বিত্ত মন্ত্ৰালয়
“পৰিৱৰ্তনশীল সময়ত স্থিতিস্থাপকতা” মূল বিষয়বস্তুৰে ২০২৬ চনৰ ৩ৰ পৰা ৫ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব পঞ্চম কৌটিল্য অৰ্থনৈতিক সন্মিলন
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি উদ্বোধনী ভাষণ প্ৰদান কৰিব
কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এই সন্মিলনত ‘ভাৰতৰ অৰ্থনৈতিক অগ্ৰাধিকাৰ’ বিষয়ত এক বিশেষ পূৰ্ণাংগ অধিৱেশনত ভাষণ প্ৰদান কৰিব
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ. জয়শংকৰে ‘ভাৰত আৰু বিশ্ব: পৰিস্থিতি সাপেক্ষে কৌশলগত অভিযোজন’ বিষয়ত এক বিশেষ সামৰণী ভাষণ প্ৰদান কৰিব
কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই ‘সংযোগৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈ: ডিজিটেল অৰ্থনীতিৰ নতুন গাঁথনি’ বিষয়ত মূল ভাষণ আগবঢ়াব
কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱতে ‘মূলধন হিচাপে সংস্কৃতি: ঐতিহ্যৰ পৰা দিগন্তলৈ’ বিষয়ত মূল ভাষণ প্ৰদান কৰিব
প্ৰায় ত্ৰিশখন দেশৰ দুশৰো অধিক ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে স্থিতিস্থাপকতা, গোলকীয় বিভাজন, প্ৰযুক্তি, বাণিজ্য, বিত্ত আৰু ভাৰতৰ অৰ্থনৈতিক অগ্ৰাধিকাৰ সম্পৰ্কে আলোচনা কৰিব
পোষ্ট কৰা হৈছে:
01 OCT 2026 2:31PM by PIB Guwahati
“পৰিৱৰ্তনশীল সময়ত স্থিতিস্থাপকতা” মূল বিষয়বস্তুৰে ২০২৬ চনৰ ৩ৰ পৰা ৫ অক্টোবৰলৈ নতুন দিল্লীত পঞ্চম কৌটিল্য অৰ্থনৈতিক সন্মিলন অনুষ্ঠিত হ’ব। তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত জ্যেষ্ঠ নীতি-নিৰ্ধাৰক, অৰ্থনীতিবিদ, শিক্ষাবিদ, বিত্তীয় বিশেষজ্ঞ আৰু আন্তঃৰাষ্ট্ৰীয় চিন্তাবিদসকল একত্ৰিত হ’ব।
কৌটিল্য অৰ্থনৈতিক সন্মিলনৰ পঞ্চম সংস্কৰণত ১৮০গৰাকীতকৈও অধিক নীতি-নিৰ্ধাৰক, অৰ্থনীতিবিদ, শিক্ষাবিদ, বিত্তীয় বিশেষজ্ঞ আৰু আন্তঃৰাষ্ট্ৰীয় চিন্তাবিদ একত্ৰিত হ’ব; যাৰ ভিতৰত প্ৰায় ত্ৰিশখন দেশৰ আশীজনৰো অধিক আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীও অন্তৰ্ভুক্ত হৈছে। তেওঁলোকে সন্মিলনখনৰ পূৰ্ণাংগ অধিৱেশন, পাৰস্পৰিক ভাব-বিনিময়মূলক আলোচনা আৰু গুৰুত্বপূৰ্ণ ঘূৰণীয়া মেজমেলসমূহত অংশগ্ৰহণ কৰি নিজৰ অভিমত আগবঢ়াব।
১৯৫২ চনত অধ্যাপক ভি. কে. আৰ. ভি. ৰাৱে ইনষ্টিটিউট অব্ ইক’নমিক গ্ৰউথ (আইইজি) প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান শ্ৰী এন. কে. সিং আইইজিৰ ন্যাসৰক্ষী পৰিষদৰ অধ্যক্ষ, ড° মাইকেল দেৱব্ৰত পাত্ৰ গ’ৱৰ্নিং ব’ৰ্ডৰ অধ্যক্ষ আৰু অধ্যাপক সব্যসাচী কৰ প্ৰতিষ্ঠানখনৰ সঞ্চালক হিচাপে কৰ্মৰত হৈ আছে।
কৌটিল্য অৰ্থনৈতিক সন্মিলন হৈছে ইনষ্টিটিউট অব্ ইক’নমিক গ্ৰউথ (আইইজি)ৰ এক পদক্ষেপ, যি ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ সহযোগত আয়োজন কৰা হয়। ২০২২ চনত প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা এই সন্মিলনে সমসাময়িক অৰ্থনৈতিক তথা নীতিগত প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোচনাৰ এক মঞ্চ প্ৰদান কৰে।
২০২২ চনত আৰম্ভ হোৱাৰ পৰাই কৌটিল্য অৰ্থনৈতিক সন্মিলনখনে অৰ্থনৈতিক তথা নীতিগত প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোচনাৰ এক শক্তিশালী মঞ্চৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ পূৰ্বৰ সংস্কৰণসমূহ “ভৱিষ্যতৰ পুনৰ সংজ্ঞায়ন” (২০২২), “প্ৰজ্বলিত পৃথিৱীত সঠিক পথৰ সন্ধান” (২০২৩), “ভাৰতীয় যুগ” (২০২৪) আৰু “অশান্ত সময়ত সমৃদ্ধিৰ অন্বেষণ” (২০২৫) আদি মূল বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত হৈছিল।
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে ২০২৬ চনৰ ৩ অক্টোবৰত উদ্বোধনী ভাষণ প্ৰদান কৰিব। উদ্বোধনী অধিৱেশনখনত বাৰম্বাৰ সৃষ্টি হোৱা গোলকীয় সংকট আৰু অনিশ্চয়তাৰে ভৰা পৰিৱেশত বিকাশ, মুক্ত অৰ্থনীতি অথবা প্ৰতিষ্ঠানিক বিশ্বাসযোগ্যতাৰ সৈতে কোনো বুজাবুজি নকৰাকৈ অৰ্থনৈতিক নীতিয়ে কেনেদৰে স্থিতিস্থাপকতা গঢ়ি তুলিব পাৰে, সেই বিষয়ে পৰ্যালোচনা কৰা হ’ব।
“পৰিৱৰ্তনশীল সময়ত স্থিতিস্থাপকতা: ভাৰতৰ অৰ্থনৈতিক অগ্ৰাধিকাৰ” শীৰ্ষক এক বিশেষ পূৰ্ণাংগ অধিৱেশনত গোলকীয় বিভাজন, প্ৰযুক্তিগত আলোড়ন আৰু বাৰম্বাৰ সৃষ্টি হোৱা সংকটৰ মাজতো ভাৰতে কেনেদৰে নিজৰ বিকাশ অব্যাহত ৰাখিব পাৰে, সমগ্ৰ অৰ্থনৈতিক সুস্থিৰতা অটুট ৰাখিব পাৰে আৰু বিনিয়োগ বৃদ্ধি কৰিব পাৰে, সেই সম্পৰ্কে আলোকপাত কৰা হ’ব। কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এই অধিৱেশনত বিশেষ ভাষণ প্ৰদান কৰিব আৰু ফ্ৰান্সৰ ক’ৰ্ট অব্ একাউণ্টছৰ অধ্যক্ষ তথা দেশখনৰ প্ৰাক্তন ৰাজহুৱা কৰ্ম আৰু একাউণ্টছ বিভাগৰ মন্ত্ৰী এমেলি দ্য মণ্টচালিনে আলোচনাকাৰী হিচাপে অংশগ্ৰহণ কৰিব।
‘ভাৰত আৰু বিশ্ব: পৰিস্থিতি সাপেক্ষে কৌশলগত অভিযোজন’ শীৰ্ষক সামৰণী অধিৱেশনখন পৰিচালনা কৰিব ইনষ্টিটিউট অব্ ইক’নমিক গ্ৰউথৰ ন্যাসৰক্ষী পৰিষদৰ অধ্যক্ষ শ্ৰী এন. কে. সিঙে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ. জয়শংকৰে এই অধিৱেশনত বিশেষ সামৰণী ভাষণ প্ৰদান কৰিব আৰু ছিংগাপুৰৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী জৰ্জ য়েৱে আলোচনাকাৰী হিচাপে অংশগ্ৰহণ কৰিব। অধিক প্ৰতিদ্বন্দ্বিতাপূৰ্ণ তথা অনিশ্চিত গোলকীয় ব্যৱস্থাত ভাৰতে কেনেদৰে কৌশলগত অভিযোজন বজাই ৰাখিব পাৰে, নিজৰ কৌশলগত স্বায়ত্তশাসন অক্ষুণ্ণ ৰাখিব পাৰে, অংশীদাৰিত্ব সম্প্ৰসাৰণ কৰিব পাৰে আৰু নমনীয়ভাৱে সঁহাৰি জনাব পাৰে— অধিৱেশনখনত সেই বিষয়ে বিশদ আলোচনা কৰা হ’ব।
প্ৰযুক্তি আৰু ডিজিটেল অৰ্থনীতি কেইচি ২০২৬-ৰ আন এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত হ’ব। কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই ‘সংযোগৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈ: ডিজিটেল অৰ্থনীতিৰ নতুন গাঁথনি’ শীৰ্ষক পূৰ্ণাংগ অধিৱেশনত মূল ভাষণ প্ৰদান কৰিব। এই অধিৱেশনত ডিজিটেল আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু নতুন যোগাযোগ নেটৱৰ্কে প্ৰতিযোগিতা তথা বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰাখি কেনেদৰে উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে, সেই সম্পৰ্কে পৰ্যালোচনা কৰা হ’ব।
সন্মিলনৰ অন্তিম দিনৰ পূৰ্বৰ দিনাখন কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱতে ‘মূলধন হিচাপে সংস্কৃতি: ঐতিহ্যৰ পৰা দিগন্তলৈ’ বিষয়ত মূল ভাষণ প্ৰদান কৰিব।
“বিপদৰ আশংকাৰে আবৃত্ত বিশ্ব” শীৰ্ষক উদ্বোধনী পূৰ্ণাংগ অধিৱেশনখনত শক্তি সংকট, যোগান শৃংখলৰ বিঘিনি তথা বাণিজ্য আৰু অৰ্থনৈতিক সুবিধাৰ অপব্যৱহাৰে কেনেদৰে সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাপনা, বিনিয়োগ আৰু স্থিতিস্থাপকতাৰ ক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, সেই সম্পৰ্কে পৰ্যালোচনা কৰা হ’ব। এই অধিৱেশনত লৰ্ড নিকোলাছ ষ্টাৰ্নে পৌৰোহিত্য কৰিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰী পি. কে. মিশ্ৰই মূল ভাষণ আগবঢ়াব আৰু চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক মাইকেল গ্ৰীণষ্টোনে আলোচনাকাৰী হিচাপে অংশগ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব-২ তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসেও এই সন্মিলনৰ ‘কৌটিল্য আৰু পুনৰুত্থিত ভাৰত: উদীয়মান বজাৰসমূহৰ বাবে শিক্ষা’ শীৰ্ষক পূৰ্ণাংগ অধিৱেশনত মূলবক্তা হিচাপে অংশগ্ৰহণ কৰিব। ভাৰতৰ অৰ্থনৈতিক অভিজ্ঞতাই উদীয়মান বজাৰসমূহক কি শিক্ষা দিব পাৰে এই অধিৱেশনত তাৰ অন্বেষণ কৰা হ’ব আৰু ইয়াত চিলিৰ কেন্দ্ৰীয় বেংকৰ প্ৰাক্তন অধ্যক্ষ হোছে ডে গ্ৰেগৰিঅ’ তথা ইণ্ডোনেছিয়াৰ প্ৰাক্তন বিত্ত মন্ত্ৰী মহম্মদ চাতিব বাছৰীয়ে অংশ ল’ব।
অধিক অস্থিৰ গোলকীয় পৰিৱেশৰ সঠিক পথ নিৰ্ধাৰণত কেন্দ্ৰীয় বেংকসমূহৰ ভূমিকা এই সন্মিলনৰ এক মূল আকৰ্ষণ হ’ব। ‘পৰিৱৰ্তনশীল সময়ত কেন্দ্ৰীয় বেংকিং’ শীৰ্ষক পূৰ্ণাংগ অধিৱেশনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী সঞ্জয় মালহোত্ৰাই বিশেষ ভাষণ প্ৰদান কৰিব। ইউৰোপীয় কেন্দ্ৰীয় বেংকৰ প্ৰাক্তন অধ্যক্ষ তথা বেংক অব্ ফ্ৰান্সৰ প্ৰাক্তন গৱৰ্ণৰ জ্যাঁ-ক্লড ট্ৰিচেৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত বাৰম্বাৰ সৃষ্টি হোৱা গোলকীয় সংকটৰ মাজত কেন্দ্ৰীয় বেংকসমূহে কেনেদৰে মুদ্ৰাস্ফীতি, বিত্তীয় ভংগুৰতা, মূলধনৰ প্ৰবাহ আৰু বিশ্বাসযোগ্যতা নিয়ন্ত্ৰণ কৰিব পাৰে, সেই বিষয়ে বিবেচনা কৰা হ’ব। দ্ৰুত পৰিৱৰ্তনশীল গোলকীয় অৰ্থনীতিত মুদ্ৰানীতি আৰু বিত্তীয় সুস্থিৰতাই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত গৱৰ্ণৰ মালহোত্ৰাৰ অংশগ্ৰহণে এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগী প্ৰদান কৰিব।
সন্মিলনখনৰ কাৰ্যসূচীত দেশীয় তথা গোলকীয় অৰ্থনীতিৰ এক বিস্তৃত পৰিসৰ সামৰি লোৱা হ’ব; যাৰ ভিতৰত বিত্তীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, ঔদ্যোগিক নীতি, মূলধন বজাৰৰ বিকাশ, নিয়ন্ত্ৰণমূলক তদাৰকী, উন্নয়নমূলক বিত্ত ব্যৱস্থা আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে ঘৰুৱা তথা বৈদেশিক মূলধন সংগ্ৰহৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত। ইয়াৰ বিভিন্ন অধিৱেশনসমূহত কেন্দ্ৰ-ৰাজ্য সম্পৰ্ক নিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠানিক আৰু বিত্তীয় নীতিসমূহ, গাঁথনিগত ৰূপান্তৰৰ ক্ষেত্ৰত ঔদ্যোগিক নীতিৰ ভূমিকা আৰু ভাৰতৰ মূলধন বজাৰখনক অধিক শক্তিশালী কৰি সঞ্চয়ক উৎপাদনশীল ৰিস্ক কেপিটেললৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰয়োজনীয় চৰ্তসমূহ বিশদভাৱে পৰ্যালোচনা কৰা হ’ব।
আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীয়েও এই সন্মিলনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে স্থান লাভ কৰিব। ইয়াৰ বিভিন্ন অধিৱেশনত ইউৰোপৰ বিকাশ আৰু প্ৰতিযোগিতামূলক প্ৰত্যাহ্বানসমূহ তথা এছিয়াৰ সৈতে ইয়াৰ অৰ্থনৈতিক সম্পৰ্ক; গোলকীয় অসামঞ্জস্যতা, ঋণ আৰু বিত্তীয় সুস্থিৰতা; চীনৰ গাঁথনিগত ৰূপান্তৰ; আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অৰ্থনৈতিক নিৰাপত্তা, প্ৰযুক্তি তথা সংযোগৰ ক্ষেত্ৰত জাপানৰ ভূমিকা সম্পৰ্কে বিশদভাৱে পৰ্যালোচনা কৰা হ’ব।
‘পৰিৱৰ্তনশীল সময়ত পাৰস্পৰিক সংঘাতৰ ভাৰসাম্য ৰক্ষা’ শীৰ্ষক এক বিশেষ পূৰ্ণাংগ অধিৱেশনত নিজৰ কৌশলগত স্বায়ত্তশাসন, অৰ্থনৈতিক স্বাৰ্থ আৰু কৌশলগত সিদ্ধান্ত গ্ৰহণৰ স্বাধীনতা অক্ষুণ্ণ ৰাখি ভাৰতে কেনেদৰে পৰস্পৰবিৰোধী কৌশলগত তথা অৰ্থনৈতিক সম্পৰ্কসমূহ চম্ভালিব পাৰে, সেই বিষয়ে বিবেচনা কৰা হ’ব। এই আলোচনাত এছিয়া, চীন, টাইৱান আৰু ভাৰতৰ গোলকীয় অৰ্থনৈতিক সম্পৰ্কৰ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকল একত্ৰিত হ’ব।
একে সময়তে অনুষ্ঠিত হ’বলগীয়া সমান্তৰাল অধিৱেশনসমূহত ‘নতুন প্ৰযুক্তিগত ব্যৱস্থা: ক্ষমতা, প্লেটফৰ্ম, কৃত্ৰিম বুদ্ধিমত্তা আৰু নিয়ন্ত্ৰণমূলক প্ৰতিযোগিতা’ তথা ‘মানৱ আৰু মেচিন: কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত কৰ্মসংস্থাপন, দক্ষতা আৰু শিক্ষা’ সম্পৰ্কে বিশদ আলোচনা কৰা হ’ব। এই আলোচনাসমূহত কৃত্ৰিম বুদ্ধিমত্তা আৰু কৌশলগত প্ৰযুক্তিসমূহে অৰ্থনৈতিক শক্তি, শ্ৰম বজাৰ, দক্ষতা, শিক্ষা তথা নিয়ন্ত্ৰণমূলক গাঁথনিবোৰক কেনেদৰে নতুন ৰূপ দিছে, সেই বিষয়ে আলোকপাত কৰা হ’ব।
অন্যান্য অধিৱেশনসমূহত জলবায়ু সহনশীলতা, বহুপাক্ষিক উন্নয়ন বেংকসমূহৰ সংস্কাৰ, স্বাস্থ্যসেৱা আৰু গোলকীয় স্বাস্থ্য নিৰাপত্তা, নগৰীকৰণ, কৃষি, জনগাঁথনিগত পৰিৱৰ্তন তথা কৰ্মক্ষেত্ৰৰ ভৱিষ্যত সম্পৰ্কে আলোচনা কৰা হ’ব। ‘ভৱিষ্যতৰ বাবে খাদ্য সুৰক্ষা’ বিষয়ক আলোচনাত জলবায়ুজনিত অনিশ্চয়তা আৰু বাণিজ্যিক বাধা-বিঘিনিৰ মাজত কৃষি তথা খাদ্য ব্যৱস্থাৰ স্থিতিস্থাপকতা পৰীক্ষা কৰা হ’ব; আনহাতে ‘এক জটিল সন্ধিক্ষণত জনগাঁথনি’ শীৰ্ষক অধিৱেশনত বয়স বৃদ্ধি, জন্মৰ হাৰ, প্ৰব্ৰজন আৰু জনগাঁথনিগত পৰিৱৰ্তনে শ্ৰম বজাৰ তথা উৎপাদনশীলতাত পেলোৱা প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হ’ব।
গোলকীয় বাণিজ্য আৰু বিনিয়োগ নেটৱৰ্কৰ ৰূপান্তৰৰ বিষয়টোও এই সন্মিলনত পৰ্যালোচনা কৰা হ’ব। ‘গোলকীয়কৰণৰ পৰা বিভাজনলৈ: বাণিজ্য নেটৱৰ্কৰ নতুন গাঁথনি’ শীৰ্ষক পূৰ্ণাংগ অধিৱেশনত কৌশলগত প্ৰতিদ্বন্দ্বিতা, ঔদ্যোগিক নীতি আৰু অৰ্থনৈতিক নিৰাপত্তাই বাণিজ্য, বিনিয়োগ তথা যোগান শৃংখলক কেনেদৰে নতুন ৰূপ দিছে, সেই বিষয়ে বিবেচনা কৰা হ’ব।
আনহাতে, ‘নতুন বিকাশৰ কৰিডৰ: এছিয়া-আফ্ৰিকা অৰ্থনৈতিক অংশীদাৰিত্বৰ পুনৰ কল্পনা’ শীৰ্ষক আন এখন অধিৱেশনত এছিয়া আৰু আফ্ৰিকাৰ মাজত অধিক সুদৃঢ় বাণিজ্য, বিনিয়োগ, আন্তঃগাঁথনি আৰু উন্নয়নমূলক অংশীদাৰিত্বৰ সুযোগসমূহৰ ওপৰত গুৰুত্ব আলোকপাত কৰা হ’ব।
তিনিদিনীয়া এই সন্মিলনখনত পূৰ্ণাংগ অধিৱেশন, পাৰস্পৰিক ভাব-বিনিময়মূলক সমান্তৰাল অধিৱেশন আৰু কেৱল নিমন্ত্ৰিতসকলৰ বাবে আৱদ্ধ কোঠাৰ ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ’ব। এই ঘূৰণীয়া মেজমেলসমূহত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আকৰ্ষণ আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে ঘৰুৱা মূলধন সংগ্ৰহ আদি বিষয়ক লৈ আলোচনা কৰা হ’ব; যাৰ ফলত নীতি-নিৰ্ধাৰক, অৰ্থনীতিবিদ, বিনিয়োগকাৰী আৰু কৰ্মক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ মাজত অধিক ফলপ্ৰসূ তথা কেন্দ্ৰীভূত মত-বিনিময়ৰ সুযোগৰ সৃষ্টি হ’ব। উল্লেখযোগ্য যে, এই সন্মিলনখনত কেৱল ‘আমন্ত্ৰিত ব্যক্তিসকলেহে’ অংশগ্ৰহণ কৰিব পাৰিব।
****
SR/KT/KMN/MM
(ৰিলিজ আই ডি : 2318030)
অতিথি কক্ষ : 7