পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
ফাষ্টটেগ বাৰ্ষিক পাছ ব্যৱহাৰকাৰীৰ সংখ্যাই অতিক্ৰম কৰিলে এক কোটিৰ ঘৰ
পোষ্ট কৰা হৈছে:
28 SEP 2026 5:27PM by PIB Guwahati
ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীৰ মাজত ব্যাপক সঁহাৰি লাভ কৰি ২০২৫ চনৰ ১৫ আগষ্টত আৰম্ভ কৰা ‘ফাষ্টটেগ বাৰ্ষিক পাছ ’ৰ জৰিয়তে জাৰি কৰা পাছৰ সংখ্যাই এক কোটি অতিক্ৰম কৰিছে।এই উল্লেখযোগ্য সাফল্যই ব্যক্তিগত বাহনৰ গৰাকীৰ মাজত বাৰ্ষিক পাছৰ গ্ৰহণযোগ্যতা বৃদ্ধি পোৱাৰ কথা প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু দ্ৰুতগামী ঘাইপথত সহজ, নিৰৱচ্ছিন্ন আৰু ব্যয়সাপেক্ষ যাত্ৰাৰ সুবিধা প্ৰদান কৰাত এই ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় দ্ৰুতগামী ঘাইপথৰ প্ৰায় ১,১৫০টা মাচুল আদায় কেন্দ্ৰত এই বাৰ্ষিক পাছ প্ৰযোজ্য।এবাৰ মাচুল পৰিশোধ কৰাৰ জৰিয়তে ৩,০৭৫ টকাত এবছৰৰ বাবে অথবা ২০০বাৰ মাচুল আদায় কেন্দ্ৰ পাৰ হোৱাৰ সুবিধা লাভ কৰিব পাৰি। ফলত বাৰে বাৰে ফাষ্টটেগত ধন ভৰোৱাৰ প্ৰয়োজন নাথাকে।বৈধ ফাষ্টটেগ থকা সকলো অ-বাণিজ্যিক বাহনৰ বাবে এই বাৰ্ষিক পাছ প্ৰযোজ্য।এবাৰ মাচুল পৰিশোধ কৰাৰ পাছত বাহনখনৰ সৈতে সংযুক্ত হৈ থকা বৰ্তমানৰ ফাষ্টটেগতে বাৰ্ষিক পাছ সক্ৰিয় হৈ পৰে। ইয়াৰ বাবে ‘ৰাজমাৰ্গ যাত্ৰা’ ম’বাইল এপৰ জৰিয়তে নিৰ্ধাৰিত মাচুল পৰিশোধ কৰিব পাৰি।ফাষ্টটেগ বাৰ্ষিক পাছৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত সহজ, নিৰৱচ্ছিন্ন আৰু ব্যয়সাপেক্ষ যাত্ৰা নিশ্চিত কৰাৰ ক্ষেত্ৰত এই ব্যৱস্থাৰ কাৰ্যকাৰীতা পুনৰ প্ৰতিপন্ন কৰিছে।
***
GDH/DS/DM
(ৰিলিজ আই ডি : 2316775)
অতিথি কক্ষ : 8