প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত মহিলাৰ ৫৩ কিলোগ্ৰাম ফ্ৰীষ্টাইল মল্লযুদ্ধত ৰূপৰ পদক লাভ কৰাৰ বাবে অন্তিম পংঘালক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 04 OCT 2026 9:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত মহিলাৰ ৫৩  কিলোগ্ৰাম ফ্ৰীষ্টাইল মল্লযুদ্ধ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰাৰ বাবে অন্তিম পংঘালক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰদৰ্শনক দৃষ্টান্তমূলক বুলি বৰ্ণনা কৰি কয় যে তেওঁ এক বিস্ময়কৰ প্ৰদৰ্শন দাঙি ধৰিছিল।

শ্ৰী মোদীয়ে অন্তিম পংঘালৰ সফলতা অব্যাহত থকাৰ কামনা কৰে আৰু আশা প্ৰকাশ কৰে যে তেওঁ দেশলৈ অধিক সন্মান কঢ়িয়াই আনি আন খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত লিখিছে;

‘এছিয়ান গেমছত অন্তিম পংঘালৰ ৰূপৰ পদক সঁচাকৈয়ে দৃষ্টান্তমূলক আছিল! মহিলাৰ ৫৩  কিলোগ্ৰাম ফ্ৰীষ্টাইল মল্লযুদ্ধ প্ৰতিযোগিতাত এক বিস্ময়কৰ প্ৰদৰ্শনৰ বাবে তেওঁক অভিনন্দন জনাইছো। তেওঁ দেশলৈ অধিক সন্মান কঢ়িয়াই আনি আন খেলুৱৈসকলক অনুপ্ৰাণিত কৰি থাকক

 

MJPS/SS/ST/MK


(ৰিলিজ আই ডি : 2318921) অতিথি কক্ষ : 5