পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাজহুৱা পৰামৰ্শ তথা অংশীদাৰসকলৰ বাবে মুকলি কৰা পেট্ৰ’লিয়াম (সংশোধনী) বিধেয়ক, ২০২৬ৰ খচৰা

পোষ্ট কৰা হৈছে: 30 SEP 2026 12:06PM by PIB Guwahati

পেট্ৰ’লিয়াম (সংশোধনী) বিধেয়ক, ২০২৬ৰ খচৰা, সংশোধনীসমূহৰ এক সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰা ব্যাখ্যামূলক টোকাৰ সৈতে ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰাক-আইনী পৰামৰ্শৰ অংশ হিচাপে সকলো অংশীদাৰৰ পৰা মন্তব্য আৰু পৰামৰ্শ লাভ কৰিবলৈ উপলব্ধ কৰা হৈছে আৰু https://mopng.gov.in/files/Whatsnew/Draft-Amendment-to-the-Petroleum-Act.pdf ৰ জৰিয়তে এই দিশত আগবাঢ়িব পাৰিব।

সকলো অংশীদাৰ তথা জনসাধাৰণক খচৰা বিধেয়ক সন্দৰ্ভত তেওঁলোকৰ যদি কোনো মন্তব্য/পৰামৰ্শ আছে, তাক ২০২৬ চনৰ ৩০ অক্টোবৰৰ আগতে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অৱৰ সচিব (বিতৰণ), কৰ্তব্য ভৱন-০৩, নতুন দিল্লী-১১০০০১ ঠিকনালৈ প্ৰেৰণ কৰিবলৈ অথবা sodist-png[at]gov[dot]in আৰু richa.86[at]nic[dot]in ইমেইলযোগে দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

পৰামৰ্শ প্ৰক্ৰিয়াৰ সময়ত লাভ কৰা পৰামৰ্শসমূহ যথাযথভাৱে পৰীক্ষা কৰা হ’ব।

 

*****

SJ/DD


(ৰিলিজ আই ডি : 2316880) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati