বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ চিএছআইআৰ-এনআইএছচিপিআৰৰ দ্বাৰা প্ৰকাশিত পাঁচটা ভাৰতীয় ভাষাত জনপ্ৰিয় বিজ্ঞান আলোচনী উন্মোচন
পোষ্ট কৰা হৈছে:
26 SEP 2026 11:10AM by PIB Guwahati
বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চিএছআইআৰ) ৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ড০ জিতেন্দ্ৰ সিঙে চিএছআইআৰ-ৰাষ্ট্ৰীয় বিজ্ঞান যোগাযোগ আৰু নীতি গৱেষণা প্ৰতিষ্ঠান (চিএছআইআৰ-এনআইএছচিপিআৰ) ৰ দ্বাৰা প্ৰকাশিত তামিল, তেলেগু, মাৰাঠী, বাংলা আৰু অসমীয়া ভাষাত পাঁচখন নতুন জনপ্ৰিয় বিজ্ঞান আলোচনী উন্মোচন কৰে।
আলোচনীসমূহ-অসমীয়া ভাষাত বিজ্ঞান লহৰ (Bigyan Lahar), বাংলা ভাষাত বিজ্ঞান বৃত্তান্ত (Bigyan Brittanto), মাৰাঠী ভাষাত বিদনায়ন ক্ষিতিজ (Vidnyan Kshitij), তামিল ভাষাত আৰিভিয়াল আৰিক্কাইয়ালাৰ (Ariviyal Arikkaiyalar) আৰু তেলেগু ভাষাত বিজ্ঞান ভেলুগু (Vigyan Velugu)-ই চি এছ আই আৰ-এন আই এছ চি পি আবিজ্ঞানৰ-ৰ জনপ্ৰিয় বিজ্ঞান প্ৰকাশ পৰ্টফ’লিঅ’ৰ এক গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণ চিহ্নিত কৰে। এই আলেচনীসমূহ ইয়াৰ ধ্বজাবাহী আলোচনী ছায়েন্স ৰিপ’ৰ্টাৰ (ইংৰাজী), বিজ্ঞান প্ৰগতি (হিন্দী) আৰু ছায়েন্স কি দুনিয়া (উৰ্দু)ৰ জৰিয়তে প্ৰতিষ্ঠানৰ বিজ্ঞান যোগাযোগৰ দীৰ্ঘদিনীয়া পৰম্পৰাৰ ওপৰত ভিত্তি কৰি উন্মোচন কৰা হৈছে।
উন্মোচনী অনুষ্ঠানত চি এছ আই আৰ-ৰ সঞ্চালক প্ৰধান তথা ডি এছ আই আৰ-ৰ সচিব ড০ এন কালাইচেলভি আৰু চি এছ আই আৰ-এন আই এছ চি পি আৰ-ৰ সঞ্চালক ড০ গীতা বাণী ৰায়সাম উপস্থিত থাকে। চি এছ আই আৰ-এন আই এছ চি পি আৰ-ৰ প্ৰচেষ্টাই পাঠকসকলৰ বাবে তেওঁলোকৰ নিজ নিজ ভাষাত বিশ্বাসযোগ্য আৰু আকৰ্ষণীয় বৈজ্ঞানিক জ্ঞান উপলব্ধ কৰাৰ লগতে সংশ্লিষ্ট অঞ্চলসমূহৰ বৈজ্ঞানিক সাফল্য, উদ্ভাৱন আৰু উন্নয়নৰ ওপৰতো আলোকপাত কৰিছে।
চি এছ আই আৰ-এন আই এছ চি পি আৰ-ৰ বৰ্তমানৰ জনপ্ৰিয় বিজ্ঞান আলোচনীসমূহৰ (বিজ্ঞান প্ৰগতি, চায়েন্স ৰিপ’ৰ্টাৰ আৰু চায়েন্স কি দুনিয়া) পৰা নিৰ্বাচিত সমলসমূহৰ অনুবাদৰ সুবিধাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ এই পদক্ষেপৰ এক বিশেষ বৈশিষ্ট্য। এআই-ৰ সহায়ত কৰা অনুবাদসমূহ পৰৱৰ্তী সময়ত বৈজ্ঞানিক সঠিকতা, ভাষিক মান আৰু পঠনযোগ্যতা নিশ্চিত কৰি মানৱ বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচনা, প্ৰুফৰিড, তথ্য-পৰীক্ষা আৰু সম্পাদকীয়ভাৱে সংশোধন কৰা হয়। অনুবাদ কৰা সমলৰ লগতে, আলোচনীসমূহে সংশ্লিষ্ট ভাৰতীয় ভাষাত লিখা মূল প্ৰবন্ধবোৰো বহন কৰে, যাৰ ফলত এই ভাষাবোৰত বিজ্ঞান লিখন আৰু অঞ্চলটোৰ প্ৰাসংগিক সাফল্যক উৎসাহিত আৰু শক্তিশালী কৰিছে।
সংশ্লিষ্ট সম্পাদক, সম্পাদকীয় দল, ডিজাইন দল আৰু অন্যান্য প্ৰতিষ্ঠানিক কৰ্মচাৰীসকলৰ সমৰ্পিত অৱদান আৰু অক্লান্ত প্ৰচেষ্টাৰে এই পাঁচখন আলোচনীৰ প্ৰকাশৰ সমন্বয় সাধন কৰিছে শ্ৰী মুকেশ আম্বাদাস পুণ্ড আৰু ড০ মেহৰ ৱানে। উন্মোচনী অনুষ্ঠানত উপস্থিত সম্পাদক আৰু সম্পাদকীয় প্ৰতিনিধিসকলৰ ভিতৰত আছিল ড০ পৰমানন্দ বৰ্মন, সম্পাদক আৰু ড০ বৰ্ণালী শৰ্মা, সহযোগী সম্পাদক, বিজ্ঞান লহৰ (অসমীয়া); ড০ উত্তম কুমাৰ জানা, সম্পাদক, বিজ্ঞান বৃত্তান্ত (বাংলা); শ্ৰী মুকেশ আম্বাদাস পুণ্ড, সম্পাদক, বিদনায়ন ক্ষিতিজ (মাৰাঠী); ড০ এছ ভুৱনেশ, সম্পাদক আৰু ড০ এল সন্ধিয়া, সহযোগী সম্পাদক, আৰিভিয়াল আৰিক্কাইয়ালাৰ (তামিল) আৰু ড০ এন কে প্ৰসন্না, সম্পাদক, বিজ্ঞান ভেলুগু (তেলেগু)।
এই উন্মোচনে বিজ্ঞানক সমাজৰ বিস্তৃত শ্ৰেণীলৈ লৈ যোৱা আৰু এক অন্তৰ্ভুক্তিমূলক, বহুভাষিক তথা বৈজ্ঞানিকভাৱে অৱগত ভাৰতৰ দৃষ্টিভংগীক সমৰ্থন কৰাৰ দিশত চিএছআইআৰ-এনআইএছচিপিআৰৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰে। চি এছ আই আৰ-ৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱসে বিজ্ঞান, প্ৰযুক্তি আৰু ৰাষ্ট্ৰীয় উন্নয়নত সংস্থাটোৰ অৱদানৰ ৮৪ বছৰ উদযাপন কৰে।
চি এছ আই আৰ-ৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে চি এছ আই আৰ-এন আই এছ চি পি আৰ-ৰ দ্বাৰা প্ৰকাশিত পাঁচটা ভাৰতীয় ভাষাত জনপ্ৰিয় বিজ্ঞান আলোচনী উন্মোচন কৰে।


******
NKR/AK/NM/MK
(ৰিলিজ আই ডি : 2315348)
অতিথি কক্ষ : 3