প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সফলতাৰ বাট মুকলি কৰা ছটা গুণৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 29 SEP 2026 8:48AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কঠোৰ পৰিশ্ৰম, সাহস, ধৈৰ্য্য, কৰ্মৰ সামৰ্থ্য, জ্ঞান আৰু বীৰত্বকে ধৰি ছয়টা গুণৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে। এই গুণসমূহেৰে সমৃদ্ধ এজন ব্যক্তিক আনকি ঈশ্বৰেও সহায় কৰে বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে –

“उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः।

षडेते यत्र वर्तन्ते तत्र दैवं सहायकृत्॥”

এই হিতোপদেশত প্ৰকাশ কৰা হৈছে যে অধ্যৱসায়, সাহস, ধৈৰ্য্য, কৰ্মৰ সামৰ্থ্য, জ্ঞান আৰু বীৰত্বৰ দৰে ছটা গুণ থকা ব্যক্তিক আনকি ঈশ্বৰেও সহায় কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

“उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः।

षडेते यत्र वर्तन्ते तत्र दैवं सहायकृत्॥”



***********


MJPS/SS/ST/DD


(ৰিলিজ আই ডি : 2316378) অতিথি কক্ষ : 9