যাত্ৰীসকলৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত দেখুওৱা সাহস আৰু উপস্থিত বুদ্ধিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

আজি সমগ্ৰ দেশে গৌৰৱেৰে ক’ব পাৰে যে আমি ভাৰতীয়সকল কাৰো জীৱন লোৱা লোক নহয়, আমি জীৱন ৰক্ষা কৰা লোক: প্ৰধানমন্ত্ৰী

আজি গান্ধী জয়ন্তী; অহিংসাৰ প্ৰকৃত অৰ্থ কি, তাক আপুনি জীৱনত প্ৰতিফলিত কৰি দেখুৱালে: প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 02 OCT 2026 4:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কলৰ জৰিয়তে কেপ্টেইন স্মিট মাচ্ছাৰৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কেপ্টেইনগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ কথা-বতৰা আৰম্ভ কৰাৰ লগতে সমগ্ৰ দেশে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনোৱা বুলি আশ্বাস দিয়ে। বহু যাত্ৰীৰ জীৱন ৰক্ষাৰ স্বাৰ্থত এক ছেকেণ্ডৰ কম সময়ৰ ভিতৰতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পাইলটগৰাকীয়ে দেখুওৱা সাহস, ধৈৰ্য আৰু ক্ষিপ্ৰ উপস্থিত বুদ্ধিক তেওঁ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে জীৱন-মৰণৰ সৈতে যুঁজি আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈও কেপ্টেইনগৰাকীয়ে নিজৰ জীৱনতকৈ যাত্ৰীসকলৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি ১৪০ কোটি দেশবাসীৰ মৰ্যাদা বৃদ্ধি কৰিলে। "আজি সমগ্ৰ দেশে গৌৰৱেৰে ক’ব পাৰে যে আমি ভাৰতীয়সকল কাৰো জীৱন লোৱা লোক নহয়, আমি জীৱন ৰক্ষা কৰা লোক,"— শ্ৰী মোদীয়ে এইদৰে গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে পাইলটগৰাকীৰ পৰিয়ালৰ সদস্য ক্ৰমে ভুপেন্দ্ৰ ভাই, গীতা বেহেন আৰু সোণাল বেহেনৰ সৈতে হোৱা তেওঁৰ কথা-বাৰ্তাসমূহ শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ গীতা বেহেনক পুত্ৰৰ মনত গভীৰ সংস্কাৰ আৰু নৈতিক মূল্যবোধ প্ৰদান কৰাৰ বাবে প্ৰশংসা কৰি কয় যে তেওঁ শ্ৰীমদ্ভগৱদ্গীতাৰ শিক্ষাক সম্পূৰ্ণৰূপে হৃদয়ঙ্গম কৰি জীৱনত পালন কৰিছে।

কেপ্টেইন স্মিতে প্ৰধানমন্ত্ৰীক নিজৰ আটাইতকৈ ডাঙৰ আদৰ্শ বুলি অভিহিত কৰি, তেওঁৰ ১৭ বছৰীয়া উৰণৰ অভিজ্ঞতাই কেনেকৈ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ’বলৈ ধৰা বুলি বুজাত সহায় কৰিছিল, সেই কাহিনী বৰ্ণনা কৰোঁতে প্ৰধানমন্ত্ৰীয়ে মনোযোগেৰে শুনে। গুৰুতৰভাৱে আৱদ্ধ আৰু আহত হোৱা সত্ত্বেও যাত্ৰীসকলক মৃত্যুমুখত পৰিবলৈ নিদিয়াৰ দৃঢ় সংকল্পৰে বিমানৰ দুৱাৰখন খুলিবলৈ শেষ চেষ্টা চলোৱাৰ সেই শিহৰণকাৰী মুহূৰ্তৰ কথা পাইলটগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ আগত বিৱৰি কয়। জীৱনৰ বাবে যুঁজ দি থকাৰ সময়ত হনুমান চালিছা পাঠ কৰি আধ্যাত্মিক শক্তি লাভ কৰা কাৰ্যক প্ৰধানমন্ত্ৰীয়ে গভীৰভাৱে প্ৰশংসা কৰে। এনে এক কঠিন সংগ্ৰামৰ মাজেৰে পাৰ হৈ অহাৰ পাছত কেপ্টেইনগৰাকী আৱেগিক হৈ পৰাটো অতি স্বাভাৱিক বুলি তেওঁ স্বীকাৰ কৰে। "আপোনাৰ সাহসী পদক্ষেপে সমগ্ৰ বিশ্বকে আপোনাৰ সৈতে কথা পাতিবলৈ উৎসুক কৰি তুলিছে আৰু আপোনাৰ পৰিয়ালে সঁচাকৈয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে,"— শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

 

পাইলটগৰাকীৰ দীৰ্ঘায়ুৰ বাবে সাৱৰকুণ্ডলাৰ পৰা ৱাধৱানলৈকে বিশেষ প্ৰাৰ্থনা আৰু আৰতি সম্পন্ন কৰাৰ কথা উল্লেখ কৰি সমগ্ৰ দেশতে এক অভূতপূৰ্ব আৱেগিক সংহতি গঢ়ি উঠা বুলি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে। প্ৰধানমন্ত্ৰীয়ে কেপ্টেইনগৰাকীয়ে আৰোগ্যৰ যাত্ৰাক এগৰাকী ধৈৰ্যশীল ৰোগীৰ দৰে গ্ৰহণ কৰাৰ সংকল্পক প্ৰশংসা কৰে। তেওঁ লগতে ভাৰতীয় সংস্কৃতিৰ সৈতে জড়িত হৈ থাকিবলৈ পাইলটগৰাকীয়ে তেওঁৰ দুবছৰীয়া পুত্ৰৰ সৈতে কেনেকৈ প্ৰতিদিনে হনুমান চালিছা পাঠ কৰে, সেই কথা শুনি আনন্দ প্ৰকাশ কৰে। পাইলটগৰাকীয়ে স্থানীয় লোকসকলৰ পৰা পোৱা অপাৰ মৰমৰ অনুভূতিৰ সৈতে একমত হৈ উন্নত চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে ছৌদি আৰৱ আৰু ইউএই চৰকাৰক প্ৰধানমন্ত্ৰীয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে কেপ্টেইনগৰাকীৰ কাৰ্যই বিশ্বজুৰি সকলো ভাৰতীয় পাইলটৰ মান আৰু মৰ্যাদা সুৰক্ষিত কৰিলে। "আজি গান্ধী জয়ন্তী; অহিংসাৰ প্ৰকৃত অৰ্থ কি, তাক আপুনি জীৱনত প্ৰতিফলিত কৰি দেখুৱালে,"— শ্ৰী মোদীয়ে মন্তব্য কৰে।

 

প্ৰধানমন্ত্ৰীয়ে গুজৰাটী ভাষাত মৰমেৰে কথা পাতি কেপ্টেইনগৰাকীৰ সৰু সন্তান ববী আৰু জীৱাৰ কুশল-বাৰ্তা লয়। শেহতীয়া কথোপকথনৰ সময়ত অলপো ক্ষোভ বা অভিযোগ নকৰাকৈ অপূৰ্ব ধৈৰ্য আৰু বিশ্বাস বজাই ৰখা পাইলটগৰাকীৰ পিতৃ-মাতৃ আৰু তেওঁৰ পত্নী সোণাল বেহেনৰ প্ৰতি তেওঁ গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কেপ্টেইনগৰাকীক আশ্বাস দিয়ে যে তেওঁ মাত্ৰ এটা ফোন কলৰ দূৰত্বত আছে আৰু প্ৰত্যক্ষভাৱে সাক্ষাৎ হ’লে ঘটনাৰ অন্তৰালৰ সকলো সবিশেষ শুনিব বুলি প্ৰতিশ্ৰুতি দিয়ে। সমগ্ৰ দেশ তেওঁৰ সৈতে দৃঢ়তাৰে থকা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সম্পূৰ্ণ আৰু আশু আৰোগ্য কামনা কৰে। "সোনকালে সুস্থ হৈ উঠক যাতে আমি লগ পাব পাৰোঁ; ঈশ্বৰে আপোনাৰ কল্যাণ কৰক আৰু জয় হিন্দ,"— শ্ৰী মোদীয়ে কয়।

 

 

****

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2319063) অতিথি কক্ষ : 8