প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছ ২০২৬ত ট্ৰেপ মিক্সড টীম ইভেণ্টত স্বৰ্ণ জয় কৰাৰ বাবে নীৰু আৰু কেনান চেনাইক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 30 SEP 2026 1:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০২৬ত ট্ৰেপ মিক্সড টীম ইভেণ্টত স্বৰ্ণ পদক জয় কৰাৰ বাবে নীৰু আৰু কেনান চেনাইক অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতীয় যুটিটোৱে ফাইনেলত এছিয়ান ৰেকৰ্ড সৃষ্টি কৰি এই ইভেণ্টত ভাৰতৰ প্ৰথমটো এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হয়;

‘২০২৬ চনৰ এছিয়ান গেমছত ট্ৰেপ মিক্সড টীম ইভেণ্টত স্বৰ্ণ পদক লাভ কৰাৰ বাবে নীৰু আৰু কেনান চেনাইক অভিনন্দন জনাইছো।

ভাৰতীয় যুটিটোৱে ফাইনেলত এছিয়ান ৰেকৰ্ড সৃষ্টি কৰি এই ইভেণ্টত ভাৰতৰ প্ৰথমটো এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰে।

ভাৰতীয় শ্বুটিঙৰ বাবে এক স্মৰণীয় সাফল্য। দুয়োজন খেলুৱৈক বহুত বহুত শুভেচ্ছা! আগন্তুক সময়ত তেওঁলোকে সদায় উজ্জ্বল হৈ থাককঃ প্ৰধানমন্ত্ৰী @narendramodi’

****

MJPS/SS/ST/DD


(ৰিলিজ আই ডি : 2316992) অতিথি কক্ষ : 4