গৃহ মন্ত্ৰালয়
দিল্লীবাসীৰ যাতায়াত সূচল কৰি তুলিবলৈ প্ৰায় ১,৯৪১ কোটিৰো অধিক টকাৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
১,৬৩৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা বাৰাপুলা এলিভেটেড ৰোডৰ তৃতীয় পৰ্যায়ৰ পথছোৱা দিল্লীবাসীৰ বাবে মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহে
বাৰাপুলা এলিভেটেড ৰোডে দক্ষিণ দিল্লীৰ সৈতে ছিগনেলমুক্ত যোগাযোগ ব্যৱস্থা গঢ়ি তুলিব, যিয়ে যাতায়াত সুচল কৰাৰ লগতে যান-জঁটৰ পৰা সকাহ দিব আৰু যাত্ৰাৰ সময় ৰাহি কৰিব
মোদী মিল-সাৱিত্ৰী চিনেমা উৰণ আৰু লোণী আণ্ডাৰপাছৰো আধাৰশিলা স্থাপন শ্ৰী অমিত শ্বাহৰ
পোষ্ট কৰা হৈছে:
29 SEP 2026 6:19PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি দিল্লীৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ লগতে দিল্লীবাসীৰ যাতায়াত সুচল কৰি তোলাৰ উদ্দেশ্যৰে ১,৯৪১ কোটিতকৈও অধিক টকা ব্যয়ৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ ১,৬৩৫ কোটি টকা ব্যয়ৰে নিৰ্মিত বাৰাপুলা এলিভেটেড ৰোডৰ তৃতীয় পৰ্যায়ৰ পথছোৱা আজি দিল্লীবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰে।
এক্সত দিয়া এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, “দিল্লীৰ যোগাযোগ ব্যৱস্থা সৱল কৰিবলৈ আৰু দিল্লীবাসীৰ যাতায়াত সূচল কৰি তুলিবলৈ আজি ১,৯৪১ কোটিতকৈও অধিক টকাৰ বিভিন্ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হয়। ১,৬৩৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা বাৰাপুলা এলিভেটেড ৰোডৰ তৃতীয় পৰ্যায়ৰ পথছোৱা আজি দিল্লীবাসীৰ বাবে মুকলি কৰা হয়। ইয়াৰ ফলত পূব আৰু দক্ষিণ দিল্লীৰ মাজত এক ছিগনেল-মুক্ত যোগাযোগ ব্যৱস্থা গঢ়ি উঠিব, যিয়ে যাতায়াত অধিক সুচল কৰাৰ উপৰিও যান-জঁটৰ পৰা ৰাহাত দিব আৰু যাত্ৰাৰ সময় ৰাহি কৰিব। ইয়াৰ উপৰিও মোদী মিল-সাৱিত্ৰী চিনেমা উৰণীয়া সেতু আৰু লোণী আণ্ডাৰপাছৰো আধাৰশিলা স্থাপন কৰা হয়।”
****
RK/RR/PR/PS/DB
(ৰিলিজ আই ডি : 2316782)
অতিথি কক্ষ : 8