ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কেৰলমৰ কোল্লমত নাৰী সবলীকৰণ আৰু সমবায় সম্পৰ্কীয় একাধিক পদক্ষেপৰ শুভাৰম্ভ কৰে

সমবায়ৰ জৰিয়তে নাৰী সবলীকৰণ হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অন্যতম মূল উদ্দেশ্য, কাৰণ এঘৰ গৃহস্থীৰ মহিলাগৰাকী সমৃদ্ধিশালী হোৱা মাত্ৰেকে সমগ্ৰ পৰিয়ালটোৱেই সমৃদ্ধিশালী হয়

আমাৰ উদ্দেশ্য হৈছে ‘সহকাৰ সে সমৃদ্ধি’ৰ সা-সুবিধাৰাজিয়ে দেশৰ গ্ৰামাঞ্চল আৰু দৰিদ্ৰ মহিলাসকলক স্পৰ্শ কৰাটো নিশ্চিত কৰাঃ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী

শ্ৰী অমিত শ্বাহে ‘বনিতা শ্বী-মাৰ্ট শ্বপছ’ উদ্বোধন কৰি এনচিচিএফ-ৰ ‘জনাহ’ সামগ্ৰীৰ বিক্ৰীৰ শুভাৰম্ভ কৰে

২৩ হাজাৰৰো অধিক সক্ৰিয় সমবায় সমিতি আৰু প্ৰাক-স্বাধীনতা যুগৰ পৰাই সু-সংগঠিত সমবায় আন্দোলনেৰে সমৃদ্ধ কেৰলমত ‘শ্বী-মাৰ্ট’ৰ শুভাৰম্ভণি কাৰ্য্য পৰম সন্তোষৰ কথা

শ্বী-মাৰ্ট হৈছে মহিলা আত্ম-সহায়ক গোট আৰু গ্ৰামাঞ্চলৰ মহিলা উদ্যোগীসকলক বজাৰ আৰু উপভোক্তাৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰাৰ এটি গুৰুত্বপূৰ্ণ পদক্ষেপঃ শ্ৰী অমিত শ্বাহ

কৃষক আৰু মহিলা উদ্যোগীসকল ক্ৰয় আৰু সংসাধনৰ পৰা আৰম্ভ কৰি ব্ৰেণ্ডিং, পেকেজিং আৰু খুচুৰা বজাৰত প্ৰত্যক্ষ প্ৰৱেশলৈকে সমগ্ৰ মূল্য শৃংখলতে লাভৱান হ’ব

এনচিচিএফ-ৰ ২,৫০০-ৰো অধিক খুচুৰা বিপণীৰ লগতে সমগ্ৰ কেৰলম, তামিলনাডু আৰু কৰ্ণাটকত ৩০০-ৰো অধিক ‘শ্বী-মাৰ্ট’ মুকলি কৰা হ’ব, ইয়াৰ ফলশ্ৰুতিত কৃষক আৰু মহিলা উদ্যোগীসকলে প্ৰত্যক্ষ বজাৰত প্ৰৱেশৰ সুবিধা লাভ কৰিব

মোদী জীৰ নেতৃত্বত মহিলা-নেতৃত্বাধীন উন্নয়নে স্থায়ী গতি লাভ কৰিছে; শ্ৰম শক্তিত মহিলাৰ অংশগ্ৰহণ ২০১৪-১৫ ত ২৩%-ৰ পৰা আজি ৪০%-লৈ বৃদ্ধি পাইছে

৩৬ কোটি মহিলাৰ বেংক একাউন্ট খোলা হৈছে, তিনি তালাক নিষিদ্ধ কৰা হৈছে, ১১ হাজাৰৰো অধিক কন্যাই সশস্ত্ৰ বাহিনীত বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে আৰু ৩ কোটি মহিলা লাখপতি দিদি হৈ পৰিছে — ২০২৯ ৰ ভিতৰত এই পৰিসংখ্যা ৬ কোটি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে

কেৰলমত সুনীল অৰ্থনীতিৰ ক্ষেত্ৰত অসীম সম্ভাৱনা আছে; সমবায়ৰ জৰিয়তে ইয়াক সুদৃঢ় কৰিবলৈ মোদী চৰকাৰে একাধিক আঁচনি প্ৰৱৰ্তন কৰিছে

কেৰালাৰ পৰা কেৰলমলৈ যাত্ৰাত সকলো মালয়ালী ভ্ৰাতৃ-ভগ্নীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ

পোষ্ট কৰা হৈছে: 26 SEP 2026 7:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “সহকাৰ সে সমৃদ্ধি”ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি তথা সমবায়ৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিক সুদৃঢ় কৰা আৰু মহিলা-নেতৃত্বাধীন উন্নয়নক এক নতুন গতি প্ৰদানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি কেৰলমৰ কোল্লমৰ পবিত্ৰম সন্মিলন কেন্দ্ৰত নাৰী সবলীকৰণ আৰু সমবায়ৰ সৈতে সম্পৰ্কীয় একাধিক পদক্ষেপৰ শুভাৰম্ভ কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা পৰ্যটন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সুৰেশ গোপীকে প্ৰমুখ্য কৰি সমবায় খণ্ডৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

ভাষণৰ আৰম্ভণিতে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কেৰালাৰ পৰা ‘কেৰলম’লৈ যাত্ৰাত সকলো মালয়ালী ভাই-ভনীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে স্বাধীনতাৰ অমৃত কালৰ সময়ত কৃষক আৰু সমবায় খণ্ডৰ সৈতে জড়িত লোকসকলে দীৰ্ঘদিন ধৰি কেন্দ্ৰত সুকীয়া সমবায় মন্ত্ৰালয় গঠনৰ দাবী জনাই আহিছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠাৰে সমবায় খণ্ডত নতুন শক্তি আৰু গতিৰ সঞ্চাৰ কৰি দেশৰ গ্ৰামোন্নয়ন, কৃষি উন্নয়ন আৰু নাৰী সবলীকৰণৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰে।

কেৰলমৰ চহকী সমবায় উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰি শ্ৰী অমিত শ্বাহে কয় যে স্বাধীনতাৰ আগৰে পৰাই সমবায় আন্দোলন শক্তিশালী আৰু সু-সংগঠিত হৈ থকা ৰাজ্যসমূহৰ ভিতৰত কেৰলম অন্যতম। ট্ৰাভাংকুৰ, কোচি আৰু মালাবাৰৰ দৰে অঞ্চল সমূহত স্বাধীনতাৰ পূৰ্বৰ যুগৰ পৰাই সমবায়ৰ এক শক্তিশালী পৰম্পৰা আছে, ইয়াৰ পৰিপ্ৰেক্ষিতত কেৰলমৰ সমবায় আন্দোলন সমগ্ৰ দেশৰ বাবে এক গুৰুত্বপূৰ্ণ আদৰ্শ হৈ পৰিছে। তেওঁ কয় যে সমবায় খণ্ডত আজি শুভাৰম্ভ ঘটিবলগীয়া ‘শ্বী-মাৰ্ট’ (She-Mart) পদক্ষেপৰ কথা কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বাজেটত ঘোষণা কৰিছিল আৰু কেৰলমৰ পৰা এই পদক্ষেপৰ শুভাৰম্ভ হোৱাটো পৰম সন্তোষৰ কথা।

জনসাধাৰণ আৰু কৃষক সকলৰ বাবে সুলভ মূল্যৰ খাদ্য সামগ্ৰী উপলব্ধ কৰাৰ বাবে শুভাৰম্ভ কৰা পদক্ষেপসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে কেৰলমতো নাফেডৰ (NAFED) ম’বাইল ভেনৰ জৰিয়তে কৃষক আৰু সাধাৰণ জনতালৈ পিয়াঁজ, ভাৰত আটা আৰু ভাৰত ৰাইচ উপলব্ধ কৰিবলৈ এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে মিছন ফৰ আত্মনিৰ্ভৰতা ইন পালছৰ অধীনত মহিলা কৃষকসকলক মাটিমাহ আৰু বুটৰ বীজ যোগান ধৰা হৈছে। একেদৰে নাফেড-কল্যাণ বৃত্তি আঁচনিৰ অধীনত প্ৰায় ২,০০০ পৰিয়ালৰ কন্যা শিশুক বৃত্তি প্ৰদান কৰা হৈছে।

মহিলা আত্ম-সহায়ক গোট আৰু গ্ৰামাঞ্চলৰ মহিলা উদ্যোগীসকলৰ বাবে ‘শ্বী-মাৰ্ট’ৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰি শ্ৰী অমিত শ্বাহে কয় যে আজিৰ কাৰ্য্যসূচীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ‘শ্বী-মাৰ্ট’ৰ শুভাৰম্ভণি। শ্বী-মাৰ্টৰ ধাৰণাটো হৈছে মহিলা আত্ম-সহায়ক গোট আৰু গ্ৰামাঞ্চলৰ মহিলা উদ্যোগীসকলক বজাৰ আৰু উপভোক্তাৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ কয় যে নাফেড, কেন্দ্ৰীয় ভাণ্ডাৰ, আমূলৰ দৰে প্ৰতিষ্ঠানেও মহিলা-নেতৃত্বাধীন উদ্যোগসমূহক ব্যাপক পৰিসৰত সম্প্ৰসাৰণত সহায় কৰিব।

‘শ্বী-মাৰ্ট’ৰ সম্প্ৰসাৰণ তথা ইয়াৰ জৰিয়তে কৃষক আৰু মহিলা উদ্যোগীসকলৰ বাবে সৃষ্টি হ’ব পৰা নতুন সুযোগৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ কেৰলম, তামিলনাডু আৰু কৰ্ণাটকত ৩০০-ৰো অধিক শ্বী-মাৰ্ট ষ্ট’ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইয়াত ভাৰত ব্ৰেণ্ডৰ সামগ্ৰীৰ লগতে স্থানীয় সামগ্ৰীসমূহ উপভোক্তাৰ বাবে উপলব্ধ হ’ব। তেওঁ কয় যে ইয়াৰ ফলশ্ৰুতিত কৃষক আৰু মহিলা উদ্যোগীসকল ক্ৰয় আৰু সংসাধনৰ পৰা আৰম্ভ কৰি ব্ৰেণ্ডিং, পেকেজিং আৰু খুচুৰা বজাৰত প্ৰত্যক্ষ প্ৰৱেশলৈকে সমগ্ৰ মূল্য শৃংখলতে লাভৱান হ’ব।

কেৰলমৰ শক্তিশালী সমবায় বাতাবৰণৰ শলাগ লৈ শ্ৰী অমিত শ্বাহে কয় যে ৰাজ্যখনৰ এক অতি পুৰণি, বিস্তৃত আৰু শক্তিশালী সমবায় গাঁথনি আছে। ইয়াত ২৩ হাজাৰৰো অধিক সমবায় প্ৰতিষ্ঠানে ফলপ্ৰসূভাৱে কাম কৰি আছে। কেৰলমৰ সমবায় মন্ত্ৰীক দিল্লী ভ্ৰমণলৈ আমন্ত্ৰণ জনাই তেওঁ কয় যে ভাৰত চৰকাৰৰ সকলো আঁচনিৰ পৰা কেৰলমে সৰ্বাধিক সুবিধা লাভ কৰাটো নিশ্চিত হ’লে কেন্দ্ৰীয় চৰকাৰে সন্তোষ পাব। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে জৈৱিক কৃষি আৰু আন-আন আনুষংগিক খণ্ডতো কেৰলমলৈ প্ৰয়োজনীয় সহায় আগবঢ়াব পাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘সহকাৰ সে সমৃদ্ধি’ৰ দৃষ্টিভংগীত নাৰী সবলীকৰণৰ কেন্দ্ৰীয় ভূমিকাত আলোকপাত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে সমবায়ৰ জৰিয়তে নাৰী সবলীকৰণ প্ৰধানমন্ত্ৰীৰ অন্যতম মূল লক্ষ্য। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈ আহিছে যে এঘৰ গৃহস্থীৰ মহিলাগৰাকী সমৃদ্ধিশালী হোৱা মাত্ৰেকে সমগ্ৰ পৰিয়ালটোৱেই সমৃদ্ধিশালী হয়। ঘৰ এখনৰ এগৰাকী নাৰী সবলীকৰণ হ’লে ইয়াৰ প্ৰভাৱ সমগ্ৰ পৰিয়ালটোৰ সবলীকৰণত প্ৰতিফলিত হয়। গতিকে আমাৰ উদ্দেশ্য হৈছে ‘সহকাৰ সে সমৃদ্ধি’ৰ সা-সুবিধাৰাজিয়ে দেশৰ গ্ৰামাঞ্চল আৰু দৰিদ্ৰ মহিলাসকলক স্পৰ্শ কৰাটো নিশ্চিত কৰা।

ৰাষ্ট্ৰীয় পৰ্য্যায়ত সমবায়ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত নাফেড আৰু এনচিচিএফ-ৰ ভূমিকা সম্পৰ্কে উল্লেখ কৰি শ্ৰী অমিত শ্বাহে কয় যে নাফেড আৰু এনচিচিএফ উভয়ে সমগ্ৰ দেশতে অব্যাহত থকা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। বৰ্তমান প্ৰায় ৮ লাখ কৃষক নাফেডৰ সৈতে জড়িত আৰু প্ৰায় ৬ লাখ মহিলা কৃষক এনচিচিএফ-ৰ সৈতে জড়িত। তেওঁ কয় যে অনাগত দিনত এই পৰিসংখ্যা অধিক বৃদ্ধি কৰাৰ লগতে উভয় প্ৰতিষ্ঠানকে সুদৃঢ় কৰাৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব।

শেহতীয়া বছৰ কেইটাত নাৰী সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা পদক্ষেপৰাজি আৰু সেই অনুসাৰে লাভ কৰা ফলাফলৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নাৰী শক্তি আৰু মহিলা সবলীকৰণৰ প্ৰসাৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২০১৭-১৮ ত প্ৰায় ২৩ শতাংশ মহিলাই শ্ৰম শক্তিত অংশগ্ৰহণ কৰাৰ বিপৰীতে এই হাৰ এতিয়া প্ৰায় ৪০ শতাংশলৈ বৃদ্ধি পাইছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰায় ৩৬ কোটি মহিলাৰ বেংক একাউন্ট খোলা হৈছে।

কেন্দ্ৰীয় চৰকাৰে মহিলাৰ অধিকাৰ, মৰ্য্যাদা আৰু সুযোগৰ সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ কথা উল্লেখ কৰি শ্ৰী অমিত শ্বাহে কয় যে মুছলমান মহিলা সকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ তিনি তালাক নিষিদ্ধ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পূৰ্বে মুছলমান মহিলাসকলে পুৰুষ সংগী অবিহনে হজলৈ যোৱাত বাধা আছিল যদিও এতিয়া মুছলমান মহিলাসকলে স্বতন্ত্ৰভাৱে হজলৈ যাত্ৰা কৰিব পাৰিব। তেওঁ কয় যে আজি ভাৰতীয় সশস্ত্ৰ বাহিনীত ১১ হাজাৰৰো অধিক মহিলা বিষয়াই সেৱা আগবঢ়াই আছে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলৰ বাবে ২৬ সপ্তাহৰ প্ৰসূতিকালীন ছুটীৰো ব্যৱস্থা কৰিছে।

মহিলাৰ অৰ্থনৈতিক সবলীকৰণক অধিক সম্প্ৰসাৰণৰ লক্ষ্যৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীয়ে কয় যে ২০২৪-ৰ পূৰ্বেই প্ৰায় ৩ কোটি ‘লাখপতি দিদি’ গঢ়াৰ লক্ষ্যত উপনীত হোৱা গৈছিল আৰু এতিয়া লক্ষ্য হৈছে ২০২৯-ৰ ভিতৰত ৬ কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ়ি তোলা।

কেৰলমত সুনীল অৰ্থনীতিৰ অন্তৰ্নিহিত বিশাল অৰ্থনৈতিক সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি শ্ৰী অমিত শ্বাহে কয় যে ৰাজ্যখনৰ দীঘলীয়া উপকূল, বেকৱাটাৰ, নদী আৰু চহকী সামুদ্ৰিক পৰম্পৰাই ইয়াৰ সুনীল অৰ্থনীতিলৈ অসীম সুযোগৰ সঞ্চাৰ কৰিছে। মীন খণ্ডত বৃহৎ ট্ৰলাৰ প্ৰদানৰ পৰা আৰম্ভ কৰি উৎপাদন, সংসাধন, পেকেজিং, ব্ৰেণ্ডিং আৰু ৰপ্তানিলৈকে একাধিক আঁচনি উপলব্ধ হৈছে। তেওঁ কেৰলমৰ সমবায় মন্ত্ৰীক এই দিশত উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই আঁচনিসমূহৰ সবিশেষ জ্ঞাত হৈ কেৰলমে যাতে ইয়াৰ পৰা সম্ভৱপৰ সৰ্বাধিক সুবিধা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনায়। মীন আৰু সামুদ্ৰিক খণ্ডৰ সম্ভাৱনাক এক বৃহৎ অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যৰ যৌথ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে কেৰলমৰ এই খণ্ডসমূহত বিপুল সম্ভাৱনা আছে। কেন্দ্ৰ আৰু ৰাজ্যখনে এই সুযোগসমূহক বাস্তৱায়িত কৰাৰ বাবে একেলগে কাম কৰা মাত্ৰেকে মীন আৰু সামুদ্ৰিক খণ্ডক এক বৃহৎ অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰিত কৰিব পৰা যাব।

এই কাৰ্য্যসূচীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীজনে প্ৰতি কেজিত ৩৫ টকা ৰাজসাহায্যযুক্ত মূল্যত পিঁয়াজ যোগান ধৰা এনচিচিএফ আৰু নাফেডৰ ম’বাইল ভেনসমূহৰ ফ্লেগ-অফ কৰি ভিন্ন ষ্টল পৰিদৰ্শন কৰে। এই উপলক্ষে এনচিচিএফ আৰু দ্য চেন্ট্ৰেল ফাইনেন্সিয়েল ক্ৰেডিট আৰু ইনভেষ্টমেন্ট ক’-অপাৰেটিভ (ইণ্ডিয়া) লিমিটেডৰ (CFCICI) মাজত এখনি বুজাবুজিৰ চুক্তি (MoU) বিনিময় হয়। ভাৰতীয় মৎস্য প্ৰৱৰ্তক সংঘৰ মীন সামগ্ৰীৰ যোগান-শৃংখল লজিষ্টিক সংহতিৰ বাবেও এনচিচিএফ-ৰ ‘জনাহ’ ব্ৰেণ্ডৰ সৈতে তথা এনচিচিএফ আৰু ভাৰত লাঝনা সহকাৰী সমিতিৰ মাজত সমগ্ৰ কেৰলম, তামিলনাডু আৰু কৰ্ণাটকত ৩০০ খন শ্বী-মাৰ্ট শ্বপ মুকলি কৰাৰ বাবে বুজাবুজিৰ চুক্তি (MoU) বিনিময় হয়।

শ্ৰী অমিত শ্বাহে এনচিচিএফ-ৰ ‘জনাহ’ সামগ্ৰী বিক্ৰীৰো শুভাৰম্ভ কৰে তথা এনচিচিএফ আৰু চিএফচিআইচিআই-ৰ সহযোগত বিকশিত ‘বনিতা শ্বী-মাৰ্ট শ্বপ’ উদ্বোধন কৰে। তদুপৰি তেওঁ বনিতা শ্বী-মাৰ্ট শ্বপৰ জৰিয়তে মহিলা উপভোক্তাসকলক ‘ভাৰত আটা’ আৰু ‘ভাৰত ৰাইচ’ বিক্ৰী কাৰ্য্যৰো শুভাৰম্ভ কৰে। তদুপৰি তেওঁ মিছন ফৰ আত্মনিৰ্ভৰতা ইন পালছৰ অধীনত মহিলা কৃষকসকললৈ বিনামূলীয়া মাটিমাহ আৰু বুটৰ বীজৰ কিট বিতৰণ কৰাৰ সমান্তৰালকৈ নাফেড-কল্যাণ বৃত্তি আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত কৃষক সকলৰ কন্যাক বৃত্তিৰ চেক আগবঢ়ায়।

****

AK/SB


(ৰিলিজ আই ডি : 2315888) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Odia , Kannada , Malayalam