প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছৰ মহিলাৰ পল ভল্টত ব্ৰঞ্জৰ পদক লাভ কৰা বাবে বাৰানিকা ইলাংগোভানক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 25 SEP 2026 9:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ প্ৰথমটো এছিয়ান গেমছত মহিলাৰ পল ভল্টত ব্ৰঞ্জৰ পদক লাভ কৰা বাবে বাৰানিকা ইলাংগোভানক অভিনন্দন জনায় আৰু ইয়াক এক বিশেষ জাঁপ তথা ভাৰতৰ বাবে এক অনুকৰণীয় পদক বুলি অভিহিত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া এক গৌৰৱপূৰ্ণ সাফল্য যিয়ে আন বহুতো উদীয়মান এথলীটক এই খেলবিধ আঁকোৱালি ল'বলৈ অনুপ্ৰাণিত কৰিব।

 

'এক্স'ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে উল্লেখ কৰে:

 

"এক বিশেষ জাঁপ আৰু ভাৰতৰ বাবে এক অনুকৰণীয় পদক!

নিজৰ প্ৰথমটো এছিয়ান গেমছত মহিলাৰ পল ভল্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে বাৰানিকা ইলাংগোভানক অভিনন্দন। এক গৌৰৱজনক সাফল্য যিয়ে আন বহুতো উদীয়মান এথলিটক এই খেলবিধ আঁকোৱালি ল'বলৈ প্ৰেৰণা যোগাব: প্ৰধানমন্ত্ৰী @narendramodi"

****

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2315214) অতিথি কক্ষ : 5