পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
ভাৰত শক্তি সপ্তাহ ২০২৭-ৰ জৰিয়তে কলকাতাত বিশ্ব শক্তি আলোচনাৰ বাট মুকলি
ভাৰত শক্তি সপ্তাহ ২০২৭-ৰ আয়োজক চহৰ হিচাপে কলকাতাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা পেট্ৰ'লিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰীৰ লগতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীৰ
২০২৭ চনৰ ভাৰত শক্তি সপ্তাহৰ আয়োজন কৰিব কলকাতাই
আই ই ডব্লিউ ২০২৭-ৰ বিষয়বস্তুঃ "উদ্ভাৱনৰ দুৱাৰ মুকলি, শক্তি সুৰক্ষা, ভৱিষ্যতৰ গঢ়ন"
৭৫,০০০+ শক্তি ক্ষেত্ৰৰ পেছাদাৰী তথা ৭ শতাধিক আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী অংশগ্ৰহণকাৰীৰ উপস্থিতিৰ সম্ভাৱনা
ভাৰতৰ কলকাতাৰ নিউ টাউন কনভেনশ্যন চেণ্টাৰত ২০২৭ চনৰ ২৮-৩১ জানুৱাৰীৰ সময়চোৱাত অনুষ্ঠিত হ’ব আই ই ডব্লিউ ২০২৭
পোষ্ট কৰা হৈছে:
28 SEP 2026 8:11PM by PIB Guwahati
দ্ৰুতগতিত সলনি হোৱা আন্তৰ্জাতিক শক্তি প্ৰেক্ষাপটৰ মাজত ভাৰতৰ শক্তিৰ চাহিদা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ, শক্তিৰ ভৱিষ্যতক গঢ় দিয়া প্ৰযুক্তি, অংশীদাৰিত্ব আৰু কৌশলগত পছন্দসমূহে ভাৰত শক্তি সপ্তাহ (আই ই ডব্লিউ)২০২৭-ত অগ্ৰাধিকাৰ লাভ কৰিব।
_20260928205304_442fca.jpeg)
“উদ্ভাৱনৰ দুৱাৰ মুকলি, শক্তি সুৰক্ষা, ভৱিষ্যতৰ গঢ়ন” বিষয়বস্তুৰ আধাৰত ২০২৭ চনৰ ২৮-৩১ জানুৱাৰীৰ সময়চোৱাত প্ৰথমবাৰৰ বাবে কলকাতাত অনুষ্ঠিত হ’বলগীয়া আই ই ডব্লিউ-ৰ পঞ্চম সংস্কৰণ হ’ব বছৰটোৰ প্ৰথমখন আন্তৰ্জাতিক মুখ্য শক্তি সন্মিলন। এই সন্মিলনে স্থায়িত্ব ত্বৰান্বিত কৰাৰ লগতে বিশ্ব শক্তি সুৰক্ষাক শক্তিশালী কৰাৰ হকে পথ অন্বেষণ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ নীতি নিৰ্ধাৰক, শক্তিখণ্ডৰ কৰ্ণধাৰ, প্ৰযুক্তি উদ্ভাৱক, বিনিয়োগকাৰী আৰু উদ্যোগ ক্ষেত্ৰৰ অংশীদাৰসকলক একত্ৰিত হোৱাৰ সুযোগ দিব।

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত ২০২৩ চনত বেংগালুৰুত প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা ভাৰত শক্তি সপ্তাহৰ পৰিসৰ, আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণ আৰু এই অনুষ্ঠানে আলোচনাৰ আওতালৈ অনা বিষয়সমূহৰ প্ৰসাৰ ক্ৰমান্বয়ে দ্ৰুতগতিত বৃদ্ধি হৈছে। এই অনুষ্ঠানৰ ২০২৬চনত গোৱাত আয়োজিত চতুৰ্থ সংস্কৰণত শক্তি ক্ষেত্ৰৰ ৭৫,০০০ কৈও অধিক পেছাদাৰী, ৭শতাধিক প্ৰদৰ্শনীকাৰী প্ৰতিষ্ঠান, ১২০ খনৰো অধিক দেশৰ অংশগ্ৰহণকাৰী তথা ৬,৫০০ ৰো অধিক সন্মিলনৰ প্ৰতিনিধিয়ে একত্ৰিত হোৱাৰ সুযোগ লাভ কৰাৰ জৰিয়তে বিশ্ব শক্তি সন্মিলনসমূহৰ ভিতৰত এই অনুষ্ঠানৰ গুৰুত্ব প্ৰতিফলিত হৈছে।
কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীয়ে ভাৰত শক্তি সপ্তাহ ২০২৭-ৰ আয়োজক চহৰ হিচাপে কলকাতাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। শ্ৰী অধিকাৰীয়ে আই ই ডব্লিউ ২০২৭ পশ্চিম বংগত আয়োজনৰ দিহা কৰাৰ বাবে শ্ৰী পুৰী আৰু পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয়ক ধন্যবাদ জ্ঞাপন কৰে। আই ই ডব্লিউ ২০২৭-ৰ সফল আয়োজনে নতুন বিনিয়োগ আকৰ্ষিত কৰাৰ লগতে চলি থকা প্ৰকল্পসমূহ সম্প্ৰসাৰিত কৰাৰ উপৰি পশ্চিম বংগত নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত সহায় কৰিব বুলি শ্ৰী অধিকাৰীয়ে মত প্ৰকাশ কৰে।
বিশ্ব শক্তি ব্যৱস্থাত ভাৰতৰ বৰ্ধিত গুৰুত্বৰ সমান্তৰালভাৱে ভাৰত শক্তি সপ্তাহৰো বিকাশ ঘটা পৰিলক্ষিত হৈছে। বিশ্বৰ দ্ৰুততম বিকাশশীল আগশাৰীৰ অৰ্থনীতি হিচাপে, ভাৰতৰ শক্তিৰ চাহিদা দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশখনে পৰিষ্কাৰ শক্তি প্ৰণালীৰ হকে চলোৱা পৰিৱৰ্তন প্ৰয়াসৰ সমান্তৰালকৈ শক্তি সুৰক্ষা আৰু ব্যয়সাধ্যতাৰ ভাৰসাম্য বজাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেয়েহে ভাৰতৰ শক্তি নিৰ্বাচনৰ দিশটোৱে সীমাৰ পৰিধি অতিক্ৰম কৰি প্ৰভাৱ অব্যাহত ৰখাৰ ফলত দেশখন বিশ্ব শক্তি আলোচনাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে।
ইয়াৰ ভিত্তিত গঢ় লৈ উঠা আই ই ডব্লিউ ২০২৭-ৰ জৰিয়তে বিশ্বৰ বাবে, বিশেষকৈ বিশ্বৰ অৰ্থনৈতিকভাৱে দুৰ্বল দেশসমূহৰ বাবে শক্তি সুৰক্ষা, ব্যয়সাধ্যতা আৰু বহনক্ষমতা নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় প্ৰযুক্তি, উদ্ভাৱন আৰু অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এই অনুষ্ঠানৰ মাধ্যমেৰে প্ৰযুক্তি-চালিত প্ৰগতি ত্বৰান্বিত কৰাৰ লগতে উদ্ভাৱনৰ পৰিসৰ বৃদ্ধি, শক্তি সুৰক্ষা শক্তিশালী কৰা তথা দক্ষতা বিকশিত কৰাৰ উদ্দেশ্যে সুযোগ অন্বেষণ কৰিবলৈ সমগ্ৰ হাইড্ৰ’কাৰ্বন আৰু বিস্তৃত শক্তি মূল্য শৃংখলৰ অন্তৰ্গত সকলো পক্ষৰ বাবে এক সফল মঞ্চ প্ৰদানৰ প্ৰয়াস চলোৱা হ’ব।
শক্তি সুৰক্ষা, ব্যয়সাধ্যতা, প্ৰযুক্তি, বিনিয়োগ আৰু বহনক্ষমতা ক্ৰমান্বয়ে আন্তঃসংযুক্ত হোৱাৰ লগে লগে, আই ই ডব্লিউ ১০২৭-এ সংশ্লিষ্ট খণ্ডটোক গঢ়ি তোলাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিয়াবলৈ আন্তৰ্জাতিক প্ৰচেষ্টা ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই প্ৰদৰ্শনী আৰু সন্মিলনৰ লেখিয়া কাৰ্যসূচীৰ জৰিয়তে শক্তি খণ্ডৰ ভিতৰত অন্যান্য উদীয়মান ক্ষেত্ৰৰ লগতে তেল আৰু গেছ, তৰল প্ৰাকৃতিক গেছ, শোধন আৰু পেট্ৰোকেমিকেলছ, হাইড্ৰ’জেন, জৈৱ ইন্ধন, ডিজিটেলাইজেচন আৰু এআই খণ্ডৰ উন্নয়ন প্ৰদৰ্শন কৰা হ’ব।
কলকাতাঃ ভাৰত শক্তি সপ্তাহৰ এক নতুন অধ্যায়
কলকাতাত এই অনুষ্ঠান আয়োজনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে পূব ভাৰতত ভাৰত শক্তি সপ্তাহ অনুষ্ঠিত হ’ব। এই আয়োজনে অঞ্চলটোৰ ব্যৱসায়, প্ৰতিষ্ঠান আৰু শক্তিথণ্ডৰ অংশীদাৰসকলক আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে জড়িত হ'বলৈ তথা শক্তি সন্দৰ্ভত আন্তৰ্জাতিক আলোচনাত অংশগ্ৰহণ কৰিবলৈ এক মঞ্চ প্ৰদান কৰাৰ জৰিয়তে অঞ্চলটো নতুন ভৌগোলিক মাত্ৰাৰে স্পৰ্শ কৰিছে।
এই অনুষ্ঠানৰ পঞ্চম সংস্কৰণে শক্তি ক্ষেত্ৰৰ নিৰ্ণায়কসকলৰ লগতে শক্তিখণ্ডৰ ৭৫,০০০তকৈ অধিক পেছাদাৰী আৰু ৭শতাধিক আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শকক পৰস্পৰৰ সৈতে মত বিনিময় কৰাৰ সুযোগ দিব বুলি আশা কৰা হৈছে। প্ৰদৰ্শনী আৰু সন্মিলনৰ লেখিয়া কাৰ্যসূচীসমূহে প্ৰযুক্তি প্ৰদৰ্শন, অংশীদাৰিত্বৰ বাট মুকলি কৰাৰ উপৰি শক্তি খণ্ডক গঢ় দিয়াৰ ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বানসমূহৰ লগতে কৌশলগত সুযোগ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰিব।
ভাৰত শক্তি সপ্তাহৰ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যও ইয়াৰ পৰিসৰৰ সমান্তৰালকৈ বিকশিত হৈছে। এই অনুষ্ঠানৰ পূৰ্বৰ সংস্কৰণসমূহে মুখ্য শক্তি উৎপাদনকাৰী আৰু উপভোক্তা দেশসমূহৰ জ্যেষ্ঠ চৰকাৰী নেতা আৰু শক্তি কাৰ্যবাহীসকলক পৰস্পৰক লগ পোৱাৰ সুযোগ দিছে। সংযুক্ত আৰৱ-আমেৰি ৰাষ্ট্ৰ, কানাডা, নেদাৰলেণ্ডছ, ওমান, ব্ৰুনেই, ম্যানমাৰ, তাঞ্জানিয়াকে ধৰি কেইবাখনো দেশৰ ১৭গৰাকী মন্ত্ৰী তথা উপ-মন্ত্ৰীৰ লগতে ইউৰেছিয় অৰ্থনৈতিক সংঘ, বিমষ্টেক আৰু আন্তঃৰাষ্ট্ৰীয় শক্তি মঞ্চৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে আই ই ডব্লিউ ২০২৬-ত অংশগ্ৰহণ কৰিছিল।
আন্তৰ্জাতিক শক্তিখণ্ডৰ পৰিৱৰ্তিত প্ৰেক্ষাপট, উত্তৰণ, প্ৰযুক্তি, বিনিয়োগ তথা শক্তি সুৰক্ষাক কেন্দ্ৰ কৰি দেশ তথা প্ৰতিষ্ঠানসমূহে কেইবাটাও সমাধান বিচাৰি ফুৰাৰ সময়ত তেওঁলোকৰ অংশগ্ৰহণৰ জৰিয়তে শক্তি সম্পৰ্কীয় আলোচনাৰ ক্ৰমান্বয়ে আন্তঃসংযুক্ত প্ৰকৃতি প্ৰতিফলিত হৈছে।
ভাৰত শক্তি সপ্তাহৰ সবিশেষ
দেশৰ আগশাৰীৰ আন্তৰ্জাতিক শক্তি মঞ্চ ভাৰত শক্তি সপ্তাহৰ জৰিয়তে এক সুৰক্ষিত, বহনক্ষম আৰু সুলভ শক্তি ভৱিষ্যতৰ দিশত অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ চৰকাৰী নেতা, উদ্যোগৰ কাৰ্যবাহী তথা উদ্ভাৱকসকলে একত্ৰিত হোৱাৰ সুযোগ লাভ কৰে। এক নিৰপেক্ষ মঞ্চ হিচাপে, ভাৰত শক্তি সপ্তাহে বিনিয়োগ, নীতি সংৰেখন আৰু আন্তৰ্জাতিক শক্তি প্ৰেক্ষাপট গঠন কৰা প্ৰযুক্তিগত সহযোগিতাক পথ দেখুৱায়।
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত ফেডাৰেচন অৱ ইণ্ডিয়ান পেট্ৰ’লিয়াম ইণ্ডাষ্ট্ৰী (এফ আই পি আই) আৰু সন্মিলনৰ আয়োজক হিচাপে ইনফৰমা মাৰ্কেটছৰ উদ্যোগত ভাৰত শক্তি সপ্তাহ ২০২৭-ৰ আয়োজন কৰা হৈছে।
কলকাতাৰ নিউ টাউন কনভেনশ্যন চেণ্টাৰত ২০২৭ চনৰ ২৮-৩১ জানুৱাৰীৰ সময়চোৱাত “উদ্ভাৱনৰ দুৱাৰ মুকলি, শক্তি সুৰক্ষা, ভৱিষ্যতৰ গঢ়ন” বিষয়বস্তুৰে ভাৰত শক্তি সপ্তাহ ২০২৭ অনুষ্ঠিত হ’ব।

_20260928205356_59dc7f.jpeg)
For more information, visit: https://www.indiaenergyweek.com/
*****
Samrat/DD
(ৰিলিজ আই ডি : 2316420)
অতিথি কক্ষ : 4