পোষ্ট কৰা হৈছে:
26 SEP 2026 5:16PM by PIB Guwahati
পিএম মেমেন্ট’ছ ই-নিলাম, ২০২৬-ত মহাৰাষ্ট্ৰৰ চহকী ঐতিহাসিক উত্তৰাধিকাৰ, আধ্যাত্মিক পৰম্পৰা, থলুৱা শিল্প ৰূপ আৰু সমসাময়িক সাফল্যৰাজিৰ সমাহাৰ ঘটিছে। এই সংগ্ৰহত ভাস্কৰ্য্য, চিত্ৰকলা, শিল্পকৰ্ম, স্মাৰক সামগ্ৰী, ধৰ্মীয় শিল্পকৰ্ম, ক্ৰীড়া স্মাৰক আৰু ৰাজ্যখনৰ বৈচিত্ৰময় সাংস্কৃতিক বাতাবৰণক প্ৰতিনিধিত্ব কৰা আৰ্হিৰ এক বিস্তৃত বাছনি একত্ৰিত হৈছে।

সমগ্ৰ সংগ্ৰহটোৰ এটি বিশিষ্ট বিষয়বস্তু হৈছে ছত্ৰপতি শিৱাজী মহাৰাজৰ চিৰস্থায়ী উত্তৰাধিকাৰ। ইয়াত মাৰাঠা শাসক গৰাকীক ভিন্ন ৰূপ আৰু কলাত্মক শৈলীত চিত্ৰিত কৰা একাধিক স্মাৰক আছে। ইয়াৰ ভিতৰত অশ্বাৰোহী, সিংহাসনত বহি, সিংহৰ কাষত আৰু ৰাজকীয় পৰিবেশত তেওঁক চিত্ৰিত কৰা মূৰ্তিসমূহো অন্যতম।

সংগ্ৰহটোত ৰূপৰ মূৰ্তি, কাঠত খোদিত প্ৰতিকৃতি, ফ্ৰেমযুক্ত শিল্পকৰ্ম আৰু ৰায়গড় দুৰ্গত মেঘডম্বৰীৰ স্কেল মডেলো সন্নিবিষ্ট হৈছে।

কেইবাটাও সামগ্ৰীয়ে মহাৰাষ্ট্ৰৰ ভক্তি পৰম্পৰাক উদযাপন কৰিছে। ইয়াত পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সৈতে সন্ত টুকাৰামৰ চিত্ৰণ আৰু ধ্যানমগ্ন সন্ত জ্ঞানেশ্বৰক চিত্ৰিত কৰা শিল্পকৰ্ম আছে।

বিশেষকৈ ৱৰ্লি শিল্প শৈলীৰ কেইবাটাও কৰ্মৰ জৰিয়তে ৰাজ্যখনৰ থলুৱা কলাত্মক পৰম্পৰাৰ আভাসো এই সংগ্ৰহত দেখা গৈছে। এখন ছবিত জনজাতীয় নেতা বীৰছা মুণ্ডাৰ প্ৰতিকৃতিৰ সৈতে ৱৰ্লি মটিফৰ সংমিশ্ৰণ ঘটিছে, আনহাতে আন কিছুমান ছবিত গ্ৰাম্য জনজীৱন, কৃষিকাৰ্য্য, উদযাপন আৰু সামূহিক পৰম্পৰাক চিত্ৰিত কৰিবলৈ ৱৰ্লি শিল্পৰ স্বকীয় জ্যামিতিক ৰূপ ব্যৱহাৰ কৰা হৈছে। ডাঠ মেৰুণ ফেব্ৰিকৰ ওপৰত হাতেৰে অংকন কৰা কামকে প্ৰমুখ্য কৰি কাপোৰৰ ওপৰত ৱৰ্লি চিত্ৰই পৰম্পৰাগত শিল্পৰ বহুমুখিতাক অধিক প্ৰদৰ্শন কৰিছে।

ইয়াত ঐতিহ্য আৰু ভক্তিমূলক শিল্পৰ বাহিৰেও মহাৰাষ্ট্ৰৰ ক্ৰীড়া কৃতিত্বৰ প্ৰতিফলন ঘটিছে। উল্লেখযোগ্য স্মাৰকসমূহৰ ভিতৰত আছে পেৰা-বেডমিন্টন খেলুৱৈ সুকান্ত কদমে স্বাক্ষৰ কৰা এখন বেডমিন্টন ৰেকেট আৰু পেৰিছ ২০২৪ পেৰা অলিম্পিক গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা শচীন খিলাৰীৰ স্বাক্ষৰ সম্পন্ন কেৰী বেগ তথা শ্বট পুট।

কেইবাটাও স্মাৰকত মহাৰাষ্ট্ৰৰ আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানিক মাইলৰ খুঁটিসমূহো অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত বাধৱন বন্দৰ, থানে - বৰিভালি টুইন টানেল প্ৰজেক্ট আৰু নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰেজেন্টেচন মডেল আছে। ভাৰতৰ সামাজিক আৰু বৌদ্ধিক ঐতিহ্যক উদযাপন কৰা স্মাৰকসমূহা এই সংগ্ৰহৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াত ডঃ বি.আৰ. আম্বেদকাৰ, লোকমান্য বাল গংগাধৰ তিলক, অহল্যাবাই হোলকাৰ আৰু পেশ্বৱা প্ৰথম বাজীৰাওৰ প্ৰতিকৃতি আৰু ভাস্কৰ্য্যও আছে।
৮৯ টা স্মাৰকে একেলগে মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰ্য উপস্থাপন কৰিছে। ইয়াত ঐতিহাসিক ব্যক্তিত্ব, আধ্যাত্মিক পৰম্পৰা, লোকশিল্প, ধৰ্মীয় স্থাপত্য, ক্ৰীড়া সাফল্য আৰু সমসাময়িক আন্তঃগাঁথনিৰ সমাহাৰ ঘটিছে। হাতেৰে নিৰ্মিত ৱৰ্লি চিত্ৰ আৰু ভক্তিমূলক ভাস্কৰ্য্যৰ পৰা আৰম্ভ কৰি প্ৰতিষ্ঠানিক আৰ্হি আৰু ক্ৰীড়া স্মাৰকলৈকে সংগ্ৰহটোৱে মহাৰাষ্ট্ৰৰ ঐতিহ্য আৰু কৃতিত্বৰাজিক প্ৰকাশিত কৰিছে।
ই-নিলাম, ২০২৬-ৰ ৮ম সংস্কৰণ ২ অক্টোবৰ, ২০২৬-লৈ মুকলি থাকিব। নিলামৰ তাৰিখ, অংশগ্ৰহণৰ বিৱৰণ আৰু সম্পূৰ্ণ সংগ্ৰহৰ বাবে অফিচিয়েল পিএম মেমেন্ট’ছ ই-নিলাম পৰ্টেল pmmementos.gov.in চাওঁক।
***
M Annadurai/SB