জল শক্তি মন্ত্ৰালয়
পিএম-জনমন আৰু ডিএ-জেজিইউএ-ৰ অধীনৰ জনজাতীয় অঞ্চলত খোৱাপানী যোগান দ্ৰুতকৰণৰ উদ্দেশ্যে ডিডিডব্লিউএছৰ দ্বিতীয়খন পৰ্যালোচনা সভা
তথ্য সংহতকৰণ, অৱশিষ্ট জনবসতি চিনাক্তকৰণ আৰু সময়বদ্ধ প্ৰস্তাৱ দাখিলৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰলৈ আবেদন
পোষ্ট কৰা হৈছে:
01 OCT 2026 11:27AM by PIB Guwahati
পেয় জল আৰু অনাময় বিভাগ (ডিডিডব্লিউএছ), জলশক্তি মন্ত্ৰণালয়ে কালি প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (পিএম-জনমন) আৰু ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান (ডিএ-জেজিইউএ)ৰ অধীনত জনজাতীয় অঞ্চলত খোৱাপানী বিতৰণ দ্ৰুতকৰণৰ উদ্দেশ্যে দ্বিতীয়খন পৰ্যালোচনা সভা অনুষ্ঠিত কৰে।ডিডিডব্লিউএছৰ সচিবে সভাপতিত্ব কৰা এই সভাত ৰাষ্ট্ৰীয় জল জীৱন মিছন (এনজেজেএম), জনজাতি পৰিক্ৰমা মন্ত্ৰণালয় (এমঅ’টিএ), ৰাজ্যিক গ্ৰাম্য পানী যোগান/জনস্বাস্থ্য কাৰিকৰী বিভাগ, ৰাজ্যিক জনজাতি কল্যাণ বিভাগ আৰু অন্যান্য সহযোগী সংস্থাবোৰে অংশগ্ৰহণ কৰে।

এই সভা অনুষ্ঠিত কৰা হৈছিল বিভাগীয় সন্মিলনৰ পাছত আৰম্ভ কৰা প্ৰক্ৰিয়াৰ অংশ হিচাপে, য’ত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰে অৰ্হতাসম্পন্ন পিএম-জনমন আৰু ডিএ-জেজিইউএ গাঁওবোৰত খোৱাপানীৰ যোগান নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এই সভাত এই প্ৰতিশ্ৰুতিবোৰৰ পৰ্যালোচনা কৰা হয় আৰু ৰাজ্যবোৰক পানী যোগান/জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা জনজাতি কল্যাণ বিভাগৰ মাজত সমন্বয় ৰক্ষাৰে সময়বদ্ধ কাৰ্যসূচীবোৰ ৰূপায়ণ কৰিবলৈ উপদেশ দিয়া হয় যাতে কোনো উপযুক্ত জনজাতীয় গাঁও তথা জনবসতি বাদ নপৰে।
সভাত পিএম-জনমন আৰু ডিএ-জেজিইউএ গাঁওবোৰৰ খোৱাপানীৰ নাটনি আঁতৰোৱাৰ লক্ষ্য পূৰণৰ বাবে জেজেএম ২.০ আঁচনিৰ অধীনত ৫০০০ কোটি টকা আবণ্টন দিবলৈ সিদ্ধান্ত লোৱা হয়। এই সংক্ৰান্তত চাৰিটা অগ্ৰাধিকাৰ ক্ষেত্ৰ নিৰ্বাচন কৰা হয়ঃ জনজাতি কল্যাণ বিভাগ আৰু জেজেএম তথ্যৰ সমন্বয়, আঁচনি বহিৰ্ভূত গাঁও আৰু জনবসতি চিনাক্ত, কাৰিকৰীভাৱে উন্নত প্ৰস্তাৱ যুগুত আৰু আঁচনিভুক্ত অঞ্চলৰ যৌথ বৈধতা আৰু প্ৰমাণ-পত্ৰকৰণ। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰৰ এই ক্ষেত্ৰবোৰ যথাসম্ভৱ দ্ৰুতভাৱে ৰূপায়ণ কৰিবলৈ তথা বিবেচনাৰ বাবে বৈধ প্ৰস্তাৱ দাখিল কৰিবলৈ কোৱা হয়।
বৈঠকত অংশ লৈ ডিডিডব্লিউএছৰ সচিব শ্ৰী অশোক কে কে মীনাই উপায়ুক্ত/জিলা দণ্ডাধীশৰ সভাপতিত্বত জিলা পেয় জল আৰু অনাময় অভিযান (ডিডব্লিউএছএম)ৰ জৰিয়তে পিএম-জনমন আৰু ডিএ-জেজিইউএ গাঁওবোৰৰ নিয়মিত সভা অনুষ্ঠিত কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় যে আন্তঃবিভাগীয় সমন্বয়, জৰীপৰ তথ্যৰ বৈধতা আৰু প্ৰকৃত যোগান-নাটনিৰ চিনাক্তকৰণৰ বাবে ডিডব্লিউএছএমে মুখ্য মঞ্চ হিচাপে ভূমিকা ল’ব লাগিব।
জনজাতি মন্ত্ৰণালয়ে ৰাজ্যভিত্তিক SurveySetu অনুশীলন আৰম্ভ কৰিছে, য’ত অন্তৰ্ভুক্ত হৈছে গৃহ পৰ্যায়ৰ ফাংছনেল হাউছহল্ড টেপ কানেকছন (এফএইচটিচি) পৰ্যবেক্ষণৰ ব্যৱস্থাও। ৰাজ্যবোৰক পানীযোগান বিভাগ, জনজাতি কল্যাণ বিভাগ আৰু জৰীপকাৰী সংস্থাবোৰৰ সৈতে যৌথভাৱে SurveySetu তথ্য ডিডব্লিউএছএমক দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এই অনুশীলনত পৰিলক্ষিত হোৱা যিকোনো নাটনি ক্ষেত্ৰ পৰ্যবেক্ষণ আৰু আলোচনাৰ জৰিয়তে নিষ্পত্তি কৰা হ’ব, যাতে চূড়ান্ত বৈধ তথ্যবোৰ জিলা পৰ্যায়তো পোৱাৰ ব্যৱস্থা হৈ উঠে।
বৈঠকৰ মতে এই পৰ্যালোচনাৰ উদ্দেশ্য নতুন আন্তঃগাঁথনি গঢ়ি তোলা নহয়, বৰং উপযুক্ত পিএম-জনমন আৰু ডিএ-জেজিইউএ গাঁওবোৰৰ আঁচনি সম্পূৰ্ণ আৰু প্ৰমাণিতকৰণ। জেজেএম-আইএমআইএছক প্ৰস্তাৱ দাখিল কৰাৰ আগতে সকলো গাঁৱৰে প্ৰমাণিতকৰণ, লক্ষ্যপূৰণ তথা প্ৰত্যেক উপযুক্ত জনবসতিক সমান গুৰুত্ব দিবলৈ ৰাজ্যবোৰক পৰামৰ্শ দিয়া হয়।
ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰৰ অৱশিষ্ট জনবসতিৰ চিনাক্তকৰণত SurveySetu তথ্যৰ প্ৰয়োগ কৰিবলৈ আৰু ডিডব্লিউএছএমৰ ব্যৱস্থাপনাৰ সহায়ত বৈধকৰণ কৰিবলৈ লগতে পৰামৰ্শ দিয়া হয়। গ্ৰাম্য পানী যোগান/জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জনজাতি কল্যাণ বিভাগবোৰক নিজস্ব ডিপিআৰ চেকলিষ্টৰ তথ্য অৰ্হতাসম্পন্ন প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰত্যায়িত কৰি যৌথভাৱে প্ৰস্তাৱ যুগুত কৰিবলৈকো পৰামৰ্শ দিয়া হয়।
এনজেজেএমৰ কাৰিকৰী বিভাগক ডিপিআৰ দাখিলত সম্পূৰ্ণতা আৰু মান উন্নতকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হয়। জনসংখ্যাৰ বাস্তৱসন্মত প্ৰকল্প, যথোপযুক্ত পৰিসেৱাৰ জল নিৰাপত্তা তথা পানীৰ উৎসৰ বহন ক্ষমতাৰ ব্যৱস্থা ৰখা, FHTC মতে ব্যয় আদি যাতে কাৰিকৰীভাৱে উপযুক্ত হয় তাত গুৰুত্ব দিবলৈ ৰাজ্যবোৰক পৰামৰ্শ দিয়া হয়।
এনজেজেএমৰ অতিৰিক্ত সচিব তথা পৰিচালন সঞ্চালক শ্ৰী কমল কিশোৰ শোনে কয় যে ৰাজ্য পৰ্যায়ৰ যৌথ মালিকানাৰ প্ৰযোজনৰ কথাও বিবেচনা কৰা হৈছে। ডিডিডব্লিউএছ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ৰ যৌথ সমিতি এখনে ৰাজ্যিক গ্ৰাম্য পানী যোগান/জনস্বাস্থ্য কাৰিকৰী বিভাগে দাখিল কৰা প্ৰস্তাৱবোৰ বিবেচনা কৰিব। জৰীপ সংস্থা তথা সংশ্লিষ্ট ৰাজ্যিক বিভাগবোৰক উপায়ুক্ত/জিলা দণ্ডাধীশৰ সভাপতিত্বত অনুষ্ঠিত সভাত ডিডব্লিউএছএমক জিলা পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ আৰু বৈধকৰণৰ মাধ্যম হিচাপে কাম কৰিবলৈ পৰামৰ্শ দিয়া হয়।
এই বৈঠকৰ ৰাজ্য পৰ্যায়ৰ অগ্ৰগতি আৰু দাখিল হোৱা প্ৰস্তাৱবোৰৰ পৰ্যালোচনা কৰা হয়। এলজিডি কোডৰ বৈধকৰণ, ডিপিআৰ প্ৰস্তুতকৰণ, পৰিসেৱাৰ মান আৰু এফএইচটিচি ব্যয়ৰ সুনিৰ্দিষ্ট পৰ্যবেক্ষণ কৰিবৰ বাবে অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, কেৰালা আৰু মণিপুৰক পৰামৰ্শ দিয়া হয়। ডিডিডব্লিউএছৰ পৰ্যবেক্ষণৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে তামিলনাডু আৰু অসমক পৰামৰ্শ দিয়া হয়। আন কেইবাখনো ৰাজ্যক প্ৰস্তাৱ দাখিলৰ সময়সীমা অৱগত কৰিবলৈ কোৱা হয়। লাডাখ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু চত্তীশগড়ে ইংগিত দিয়ে যে অক্টোবৰ ২০২৬ত চিনাক্ত কৰা পিএম-জনমন আৰু ডিএ-জেজিইউএ গাঁওবোৰৰ প্ৰস্তাৱ সোনকালে দাখিল কৰা হ’ব।
বৈঠকত সিদ্ধান্ত লোৱা হয় যে পিএম-জনমন, ডিএ-জেজিইউএ, SurveySetu আৰু জেজেএম-আইএমআইএছৰ তথ্যৰ সংহতকৰণৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰে এটা যৌথ বৈধ তথ্য ভাণ্ডাৰ গঢ়ি তুলিব। একেদৰে ডিডিডব্লিউএছৰ সচিব আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ৰ সচিবৰ যৌথ অধ্যক্ষতাত গঠিত এখন সমিতিৰ সন্মুখত প্ৰত্যায়িত ডিপিআৰ চেকলিষ্ট আৰু প্ৰয়োজনীয় অনুমোদন সংলগ্ন উপযুক্ত প্ৰস্তাৱো দাখিল কৰা হয়। ডিডব্লিউএছএমৰ জৰিয়তে SurveySetuৰ তথ্যৰ সত্যাপন কৰিবলৈ জিলা প্ৰশাসনবোৰক পৰামৰ্শ দিয়া হয় আৰু লগতে ৰাজ্যিক বিভাগ আৰু ডিডব্লিউএছৰ প্ৰত্যায়নৰ জৰিয়তে প্ৰাপ্ত যিকোনো তথ্যৰ সংযোজন বা বিয়োজনৰ বিষয়ে জনাবলৈ কোৱা হয়।
বৈঠকে নিশ্চিত কৰে যে সকলো উপযুক্ত পিএম-জনমন আৰু ডিএ-জেজিইউএ গাঁওবোৰত কাৰ্যকৰী পানী যোগান সেৱাৰ সম্পূৰ্ণকৰণৰ বাবে ডিডিডব্লিউএছ, জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়, ৰাজ্যিক পানী যোগান/জনস্বাস্থ্য কাৰিকৰী বিভাগবোৰ, জনজাতি কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনবোৰ দায়বদ্ধ থাকিব। তথ্যৰ সংহতকৰণ, জিলা পৰ্যায়ৰ সত্যাপন, যৌথ পৰিকল্পনা, প্ৰস্তাৱৰ সময়বদ্ধ দাখিলকৰণ আৰু সম্পূৰ্ণকৰণৰ জৰিয়তে এই আঁচনিৰ লক্ষ্য হ’ব প্ৰতিখন উপযুক্ত জনজাতীয় গাঁও আৰু জনবসতিক নিৰ্ভৰযোগ্য আৰু বহনক্ষম খোৱাপানী যোগান ধৰা।

***
PS/AK/PK
(ৰিলিজ আই ডি : 2317728)
অতিথি কক্ষ : 6